স্পৰ্টছ ডেস্ক, ১৯ জুলাই : ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইছুং ভূটীয়াই ভাৰতীয় দলটোৰ বিশ্বকাপ ফুটবল, ২০২২ কোৱালিফায়িং সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে । তেওঁ মন্তব্য কৰা অনুসৰি, ভাৰতীয় দলটোৱে বিশ্বকাপ, ২০২২ ৰ কোৱালিফায়িঙৰ পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে । উল্লেখ্য যে, ভাৰতে গ্ৰুপ E ত কাটাৰ, অ'মান, বাংলাদেশ আৰু আফগানিস্তানৰ সৈতে স্থান লাভ কৰিছে । তেওঁ দলটোৰ সন্দৰ্ভত বিশ্বাস প্ৰদৰ্শন কৰি কয় যে, প্ৰত্যকখন মেচেই কঠিন হ'ব যদিও দলে ভাল প্ৰদৰ্শন আগবঢ়ালে পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, ভাৰতীয় দলটোৰ মূখ্য প্ৰশিক্ষক ইগৰ ষ্টিমেকে ইন্টাৰকন্টিনেন্টেল কাপক বিশ্বকাপ কোৱালিফায়াৰ্ছৰ প্ৰস্তুতি হিচাপে গণ্য কৰিছে । ভাৰতে প্ৰথম দুখন মেচত তাজিকিস্তান আৰু কোৰিয়াৰ হাতত পৰাস্ত হোৱাৰ উপৰি ছিৰিয়াৰ বিৰুদ্ধে ড্ৰ' খেলিছে ।
