ETV Bharat / sports

আইএছএল 7 : আজি নৰ্থ ইষ্ট এফ চি বনাম মুম্বাই চিটী এফ চি - মেচ প্ৰতিদ্বন্দিতামূলক হ'ব বুলি মন্তব্য ছাৰ্জিঅ'ৰ

শনিবাৰে আইএছএলৰ মেচত মুখামুখি হ'ব নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু মুম্বাই চিটী এফ চি ৷ এই মেচ যথেষ্ট প্ৰতিদ্বন্দিতামূলক হ'ব বুলি মন্তব্য মুম্বাই এফ চিৰ প্ৰশিক্ষক ছাৰ্জিঅ' লোবেৰাৰ ৷

মুম্বাই চিটী এফ চিৰ প্ৰশিক্ষক
ছাৰ্জিঅ' লোবেৰা
author img

By

Published : Nov 21, 2020, 7:51 AM IST

স্পৰ্টছ ডেস্ক, 21 নৱেম্বৰ : শনিবাৰে আইএছএলৰ মেচত মুখামুখি হ'ব নৰ্থ ইষ্ট ইউনাইটেড এফ চি (NEUFC) আৰু মুম্বাই চিটী এফ চি (Mumbai City FC) ৷ এই মেচ যথেষ্ট প্ৰতিদ্বন্দিতামূলক হ'ব বুলি মন্তব্য কৰিছে মুম্বাই এফ চিৰ প্ৰশিক্ষক ছাৰ্জিঅ' লোবেৰাই ৷ AFC আৰু ৰাষ্ট্ৰীয় অনুজ্ঞাপত্ৰ লাভত পোনপ্ৰথমে ব্যৰ্থ হোৱা নৰ্থ ইষ্ট এফ চি আৰু মুম্বাই এফ চিয়ে আজি আইএছএলৰ সপ্তম সংস্কৰণত গোৱাৰ তিলক মৈদানত যুঁজত অৱতীৰ্ণ হ'ব ৷

লোবেৰাই কয়, "এই মেচ অলপ কঠিন হ'ব৷ যিহেতু বহুকেইটা ভাল দল আছে সেয়েহে এই ছিজন যথেষ্ট প্ৰতিদ্বন্দিতামূলক হ'ব ৷ খেলুৱৈসকলৰ সৈতে বহু পৰিশ্ৰম কৰিছো৷ ছিজনৰ অন্তত, আমাৰ প্ৰদৰ্শনক লৈ আমাৰ অনুৰাগীসকল সুখী হোৱা উচিত ৷"

43 বৰ্ষীয় প্ৰশিক্ষকগৰাকীয়ে লগতে কয়, "আমি আক্ৰমণাত্মক ফুটবল খেলো ৷ কিন্তু অতি কম সময়ৰ ভিতৰত এয়া সম্পূৰ্ণ হৈ নুঠিব পাৰে ৷ এয়া এক প্ৰত্যাহ্বান আৰু আমি বিভিন্ন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব ৷"

যোৱা ছিজনত নৱম স্থান দখল কৰাৰ পাচত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে দলটোত কিছু সালসলনি ঘটাইছে আৰু 19 জন নতুন খেলুৱৈক স্বাক্ষৰিত কৰিছে ৷ বিদেশী খেলুৱৈ আৰু ভাৰতীয় যুৱ প্ৰতিভাৰ সংমিশ্ৰণ ঘটিছে দলটোত ৷ NEUFC ৰ প্ৰশিক্ষক জেৰাৰ্ড নুছে কয়, "আমি মেচ প্ৰতিদ্বন্দিতামূলক আৰু শক্তিশালী হোৱাটো বিচাৰো ৷ আমি এনে এটা দল হ'ব বিচাৰো যি যুঁজি যোৱাৰ লগতে হাৰ নামানে ৷"

উল্লেখ্য যে, দলটোৱে যোৱা ছয়টা ছিজনৰ এটাতহে প্লে' অফত প্ৰৱেশৰ যোগ্যতা অৰ্জন কৰিছে ৷ এই সম্পৰ্কত জেৰাৰ্ডে কয়, "মুম্বাই দলৰ শক্তি সম্পৰ্কত আমি জানো৷ আমি নিজৰ ওপৰত মনোনিবেশ কৰিছো ৷"

লগতে পঢ়ক : আই এচ এল 2020-21ঃ নতুন স্বাভাৱিক ভাৰতত ফুটবলে লৈছে মুখ্য মঞ্চ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.