ETV Bharat / sports

11 জুনৰ পৰা আৰম্ভ হ'ব লা-লিগাৰ বাকী ৰোৱা খেল

author img

By

Published : May 25, 2020, 7:00 PM IST

মহামাৰী কৰ'ণা ভাইৰাছৰ সংকটৰ বাবে আধাতেই স্তব্ধ হৈ গৈছিল অন্যতম আগশাৰীৰ ফুটবল প্ৰতিযোগিতা স্পেনিছ লীগ অৰ্থাৎ লা-লিগাৰ খেলসমূহ । খেলুৱৈসকলে ব্যক্তিগত অনুশীলন আৰম্ভ কৰিছিল 4 মে'ৰ পৰা ।

লা লী গাৰ বাকী ৰোৱা খেল পুনৰাম্ভ হ'ব  11 জুনৰ পৰা!

নিউজ ডেস্ক, 25 মে': মহামাৰী কৰ'ণা ভাইৰাছৰ সংকটৰ বাবে স্থগিত কৰিবলগীয়া হৈছিল সকলোবোৰ ক্ৰীড়া প্ৰতিযোগিতা । সেয়ে আধাতেই স্তব্ধ হৈ গৈছিল অন্যতম আগশাৰীৰ ফুটবল প্ৰতিযোগিতা স্পেনিছ লীগ অৰ্থাৎ লা-লিগাৰ খেলসমূহ ।

আধাতেই স্তব্ধ হৈ গৈছিল স্পেনীছ লীগ
আধাতেই স্তব্ধ হৈ গৈছিল স্পেনীছ লীগ

ইপিনে, লা-লিগাৰ সভাপতি জাভিৰ টেবাছে জনোৱা মতে 11 জুনৰ পৰা লা-লিগাৰ বাকী ৰোৱা খেলসমূহ পুনৰ আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱণা আছে । তেওঁ লগতে কয় যে, প্ৰথমখন খেল ছেভিলে আৰু ৰিয়েল বেটিচৰ মাজত অনুষ্ঠিত হ'ব ।

উল্লেখ্য যে, কৰ'ণা ভাইৰাছত অধিক ক্ষতিগ্ৰস্থ দেশসমূহৰ ভিতৰত অন্যতম আছিল স্পেইনো । স্পেইনত মুঠ 2,83,000 লোকৰ দেহত COVID-19 ধৰা পৰিছিল ।

বাৰ্ছিলোনাৰ আন সতীৰ্থৰ সৈতে মহাতাৰকা মেছিৰ অনুশীলন

আনহাতে দেশখনৰ প্ৰধানমন্ত্ৰী পেড্ৰ ছানছিজে লা-লিগাৰ খেল পুনৰাম্ভ কৰিবলৈ বিগত সপ্তাহতে গ্ৰীণ ছিগনেল প্ৰদান কৰিছিল ।

খেলুৱৈ সকলে 4 মে'ৰ পৰা ব্যক্তিগত অনুশীলন আৰম্ভ কৰিছিল । আনহাতে দলীয় ভাৱে সৰ্বাধিক 10 গৰাকী খেলুৱৈক অনুশীলন কৰিবলৈ দিয়া হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.