ETV Bharat / sports

World Cup 2023: এইবাৰ বিশ্বকাপত দেখা যাব এই ৫ গৰাকী যুৱ খেলুৱৈক

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 6:30 PM IST

প্ৰতিটো বিশ্বকাপতে একাংশ যুৱ খেলুৱৈয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে । এইবাৰো ৫ গৰাকী যুৱ খেলুৱৈয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সাজু হৈছে । বিশ্বকাপত অংশগ্ৰহণ কৰিবলগীয়া আটাইতকৈ কম বয়সীয়া এই খেলুৱৈকেইগৰাকী কোন ?

World Cup 2023
এইবাৰ বিশ্বকাপত দেখা যাব এই ৫ গৰাকী যুৱ খেলুৱৈক

স্পৰ্টছ ডেস্ক,১ অক্টোবৰ : আইচিচি বিশ্বকাপ ২০২৩ আৰম্ভ হ'বলৈ মাত্ৰ ৪ দিন বাকী আছে । ক্ৰিকেট অনুৰাগীসকলৰ লগতে খেলুৱৈসকলৰ মাজত ব্যাপক কৌতূহলৰ সৃষ্টি হৈছে । এইবাৰ ভাৰতে বিশ্বকাপ আয়োজন কৰিছে । সকলো দল বিশ্বকাপ ২০২৩ ৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত আৰু বিশ্বকাপৰ পূৰ্বে দুখনকৈ অনুশীলন খেল খেলি আছে । ক্ৰিকেটত প্ৰায়ে যুৱ খেলুৱৈসকলে নতুন শক্তিৰে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় । খুব কম বয়সতে বিশ্বকাপৰ বাবে নিৰ্বাচিত হোৱা বহু যুৱক আছে আৰু তেওঁলোকে ক্ৰিকেটৰ জৰিয়তে বিশ্ববাসীৰ মন জয় কৰিবলৈও সক্ষম হয় । আজি আমি আপোনাক আইচিচি বিশ্বকাপ ২০২৩ত খেলি থকা ৫ গৰাকী কনিষ্ঠতম খেলুৱৈৰ বিষয়ে জনাব বিচাৰিছো ।

নুৰ আহমেদ : আফগানিস্তানৰ নুৰ আহমেদ ২০২৩ চনৰ বিশ্বকাপৰ বাবে আটাইতকৈ কম বয়সীয়া খেলুৱৈ । তেওঁৰ বয়স মাত্ৰ ১৮ বছৰ ২৫৩ দিন । ১৮ বছৰীয়া নুৰ আহমেদক আইপিএল ২০২৩ ত গুজৰাট টাইটানছৰ হৈ খেলা দেখা পোৱাৰ সময়ত বিশ্বৰ চকু তেওঁৰ ওপৰত পৰিছিল । নুৰে সমগ্ৰ বিশ্বৰ ক্ৰিকেট লীগসমূহত অংশগ্ৰহণ কৰিছে । নুৰে এতিয়ালৈকে আফগানিস্তানৰ হৈ ৩ খন এদিনীয়া আৰু ১ খন টি-২০ খেলত মুঠ ৬ টা উইকেট দখল কৰিছে । নুৰ আৰু আফগানিস্তানৰ তাৰকা স্পিনাৰ ৰাছিদ খান একেলগে বিশ্বকাপ ২০২৩ ৰ অংশ হ'ব । নুৰ আৰু ৰাছিদৰ আইপিএলত ভাৰতীয় পিটছৰ অভিজ্ঞতাও আছে । সেয়েহে এই দুয়োজনৰ যুটিটো টাৰ্ণিং পিটছত বেটছমেনসকলৰ বাবে প্ৰত্যাহ্বান হ'ব পাৰে । তেওঁলোকৰ প্ৰদৰ্শন আফগানিস্তানৰ বাবে গুৰুত্বপূৰ্ণ হ'ব ।

আৰিয়ান দত্ত : আৰিয়ান দত্ত আইচিচি বিশ্বকাপ ২০২৩ ত খেলিবলগীয়া দ্বিতীয়গৰাকী যুৱ ফাষ্ট বলাৰ হ'ব । নেডাৰলেণ্ডৰ বাঁওহাতৰ বলাৰ আৰিয়ানৰ বয়স মাত্ৰ ২০ বছৰ ১১৮ দিন । তেওঁ ২০২১ চনত স্কটলেণ্ডৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল । আৰিয়ানে নেডাৰলেণ্ডৰ হৈ ২৫ খন এদিনীয়া আৰু ৫ খন টি-২০ খেল খেলিছে । আৰিয়ানে ২৫ খন এদিনীয়াত ৫.১৭ৰ ইকনোমিৰে ২০ টা উইকেট দখল কৰিছে । এই সময়ছোৱাত তেওঁ ৯৬৫ ৰাণ দিছে । এদিনীয়াত ৩১ ৰাণত ৩ টা উইকেট তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ।

