স্পৰ্টছ ডেস্ক, 5 জুনঃ কৰ ফাঁকি আৰু ছয় মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ এজন প্ৰখ্যাত ফুটবলাৰক । ক্ৰীড়াজগতৰ পৰা আহিছে এক ডাঙৰ খবৰ । কৰ ফাঁকিৰ অপৰাধত জৰিমনা সহ ছয় মাহৰ কাৰাদণ্ড বিহা হ'ল এথলেটিক' মাদ্ৰিডৰ তাৰকা ফুটবলাৰ ডিয়েগ' কষ্টাক । প্ৰায় এক মিলিয়ন ইউৰোৰ কৰ ফাঁকি কথা স্বীকাৰ খেলুৱৈগৰাকীৰ । এই অপৰাধত খেলুৱৈগৰাকীক 543,208 ইউৰো জৰিমনা বিহাৰ লগতে ছয় মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ প্ৰদান ন্যায়ালয়ৰ ।
-
⏳ Let the countdown begin! ⌛️
— LaLiga English (@LaLigaEN) May 31, 2020 " class="align-text-top noRightClick twitterSection" data="
RT 🔁 if you're excited for the return of #LaLigaSantander on June 11th.#BackToWin
">⏳ Let the countdown begin! ⌛️
— LaLiga English (@LaLigaEN) May 31, 2020
RT 🔁 if you're excited for the return of #LaLigaSantander on June 11th.#BackToWin⏳ Let the countdown begin! ⌛️
— LaLiga English (@LaLigaEN) May 31, 2020
RT 🔁 if you're excited for the return of #LaLigaSantander on June 11th.#BackToWin
অৱশ্যে খেলুৱৈ তথা তেওঁৰ অনুৰাগীৰ বাবে আছে এটা সুঃখবৰ যে, স্পেনিছ আইনৰ অধীনত কাৰাৱাসৰ সন্মুখীন হোৱাৰ পৰা ৰক্ষা পৰিব খেলুৱৈগৰাকী । কাৰণ স্পেনিছ আইনৰ অধীনত প্ৰথমবাৰৰ বাবে যদি অ-হিংসাত্মক অপৰাধত যদি দুই বছৰৰ তলত শাস্তি বিহা হয় কোনো লোকক তেন্তে আইন অনুসৰি জৰিমনা বিহি কাৰাৱাসৰ পৰা হাত সাৰিব পাৰে লোকজনে ।
বৃহস্পতিবাৰে খেলুৱৈগৰাকীয়ে নিজৰ অপৰাধ স্বীকাৰ কৰাৰ পাচতেই কাৰাদণ্ডৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল । এই কৰ ফাঁকি ঘটনা জড়িত আছিল খেলুৱৈগৰাকীয়ে 2014 চনত ছেলছী দললৈ স্থানান্তৰ কৰা সময়ছোৱাত । বৰ্তমানে কৰ ফাঁকি দিয়া খেলুৱৈৰ তালিকাত লিয়নেল মেছী, ক্ৰিষ্টিয়ানো ৰ'নাল্ডো আদিৰ দৰে প্ৰখ্যাত তাৰকাৰ সৈতে নাম সন্নিৱিষ্ট খাইছে ডিয়াগ' কষ্টাৰ ।