স্পৰ্টছ ডেস্ক,15 অক্টোবৰ : পৰ্টুগালৰ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰ'নাল্ডোৱে সংগ্ৰহ কৰিছে কেৰিয়াৰৰ 700 সংখ্যক গ'ল ৷ ইয়াৰ জৰিয়তে ফুটবল ইতিহাসৰ 700 টাকৈ গ'ল সংগ্ৰহ কৰা ষষ্ঠজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে ৰ'নাল্ডো ৷ ইউৰো, 2020 কোৱালিফায়িং মেচত ইউক্ৰেইনৰ বিৰুদ্ধে এই সাফল্য লাভ কৰে পটুৰ্গালৰ 34 বৰ্ষীয় তাৰকা ফুটবলাৰগৰাকীয়ে ৷ পাঁচবাৰৰ বেলন ডি'অৰ জয়ী ফুটবলাৰগৰাকীয়ে ইউক্ৰেইনৰ বিৰুদ্ধে 72 মিনিটত এক পেনাল্টিৰ জৰিয়তে এই সফলতা অৰ্জন কৰে ৷
উল্লেখ্য যে,তেওঁৰ পূৰ্বে জাৰ্মানীৰ ষ্ট্ৰাইকাৰ জেৰাৰ্ড মূলাৰ,হাংগেৰীৰ ফেৰেঙ্ক পুছকাছ,ব্ৰাজিলৰ পেলে আৰু ৰোমাৰিঅ',চেক গণৰাজ্যৰ জোছেফ বিকানেই 700 টাকৈ গ'ল কৰাৰ ক্লাৱত প্ৰৱেশ কৰিছিল ৷ বৰ্তমানেও সক্ৰিয় খেলুৱৈ হিচাপে লিয়নেল মেছীয়ো অতি সোনকালেই এই ক্লাৱত প্ৰৱেশ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ বৰ্তমান মেছীৰ দখলত আছে 672 টাকৈ গ'ল আছে ৷
18 বছৰ বয়সত আন্তৰাষ্ট্ৰীয় ফুটবলত আত্মপ্ৰকাশ ঘটাইছিল ক্ৰিষ্টিয়ানো ৰ'নাল্ডোৱে ৷ ইউৰো, 2004ত তেওঁ কেৰিয়াৰৰ প্ৰথমটো গ'ল কৰিছিল ৷ পৰ্টুগালৰ হৈ ৰনাল্ডোয়ে সৰ্বমুঠ 95 টাকৈ গ'ল প্ৰদান কৰিছে ৷