ETV Bharat / sports

বিশ্বকাপ 2023: কোহলীক লগ পাবলৈ খেলপথাৰত প্ৰৱেশ অষ্ট্ৰেলিয়ান যুৱকৰ

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 5:31 PM IST

Updated : Nov 19, 2023, 9:08 PM IST

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত বিশ্বকাপ ২০২৩ৰ ফাইনেলত পেলেষ্টাইনৰ সমৰ্থক প্ৰতিবাদকাৰীয়ে খেলপথাৰত প্ৰৱেশ কৰি খেলখনত কিছু মুহূৰ্তৰ বাবে যতি পেলায় ৷ ফলত এক অদ্ভুত কাণ্ডৰ সূচনা হয় । সূত্ৰসমূহে জনোৱা মতে, গুজৰাট আৰক্ষীয়ে ষ্টেডিয়ামৰ পৰা বাহিৰলৈ উলিয়াই অনা পিটচ আক্ৰমণকাৰীজনক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া চলি আছে ৷

World Cup 2023 final
world cup 2023

স্প’ৰ্টছ ডেস্ক, 19 নৱেম্বৰ: দেওবাৰে বিশ্বকাপ 2023 ৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ মুখামুখি হৈছে ভাৰত ৷ ঘৰুৱা দলটোক লৈ দৰ্শক তথা ক্ৰীড়াপ্ৰেমীৰ মনত বহু প্ৰত্যাশাৰ সৃষ্টি হৈছে । টছত জয়ী হৈ কেংগাৰু বাহিনীৰ অধিনায়ক পেট কামিনছে ভাৰতক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় ৷ কিন্তু খেলৰ আৰম্ভণিতে তিনিটা উইকেট হেৰুৱাই ভাৰতে । কোহলী আৰু ৰাহুলে দলক আগুৱাই নিয়ে যদিও অৰ্ধশতক অৰ্জনৰ পাচতেই কোহলী পেভিলিয়নমুখী হয় ৷

বিশ্বকাপ ২০২৩ৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে খেলিছে আৰু দৰ্শকে চকুৰ সন্মুখত এক অদ্ভুত কাণ্ড সংঘটিত হোৱা দেখিছিল । এজন পিটচ ইনভেডাৰে খেলৰ মাজত কিছু যতি পেলায় । ‘STOP BOMBING PALESTINE’ বুলি লিখা চাৰ্ট পিন্ধি বিৰাট কোহলীক সাৱটি ধৰিবলৈ চেষ্টা কৰিছিল লোকজনে । পিছফালে তেওঁৰ টি-চাৰ্টত লিখা আছিল ‘ফ্ৰী পেলেষ্টাইন’ আৰু তাত আছিল পেলেষ্টাইনৰ পতাকা ।

ind vs aus pitch invade
ক্ৰীজত পেলেষ্টাইন সমৰ্থকৰ প্ৰৱেশ

অষ্ট্ৰেলিয়াৰ নাগৰিক ২৪ বছৰীয়া জনছন ৱেন বুলি চিনাক্ত কৰা লোকজনে তেওঁক এস্কৰ্ট আউট কৰাৰ পূৰ্বে খেলত কিছু সময়ৰ বাবে বাধাৰ সৃষ্টি কৰিছিল যদিও সেই মুহূৰ্তত কে এল ৰাহুলৰ সৈতে বেটিং কৰা কোহলীক সাৱটি ধৰিবলৈ সক্ষম হয় । তেওঁৰ টি-চাৰ্টৰ সন্মুখত 'STOP BOMBING PALESTINE' আৰু পিছফালে 'FREE PALESTINE' বুলি লিখা আছিল । সেউজীয়া, ৰঙা, বগা আৰু ক’লা ফেচমাস্ক পিন্ধিছিল, ৰংবোৰে পেলেষ্টাইনক বুজায় ৷

