ETV Bharat / sports

আৰ্জেন্টিনাৰ ফুটবল কিংবদন্তি ডিয়েগো মাৰাডোনাৰ মৃত্যু - হৃদৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে মাৰাডোনাই

Diego Maradona passes away
আৰ্জেন্টিনাৰ ফুটবল তাৰকা ডিয়েগো মাৰাডোনাৰ মৃত্যু
author img

By

Published : Nov 25, 2020, 10:19 PM IST

Updated : Nov 25, 2020, 10:50 PM IST

22:12 November 25

60 বছৰ বয়সত মৃত্যু মাৰাডোনাৰ

স্পৰ্টছ ডেস্ক, 25 নৱেম্বৰ : আৰ্জেন্টিনাৰ ফুটবল কিংবদন্তি ডিয়েগো মাৰাডোনাই বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৷ 60 বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে মাৰাডোনাই ৷ উল্লেখ্য যে, মগজুত ৰক্তক্ষৰণ হোৱাৰ ফলত দুসপ্তাহ পূৰ্বে চিকিৎসাধীন হৈছিল ডিয়েগো মাৰাডোনা ৷ কিন্তু চিকিৎসালয় এৰাৰ দুসপ্তাহৰ পাচতে নিজ বাসগৃহত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটে ফিফা বিশ্বকাপ বিজয়ী প্ৰাক্তন ফুটবলাৰগৰাকীয়ে ৷ 

নৱেম্বৰত 60 বছৰীয়া জন্মদিন পালনৰ পাচতে চিকিৎসাধীন হ'বলগা হৈছিল মাৰাডোনা ৷ মগজুত ৰক্তক্ষৰণ হৈছিল যদিও চিকিৎসকে সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল ৷ 

উল্লেখ্য যে, 16 বছৰ বয়সতে আৰ্জেন্টিনো জুনিয়ৰ্ছৰ জৰিয়তে ফুটবল কেৰিয়াৰৰ আৰম্ভণি কৰিছিল মাৰাডোনাই ৷ ফুটবল জগতৰ অন্যতম মহান আৰু সফলতম খেলুৱৈ হিচাপে পৰিগণিত হৈছিল মাৰাডোনা ৷   

ইয়াৰ পাচত বোকা জুনিয়ৰ্ছ, বাৰ্ছিলোনা, নাপোলি, ছেভিলা আৰু নেৱেলৰ অল্ড বয়জক প্ৰতিনিধিত্ব কৰিছিল মাৰাডোনাই ৷ 1986 চনত আৰ্জেন্টিনা ফুটবল দলক দ্বিতীয়টো বিশ্বকাপ জয়ৰ সোৱাদ দিয়াত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল মাৰাডোনাই ৷ ৰেচিং ক্লাব, ডৰাডোছ, জিমনাছিয়া আৰু আৰ্জেন্টিনাৰ ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক হিচাপে নিযুক্ত হৈছিল ফুটবলৰ কিংবদন্তীগৰাকী ৷  

লগতে পঢ়ক : ভাৰত-অষ্ট্ৰেলিয়া ছিৰিজত তিৰস্কাৰ নহয়, চুপতিৰ স্থানহে আছে : জাষ্টিন লেংগাৰ

Last Updated : Nov 25, 2020, 10:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.