ETV Bharat / sports

জৰ্জ ফ্লয়েডৰ হত্য়াৰ প্ৰতিবাদ কৰা খেলুৱৈক শাস্তি বিহা নহয় : DFB

author img

By

Published : Jun 4, 2020, 1:31 PM IST

শেহতীয়াকৈ আমেৰিকাত বৰ্বৰ ভাবে হত্যা কৰা হৈছিল জৰ্জ ফ্লয়েড নামৰ এজন কৃষ্ণাংগ বৰণ লোকক । ক্ৰীড়া জগততো দেখা গৈছিল এই হত্যাকাণ্ডৰ ব্য়াপক প্ৰতিবাদ । বুধবাৰে খেলুৱৈৰ এনে প্ৰতিবাদৰ বাবে খেলুৱৈক শাস্তি বিহা নহয় বুলি স্পষ্ট কৰে জাৰ্মান ফুটবল ফেডাৰেচন চমুকৈ DFB য়ে । বৰ্ণ-বৈষম্যবাদ বাৰ্তা প্ৰেৰণ ফেডাৰেচনৰ নিজা এক নীতি বুলিও উল্লেখ কৰা হয় ফেডাৰেচনৰ ফালৰ পৰা ।

DFB won't punish players for George Floyd protests

স্পৰ্টছ ডেস্ক, 4 জুনঃ খেলৰ মাজত বৰ্ণ-বৈষম্যবাদৰ বিৰোধীতা কৰি জৰ্জ ফ্লয়েডৰ হত্যাৰ প্ৰতিবাদ কৰা খেলুৱৈৰ ওপৰত কোনো ধৰণৰ শাস্তিমূলক ব্য়ৱস্থা গ্ৰহণ কৰা নহয় বুলি বুধবাৰে সদৰি কৰিছে জাৰ্মান ফুটবল ফেডাৰেচন চমুকৈ DFB য়ে ।

যোৱা 25 মে'ত আমেৰিকাত বৰ্বতাৰে হত্যা কৰা হৈছিল জৰ্জ ফ্লয়েড নামৰ এগৰাকী কৃষ্ণাংগ বৰণ লোকক । আমেৰিকাৰ শ্বেত মিনিয়াপলিছ আৰক্ষীৰ দ্বাৰা আঁঠুৰে ডিঙিত হেঁচি-হেঁচি বৰ্বতাৰে হত্যা কৰা হৈছিল লোকজনক ।

এই ঘটনাৰ পাচতেই ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছিল ছ'চিয়েল মিডিয়াৰ লগতে আমেৰিকাত । আনকি ক্ৰীড়া জগততো দেখা পোৱা গৈছিল ইয়াৰ ব্যাপক প্ৰতিবাদ । স্পেনিছ লীগতো তাৰে প্ৰতিফলন দেখা পোৱা গৈছিল । বহু ফুটবল খেলুৱৈয়ে জাষ্টিছ ফৰ জৰ্জ ফ্লয়েড বাৰ্তাপ্ৰেৰণ কৰি সাব্য়স্ত কৰিছিল নিজৰ প্ৰতিবাদ ।

এই ঘটনা সন্দৰ্ভতেই শেহতীয়াকৈ ফেডাৰেচনৰ পৰা স্পষ্ট কৰা হৈছে যে, খেল পথাৰত খেলুৱৈৰ দ্বাৰা বৰ্ণ বৈষম্যবাদ বিৰোধিতা কৰি বাৰ্তা প্ৰেৰণ কৰা আচৰণ তথা কাৰ্যৰ বিৰুদ্ধে কোনো ধৰণৰ বিহিত ব্য়ৱস্থা গ্ৰহণ কৰা নহয় । কাৰণ বৰ্ণ বৈষম্যবাদ বিৰোধিতাৰ বাৰ্তা প্ৰচাৰ কৰা ফেডাৰেচনৰো এটা নিজাববীয়া নীতি । বুধবাৰে ফেডাৰেচনৰ সভাপতি ফ্ৰিটজ কেলাৰে সদৰি কৰে এই কথা ।

উল্লেখ্য যে, চলিত বুণ্ডেছলীগাৰ মেচ সমূহত আশ্ৰাফ হাকিমি, জাডন সাঞ্চো, ৱেষ্টটন মেক্কেনি, মাৰ্কাছ থুৰামে এই ঘটনাৰ ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.