ETV Bharat / sports

ফাইনেলৰ লক্ষ্যৰে আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি

author img

By

Published : Mar 12, 2019, 1:03 AM IST

আই এছ এলত ইতিহাস ৰচনা কৰাৰ এখোজ আঁতৰত নৰ্থ ইষ্ট ইউনাইটেড এফ চি । আই এছ এলৰ পঞ্চম সংস্কৰণত নিজৰ দ্বিতীয়খন ছেমিফাইনেলত আজি জয় লাভ অথবা ড্ৰ কৰিবলৈ সক্ষম হ'লেই আই এছ এলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিব নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ।

ফাইনেলৰ লক্ষ্যৰে আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি

স্পৰ্টছ ডেস্ক, ১১ মাৰ্চঃ সোমবাৰে আই এছ এল পঞ্চমটো সংস্কৰণৰ নিজৰ দ্বিতীয়টো ছেমিফাইনেলত অৱতীৰ্ণ হ'ব নৰ্থ ইষ্ট ইউনাইটেড এফ চি বনাম বেংগালুৰু এফ চি । বেংগালুৰৰ শ্ৰী কান্তীৰেভা ষ্টেডিয়ামত ( Sree Kanteerava Stadium) ত সন্ধ্যা ৭.৩০ বজাত সম সমৰত নামিব দুয়োটা দল । ইয়াৰ পূৰ্বে গুৱাহাটীৰ ইণ্ডিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথমখন ছেমিফাইনেলত ২-১ গলত জয় লাভ কৰিবলৈ সক্ষমহৈছিল নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলটোৱে । গতিকে আজিৰ মেচখনতজয় অথবা ড্ৰ কৰিবসক্ষম হ'লেইফাইনেলত স্থান সুনিশ্চিত হ'ব নৰ্থ ইষ্ট ইউনাইটেডৰ । এতিয়া সকলো উত্তৰ পূৰ্বাঞ্চল ক্ৰীড়াপ্ৰেমীৰ আশা জয় লাভৰে ফাইনেলত স্থান লাভ কৰকনৰ্থ ইষ্ট ইউনাইটেডদলটোৱে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.