স্প’ৰ্টছ ডেস্ক, 12 জুলাই : প্ৰায় অৰ্ধ শতিকাজোৰা উৎকন্ঠাৰ অৱশেষত অন্ত পৰিল ৷ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত দেওবাৰে নিশা ইটালীৰ ফুটবলৰ ইতিহাসত সংযোজন হ’ল এক নতুন অধ্যায়ৰ ৷ ১৯৬৮ চনৰ পিছত ইটালীয়ে প্ৰথমবাৰলৈ দখল কৰিবলৈ সক্ষম হয় ইউৰো কাপৰ খিতাপ । ইয়াৰ লগতে চাৰি বছৰ পূৰ্বে ছয় দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হোৱা ইটালীয়ান ফুটবল দলে নিজৰ গৌৰৱ পুনৰ স্থাপন কৰাত সক্ষম হয় ৷
ইউৰো কাপ (Euro 2020)ৰ ফাইনেলত ইটালীৰ বিৰুদ্ধে অৱৰ্তীণ হৈছিল ইংলেণ্ড ৷ শ্বাসৰুদ্ধকৰ ফাইনেল খেলখনৰ ৯০ মিনিটৰ ৰণত ১-১ গ’লত অমীমাংসিত হৈ ৰয় ৷ খেলখনত অতিৰিক্তভাৱে প্ৰথমে ৬ মিনিট আৰু পাছত ৩০ মিনিট সময় বঢ়াই দিয়া হয় ৷
ইয়াৰ পাছতে অধিক ৰোমাঞ্চকৰ হৈ পৰে খেলখন ৷ মৰণপণ যুঁজ দিয়ে দুয়োটা দলে । অতিৰিক্ত সময়তো কোনো এটা দলে গ’ল কৰিবলৈ সক্ষম নোহোৱাত পেনাল্টি শ্বুট আউট (Penalty Shootout)ৰ ব্যৱস্থা কৰা হয় ।
পেনাল্টি শ্বুট আউট (Penalty Shootout)ত ইটালীয়ে ইংলেণ্ডক ৩-২ গ'লত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে ইউৰোপীয়ান চেম্পিয়নশ্বিপ (European Championship) ৰ খিতাপ জয় কৰে ৷ পেনাল্টি শ্বুট (Penalty Shootout)ত ইটালীয়ে ৫ টাৰ বিপৰীতে ৩ টা গ’ল কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ বিপৰীতে ইংলেণ্ডে ৫ টাৰ ভিতৰত ২টা গ’লহে কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক : Wimbledon: প্ৰথমজন ভাৰতীয়-আমেৰিকান হিচাপে গ্ৰেণ্ড শ্লেমত একক খিতাপ অৰ্জন সমীৰ বেনাৰ্জীৰ