ETV Bharat / sports

ভাৰতৰ প্ৰাক্তন ফুটবল অধিনায়ক ছুনী গোস্বামীৰ মৃত্যু

ছুনী গোস্বামীৰ নেতৃত্বত ভাৰতে 1962 চনৰ এছিয়ান গেম্ছমত সোণৰ পদক লাভ কৰিছিল । আনহাতে 1964 চনৰ এচিয়া কাপত ৰানাৰ্চ আপ হৈছিল ।

author img

By

Published : May 1, 2020, 10:02 AM IST

ভাৰতৰ প্ৰাক্তন ফুটবল অধিনায়ক ছুনী গোস্বামীৰ মৃত্যু
ভাৰতৰ প্ৰাক্তন ফুটবল অধিনায়ক ছুনী গোস্বামীৰ মৃত্যু

নিউজ ডেস্কঃ ভাৰতৰ প্ৰাক্তন তাৰকা ফুটবলাৰ তথা অধিনায়ক ছুনী গোস্বামীৰ বৃহস্পতিবাৰে মৃত্যু হয় । বাৰ্দ্ধক্যজনিত কাৰণত কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত খেলুৱৈ গৰকীৰ 82 বছৰ বয়সত মৃত্যু হয় ।

Chuni Goswami passes away
ছুনী গোস্বামী

পৰিয়ালৰ লোকে অৱগত কৰা অনুসৰি শ্বাস-প্ৰশ্বাস জনিত সমস্যাত ভুগি আবেলি 5 বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

1962 চনত এচিয়ান গেম্ছত ফুটবলৰ সোণৰ পদক বিজয়ী দলৰ অধিনায়ক আছিল খেলুৱৈ গৰাকী । আনহাতে 1964 চনৰ এচিয়া কাপত ৰানাৰ্চ আপ হ'বলৈ সক্ষম হৈছিল তেওঁৰ নেতৃত্বতেই । লগতে ছুনী গোস্বামীয়ে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটতো পশ্চিম বংগৰ হৈ প্ৰতিনিধিত্ব কৰিছিল । 1954 চনৰ পৰা 1964 লৈ ভাৰতীয় ৰাষ্ট্ৰীয় ফুটবল দলত তেওঁ 50 খন মেচ খেলিছিল ।

প্ৰাক্তন ফুটবল অধিনায়ক ছুনী গোস্বামী
প্ৰাক্তন ফুটবল অধিনায়ক ছুনী গোস্বামী

ক্ৰিকেটাৰ হিচাপে পশ্চিমবংগৰ হৈ গোস্বামীয়ে 1962 চনৰ পৰা 1973 লৈ 46 খন প্ৰথম শ্ৰেণীৰ খেলত অংশ লয় ।

গোস্বামীয়ে মোহন বাগানৰ জাৰ্চী দান কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.