ৱেনে তেওঁক উলিয়াই অনাৰ সময়ত ৰাইজৰ ফালে আঙুলিয়াই দিয়া দেখা গৈছিল । ষ্টাৰ স্প’ৰ্টছৰ লাইভ টেলিকাষ্টত সেই মুহূৰ্তটো দেখা পোৱা নাছিল যদিও খেলপথাৰত উপস্থিত থকা মিডিয়া লেন্সমেনে ধৰি ৰাখিছিল । ছ’চিয়েল মিডিয়াতো ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে এই দৃশ্য ।

অৱশেষত পিটচত অনুপ্ৰৱেশ কৰা লোকজনক আহমেদাবাদৰ চান্দখেদা থানালৈ অনা হয় আৰু তাতেই তেওঁক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা হয় । ৱেনে কয় যে তেওঁ বিৰাট কোহলীক লগ কৰিব বিচাৰিছে আৰু পেলেষ্টাইনৰ যুদ্ধৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । সাংবাদিকৰ আগত তেওঁ কয়, "মোৰ নাম জনছন ৱেন...মই অষ্ট্ৰেলিয়াৰ । মই বিৰাট কোহলীক লগ কৰিবলৈ (ফিল্ডত) প্ৰৱেশ কৰিছিলোঁ । মই পেলেষ্টাইনক সমৰ্থন কৰোঁ । মই যুদ্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলো ।"

ind vs aus pitch invade
বিশ্বকাপৰ ফাইনেলত পেলেষ্টাইন সমৰ্থক

ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই টছত জয়লাভ কৰি ভাৰতৰ বিৰুদ্ধে গ্ৰেণ্ড ফিনালেত বলিং কৰাৰ পথ বাছি লয় ৷ বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট গ্ৰাউণ্ড মোটেৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই খেলখন ৷ য’ত ১,৩২,০০০ লোকৰ আসনৰ ক্ষমতা আছে ।

ৰাষ্ট্ৰসংঘৰ এটা দলৰ তথ্য অনুসৰি ইজৰাইলৰ সৈন্যই আন লোকক খালী কৰিবলৈ দিয়াৰ পিছত গাজাৰ সৰ্ববৃহৎ চিকিৎসালয়ত ২৯১ জন ৰোগীক এৰি থৈ গৈছে । ৰাষ্ট্ৰসংঘই জনোৱা মতে, পিছ পৰি ৰোৱাসকলৰ ভিতৰত আছে ৩২টা কেঁচুৱা যিবোৰৰ অৱস্থা অতি সংকটজনক, গুৰুতৰভাৱে সংক্ৰমিত ঘাঁ থকা আঘাতপ্ৰাপ্ত ৰোগী আৰু আন কিছুমান মেৰুদণ্ডৰ আঘাতপ্ৰাপ্ত যিসকলে লৰচৰ কৰিব নোৱাৰে ।

এছ’চিয়েটেড প্ৰেছৰ এক প্ৰতিবেদনত এই অভিযানৰ নেতৃত্ব দিয়া বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা মতে, শনিবাৰে পুৱা প্ৰায় ২৫০০ জন লোকক স্থানচ্যুত কৰা হয় ৷ ৰোগী আৰু চিকিৎসা কৰ্মীয়ে বিস্তৃত চৌহদটো এৰি যোৱাৰ পিছত দলটোৱে এঘণ্টাৰ বাবে শ্বিফা হাস্পতাল ভ্ৰমণ কৰিবলৈ সক্ষম হয় ।

সন্মানীয় টুৰ্ণামেণ্টখনত প্ৰতিযোগিতাখনৰ আৰম্ভণিতে পিটচ আক্ৰমণ হৈছিল, আৰু সেয়া আছিল ফাইনেলত খেলা দুয়োটা দলৰ মাজত হোৱা মেচত । এই প্ৰতিযোগিতাত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰথমখন মেচ আছিল । চেলিব্ৰিটি আক্ৰমণকাৰী ডেনিয়েল জাৰ্ভিছ নিৰাপত্তা ভংগ কৰি ক্ৰিকেট খেলপথাৰত অকৰ্তৃত্বশীলভাৱে উপস্থিত হোৱাৰ বাবে পