ETV Bharat / sports

ফিফাৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব নেকি মেছী ! - লিয়নেল মেছী

বাৰ্চিলোনা ফুটবল ক্লাৱ ত্যাগৰ জল্পনা-কল্পনা আৰ্জেণ্টিনাৰ প্ৰতিভাৱান তাৰকা ফুটবলাৰ লিয়নেল মেছীৰ ৷ ইতিমধ্যে ক্লাৱৰ পৰাও সদৰি কৰা হৈছে এই কথা ৷ কিন্তু ইয়াৰ মাজতেই মেছীলৈ নামি আহিছে সংকট ৷

FIFA CAN BAN MESSI FOR LEAVING BARCELONA

author img

By

Published : Aug 27, 2020, 3:53 PM IST

স্পৰ্টছ ডেস্ক, 27 আগষ্ট: ক্ৰমাৎ স্পষ্ট হৈছে আৰ্জেণ্টিনাৰ প্ৰতিভাৱান তাৰকা ফুটবলাৰ লিয়নেল মেছীৰ বাৰ্চিলোনা ফুটবল ক্লাৱ ত্যাগ কৰাৰ খবৰ ৷ ক্লাৱটোৰ ফালৰ পৰাও খেলুৱৈগৰাকীয়ে ফেক্সযোগে ক্লাৱ ত্যাগ কৰাৰ কথা উল্লেখ কৰা বুলি সদৰি কৰে ৷ কিন্তু বাৰ্চিলোনা ক্লাৱটোৰ ফালৰ পৰা খেলুৱৈগৰাকী ক্লাৱটোৰ সৈতে জড়িত হৈ থকাৰ ইচ্ছা প্ৰকাশ কৰিছে ৷ গতিকে ক্লাৱটোৱে যদি মেছীক অব্যাহতি দিয়াৰ বাবে সহমত পোষণ নকৰে তেন্তে ফিফাৰ নিষেধজ্ঞাৰ সন্মুখীন হ’ব পাৰে খেলুৱৈগৰাকী ৷

মেছীৰ নিষেধাজ্ঞাৰ বিষয়টো ইমানেই গুৰুতৰ হৈ পৰিছে যে, তেওঁৰ ওপৰত নিষেধাজ্ঞা স্থিতি অধিক প্ৰকট হৈ পৰিছে ৷ যাৰ বাবে ক্লাৱটোৰ ফালৰ পৰাও খেলুৱৈগৰাকীক প্ৰত্যক্ষ ভাৱে ট্ৰান্সফাৰ দিয়াৰ সম্ভাৱনা নিচেই ক্ষীণ ৷

FIFA CAN BAN MESSI FOR LEAVING BARCELONA
লিয়নেল মেছী

স্পৰ্টছৰ এগৰাকী অধিবক্তাই এই বিষয় সন্দৰ্ভত এক মিডিয়া হাউচত দিয়া মন্তব্যত কয় যে, মেছী আৰ্জেণ্টিনাৰ হৈ খেলে আৰু তেওঁ তাৰেই নিৱাসী ৷ সেইবাবে তেওঁৰ বিষয়টো স্পেনিছ নীতি বা ইংলিছ আইনৰ সলনি ফিফাৰ আইনৰ হে অন্তৰ্গত ৷ যদিহে ক্লাৱে তেওঁক ট্ৰান্সফাৰ নিদিয়ে তেন্তে খেলুৱৈ আৰু ক্লাৱ দুয়ো পক্ষই কৰ্ট অফ অৰ্বিট্ৰেশ্বনলৈ অগ্ৰসৰ হ’ব পাৰে ৷ য’ত সচৰাচৰ এনে ধৰণৰ ঘটনাৰ বিচাৰ-বিবেচনা কৰা হয় ৷

তেওঁ ইয়াৰ লগতে কয় যে, মেছীয়ে আন এক ধৰণে বাৰ্চিলোনা ক্লাৱ ত্যাগ কৰিব পাৰে সেইটো হৈছে তেওঁ প্ৰত্যক্ষ ভাৱে ক্লাৱলৈ অনুৰোধ কৰিব পাৰে ক্লাৱে স্ব-ইচ্ছা অনুসৰি তেওঁক অব্যাহতি দিয়াৰ কথা ৷ কিন্তু এই বিকল্প পথ তেওঁৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে ৷

মেছীৰ কেৰিয়াৰৰ পৰিসংখ্যা
মেছীৰ কেৰিয়াৰৰ পৰিসংখ্যা

সচৰাচৰ ফিফাই খেলুৱৈয়ে ক্লাৱ ত্যাগ কৰাৰ সিদ্ধান্তক সমৰ্থন জনায় ৷ কিন্তু ক্লাৱে যদি আগবাঢ়ি আহি নিজৰ মতামত শুদ্ধ প্ৰতিপন্ন কৰিবলৈ সমৰ্থ হয় তেন্তে সকলো লোকচানৰ ব্যয় বহন কৰিব লাগিব খেলুৱৈগৰাকীয়ে ৷ লগতে ফিফাৰ নিয়ম অনুসৰি কিছু সময়ৰ বাবে নিষেধাজ্ঞাৰো সন্মুখীন হ’বলগীয়া হ’ব পাৰে খেলুৱৈগৰাকী ৷ গতিকে ফিফাৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে তাৰকা ফুটবলাৰ লিয়নেল মেছী ৷

উল্লেখ্য যে, চেম্পিয়ন লীগৰ কোৱাৰ্টাৰ ফাইনেলত বেয়ার্ন মিউনিখে বাৰ্চিলোনাক 8-2 ৰে পৰাজিত কৰাৰ 11 দিনৰ পাছতে মেছীয়ে দল ত্যাগ কৰাৰ কথা পোহৰলৈ আহিছিল ৷

লগতে চাওক-বাৰ্চিলোনাৰ সংগ এৰিব বিশ্ব বিখ্যাত ফুটবলাৰ লিয়নেল মেছীয়ে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.