ETV Bharat / sports

তিনিৰ সলনি পাঁচজন বিকল্প খেলুৱৈৰ প্ৰস্তাৱ ফিফাৰ - fifa

কৰ'ণা ভাইৰাছৰ ফলত আধাতে স্তব্ধ হৈ ৰৈছে বহু ফুটবল প্ৰতিযোগিতা । যাৰ বাবে আগন্তুক সময়ত বাকী ৰৈ যোৱা ফুটবল মেচসমূহ অতি কম দিনৰ ব্যৱধানত আয়োজন কৰাক লৈ চিন্তা বাঢ়িছে ফিফাৰ । ইয়াৰ ফলত উদ্ভৱ হ'ব পৰা খেলুৱৈৰ আঘাতৰ বিষয়টোও দৃষ্টিগোচৰ কৰিয়ে ফিফাই আগবঢ়াইছে এক অস্থায়ী প্ৰস্তাৱ । পূৰ্বৰ তিনিজন বিকল্প খেলুৱৈৰ পৰিৱৰ্তে পাঁচজন বিকল্প খেলুৱৈৰ অনুমতি প্ৰদানৰ প্ৰস্তাৱ দিছে ফিফাই ।

FIFA proposes use of five substitutions to help with fixture congestion

author img

By

Published : Apr 28, 2020, 4:10 PM IST

স্পৰ্টছ ডেস্ক, ২৮ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ ফলত বৰ্তমান অন্যান্য ক্ৰীড়াৰ লগতে স্তব্ধ হৈ পৰিছে বহু ফুটবল প্ৰতিযোগিতাৰ মেচ । ফলত আগন্তুক দিনত অতি কম সময়ৰ ভিতৰত বাকী থকা মেচসমূহ আয়োজন কৰাৰ এক বৃহৎ সমস্যা আহি পৰিছে ফিফাৰ সন্মুখত । আনহাতে অতি কম সময়ৰ ভিতৰত অধিক মেচ অনুষ্ঠিত কৰাকলৈ খেলুৱৈৰ সকলৰ প্ৰতি উদ্ভৱ হ'ব পৰা আঘাতৰ বিষয়টোও দৃষ্টিগোচৰ কৰি ফিফাই শেহতীয়াকৈ পোষকতা কৰিছে পাঁচগৰাকী বিকল্প খেলুৱৈৰ ব্যৱহাৰৰ নিয়ম ।

ফিফা
ফিফা

সোমবাৰে ফিফাই এই অস্থায়ী পৰিকল্পনাৰ কথা উল্লেখ কৰি কয়, আগন্তুক সময়ত ফুটবল মেচ সমূহ অনুষ্ঠিত কৰাৰ লগে-লগে অধিক কাৰ্যভাৰৰ ফলত খেলুৱৈ সকলৰ ওপৰত আঘাতৰ সমস্যা অত্যাধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । যাৰ বাবে খেলুৱৈক আঘাতৰ পৰা ৰক্ষা কৰিবলৈ পাঁচগৰাকী বিকল্প খেলুৱৈৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন বুলি উল্লেখ কৰে ।

ইয়াৰ জৰিয়তে টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰা দল সমূহে তিনিজনৰ পৰিৱৰ্তে পাঁচজন বিকল্প খেলুৱৈক নিৰ্ধাৰিত সময়ত (৯০ মিনিটত) আৰু ষষ্ঠজনক অতিৰিক্ত সময়ত ব্য়ৱহাৰৰ অনুমতি লাভ কৰিব ।

ফিফাই এক বিবৃতিত কৈছিল, আমাৰ চিন্তা হৈছে কম সময়ৰ ভিতৰত অধিক মেচ অনুষ্ঠিত কৰাৰ ফলত খেলুৱৈ সকলৰ ওপৰত উদ্ভৱ হ'ব পৰা আঘাতৰ সমস্যা ।

আগন্তুক সময়ত ফুটবল প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পাচত মানচেষ্টাৰ চিটিৰ দৰে ক্লাৱে ১৯ খন মেচত অংশগ্ৰহণ কৰিব লাগিব । ইয়াৰে মাজত ১০ খন মেচ হৈছে প্ৰিমিয়াৰ লীগৰ । ইয়াৰ বিপৰীতে জুভেন্টাছে ২০ খন মেচত অৱতীৰ্ণ হ'ব লাগিব ।

বৰ্তমান এই প্ৰস্তাৱ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় ফুটবল এশ্ব'ছিয়েচন বোৰ্ড (IFAB) ৰ সমৰ্থনৰ প্ৰয়োজন । অৱশ্যে এই অনুমতি কেৱল এতিয়া অনানুষ্ঠানিক মাত্ৰ । কাৰণ এই বোৰ্ডত ইতিমধ্য়ে ফিফাৰ অধিকাৰী সহ চাৰিগৰাকী ব্ৰিটিছ ৰাষ্ট্ৰীয় মহাসংঘৰ লোক অন্তৰ্ভুক্ত হৈ আছে ।

এই নীতি প্ৰৱৰ্তন হ'লে ২০২১ বৰ্ষৰ ডিচেম্বৰ মাহলৈ অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় দলৰ খেল সমূহতো ই প্ৰযোজ্য হ'ব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.