স্পৰ্টছ ডেস্ক,১৪ মাৰ্চ: শনিবাৰে অনুষ্ঠিত হয় ইণ্ডিয়ান চুপাৰ লীগ(আইএছএল)ৰ ফাইনেল খেল । এইবাৰ ফাইনেলত অৱতীৰ্ণ হৈছিল মুম্বাই চিটি এফ চি আৰু এ টি কে মোহন বাগান । ৰোমাঞ্চকৰ খেলখনত ২-১ গলত বিজয় সাব্যস্ত কৰে মুম্বাই দলে । আইএছএলৰ সপ্তম সংস্কৰণত অভিনৱ প্ৰদৰ্শনেৰে গ’ল্ডেন বুট লাভ কৰিবলৈ সক্ষম হয় ইগ'ৰ অংগুলুৱে আৰু গ’ল্ডেন গ্লোভ লাভ কৰে অৰিন্দম ভট্টাচাৰ্যই ।
ইগ'ৰ অংগুলুৱে গোৱা এফ চিৰ হৈ সমগ্ৰ ছিজনটোত ১৪ গল কৰিবলৈ সক্ষম হয় । আনহাতে মোহন বাগানৰ ফিজিয়ান খেলুৱৈ ৰয় কৃষ্ণইও ১৪ টা গ’ল কৰে যদিও সময়ৰ ব্যৱধানৰ বাবে অংগুলুৱে গ’ল্ডেন বুটৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয় । সমান্তৰালকৈ দুজন গ’লকীপাৰ মুম্বাই চিটি এফ চিৰ অমৰিন্দৰ সিং আৰু মোহন বাগানৰ অৰিন্দম ভট্টাচাৰ্যৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখিবলৈ পোৱা গৈছিল, যদিও অৱশেষত গ’ল্ডেন গ্লোভৰ খিতাপ লাভ কৰে মোহন বাগানৰ খেলুৱৈ গৰাকীয়ে ।
মোহন বাগানৰ ৰয় কৃষ্ণই দলটোক বিজয়ত সহায় কৰিবলৈ সক্ষম নহ'লেও, তেওঁৰ ১৪ টা গ’ল আৰু আঠটা সহায়ক গ’লৰ বাবে তেওঁক লীগৰ হিৰ' বঁটা প্ৰদান কৰা হয় । দলৰ শ্ৰেষ্ঠ খেলুৱৈসকলৰ ভিতৰত অন্যতম আছিল ফিজিয়ান ৰয় কৃষ্ণ । লগতে গ’ল্ডেন বুট প্ৰতিযোগিতাত ৰাণাৰ্ছ আপ আছিল খেলুৱৈগৰাকী ।
আলবাৰ্ট' নোগুয়েৰায়ে লীগৰ পাছ বঁটা লাভ কৰিবলৈ সক্ষম হয় । তেওঁ অন্যতম খেলুৱৈ আছিল যাৰ সহযোগত তেওঁৰ দল এফ চি গোৱাই ছেমি ফাইনেলত অৱতীৰ্ণ হৈছিল । নোগুয়েৰাই তেওঁৰ পক্ষত আঠটা সহায়ক গল কৰাৰ লগতে নিজাকৈ এটা গ’ল কৰিছিল ।
সমান্তৰালকৈ নৰ্থ ইষ্ট ইউনাইটেডৰ লালেংমাৱাই লাভ কৰে শ্ৰেষ্ঠ উদীয়মান খেলুৱৈৰ খিতাপ । তেওঁৰ সহায়ত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চেমি ফাইনেলত অৱতীৰ্ণ হ'বলৈ সক্ষম হয় । এই ছিজনত ২২ খন খেলত সুন্দৰ প্ৰদৰ্শন কৰা ২০ বছৰীয়া মিড ফিল্ডাৰ গৰাকীয়ে দলটোৰ হৈ ৯৩ টা টেকল আৰু ৪৬ টা বল প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছিল । দলটোৰ বাবে তেওঁ এটা গ’ল কৰিবলৈ সক্ষম হয় । তেওঁ ইতিমধ্যে ফেব্ৰুৱাৰী মাহৰ বাবে হিৰ'ৰ খিতাপ আৰু উদীয়মান খেলুৱৈৰ খিতাপ লাভ কৰিছিল ।
লগতে পঢ়ক: বিজয় হাজাৰৰেৰ ফাইনেলৰ প্ৰথম ইনিংছতে আঘাতপ্ৰাপ্ত পৃথ্বি শ্ব'