ৰিয়াজ হাছান : বিশ্বকাপ ২০২৩ ত খেলা আটাইতকৈ কম বয়সীয়া খেলুৱৈসকলৰ ভিতৰত ৰিয়াজ হাছান তৃতীয়গৰাকী খেলুৱৈ । তেওঁৰ বয়স ২০ বছৰ ৩১০ দিন । ৰিয়াজ হৈছে আফগানিস্তানৰ সোঁহাতৰ বেটছমেন যি সচৰাচৰ শীৰ্ষ ক্ৰমত খেলে । তেওঁ ২০২২ চনৰ জানুৱাৰীত নেডাৰলেণ্ডৰ বিৰুদ্ধে এখন খেলৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰিছিল । ৰিয়াজে এতিয়ালৈকে আফগানিস্তানৰ হৈ ৪ খন এদিনীয়া খেলিছে । য'ত তেওঁ ৩০ গড়ত আৰু ৬৮ ষ্ট্ৰাইক ৰেটত ১২০ ৰাণ সংগ্ৰহ কৰিছে । তাৰ ভিতৰত আছে এটা অৰ্ধ-শতক । ৰিয়াজে এতিয়ালৈকে তেওঁৰ দলৰ হৈ দীঘলীয়া ইনিংছ খেলিব পৰা নাই । কিন্তু আফগানিস্তানে আশা কৰে যে ৰিয়াজে নিশ্চিতভাৱে বিশ্বকাপত দলটোৰ হৈ এক দীঘলীয়া ইনিংছ খেলিবলৈ সক্ষম হ'ব ।

তানজিম হাছান চাকিব : বাংলাদেশৰ সোঁহাতৰ ফাষ্ট বলাৰ তানজিম হাছান চাকিব হৈছে আইচিচি বিশ্বকাপ ২০২৩ত খেলা চতুৰ্থগৰাকী কনিষ্ঠতম ক্ৰিকেটাৰ । তেওঁৰ বয়স ২০ বছৰ আৰু ৩৪১ দিন । চাকিবে এতিয়ালৈকে বাংলাদেশৰ হৈ দুখন মেচত বলিং কৰিছে, য'ত তেওঁ দুটা উইকেটৰ সৈতে ৫৭ ৰাণ দিছে । চাকিবে এছিয়া কাপত ভাৰতৰ বিৰুদ্ধে এদিনীয়া খেলত আত্মপ্ৰকাশ কৰিছিল আৰু এতিয়া ২০২৩ চনৰ বিশ্বকাপৰ বাবে বাংলাদেশ দলৰ অংশ ।

বিক্ৰম জিৎ সিং : বিশ্বকাপ ২০২৩ত খেলিবলগীয়া আটাইতকৈ কম বয়সীয়া খেলুৱৈসকলৰ ভিতৰত বিক্ৰম জিৎ সিং হৈছে পঞ্চমগৰাকী খেলুৱৈ । তেওঁৰ বয়স ২০ বছৰ আৰু ৩৪২ দিন । ভাৰতীয় মূলৰ বিক্ৰম জিৎ সিং নেডাৰলেণ্ডৰ এগৰাকী সোঁহাতৰ বেটছমেন । বিক্ৰমে ২৫ খন এদিনীয়াত ৩২.৩২ গড়ত ৮০৮ ৰাণ সংগ্ৰহ কৰিছে । তাৰ ভিতৰত আছে এটা শতক আৰু ৪ টা অৰ্ধ-শতক । বিক্ৰম সিঙৰ জন্ম ভাৰতৰ পাঞ্জাৱত হৈছিল । ৭ বছৰ বয়সত তেওঁ পিতৃ-মাতৃৰ সৈতে নেডাৰলেণ্ডত স্থায়ীভাৱে বসতি স্থাপন কৰে ।

লগতে পঢ়ক :Cricket World Cup: বিশ্বকাপৰ ইতিহাসৰ শীৰ্ষ 5 জন বলাৰ; তালিকাত নাই এজনো ভাৰতীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.