ETV Bharat / sports

কিবু ভিকুনাক কেৰালা ব্লাষ্টাৰ্ছৰ নতুন মুখ্য প্ৰশিক্ষক নিযুক্তি - ইণ্ডিয়ান ছুপাৰ লীগ

কেৰালা ব্লাষ্টাৰ্ছ দলৰ নতুন প্ৰশিক্ষক নিযুক্তি । আই-লীগত মোহন বাগানৰ খিতাপ বিজয়ী প্ৰশিক্ষক কিবু ভিকুনাক কেৰালা ব্লাষ্টাৰ্ছ দলটোৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি ।

Kerala Blasters appoint Kibu Vicuna as head coach
Kerala Blasters appoint Kibu Vicuna as head coachKerala Blasters appoint Kibu Vicuna as head coach
author img

By

Published : Apr 23, 2020, 9:24 AM IST

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ বুধবাৰে ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আইএছএলৰ কেৰালা ব্লাষ্টাৰ্ছ দলটোৱে ঘোষণা কৰে দলটোত নিযুক্ত নতুন প্ৰশিক্ষকৰ নাম । আই-লীগৰ চেম্পিয়ন মোহন বাগানৰ প্ৰশিক্ষকৰ ভূমিকাত থকা কিবু ভিকুনাক দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্ত কৰে কেৰালা ব্লাষ্টাৰ্ছে । ইয়াৰ পূৰ্বে দলটোৰ মুখ্য় প্ৰশিক্ষকৰ ভূমিকাত আছিল ডছমেন ইল্কো স্কেটোৰিয়' । যাৰ লগত এবছৰৰ বাবে চুক্তিবদ্ধ হৈছিল ক্লাৱটোৰ । শেহতীয়াকৈ কাৰ্যকাল সমাপ্ত হোৱাৰ পাচতেই আগন্তুক সংস্কৰণৰ বাবে কিবু ভিকুনাক দলটোৰ মুখ্য় প্ৰশিক্ষৰ দায়িত্ব দিয়া হৈছে ।

টুইটাৰত টুইট যোগে এই কথা সদৰি কৰিছে কেৰালা ব্লাষ্টাৰ্ছ দলটোৰ কৰ্তৃপক্ষই । ২০১৪ চনৰ পৰাই মোহন বাগানৰ মুখ্য় প্ৰশিক্ষকৰ ভূমিকাত আছিল ভিকুনা । কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবে লক্ ডাউন ঘোষণাৰ পাচৰে পৰা বৰ্তমান কলকাতাতেই আৱদ্ধ হৈ আছে ভিকুনা ।

আনহাতে এণ্টোনিয়' লপেজ হাবাছৰ সৈতে আইএছএলৰ পৰৱৰ্তী সংস্কৰণৰ বাবে এটিকেৰ সৈতে চুক্তিবদ্ধ হৈছে মোহন বাগান । লপাজৰ তত্বাৱধানতেই তৃতীয়টো খিতাপ দখল কৰিছিল এটিকেয়ে । মোহন বাগান আৰু এটিকেৰ হৈ মুখ্য় প্ৰশিক্ষকৰ ভূমিকা পালন কৰিব লপাজে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.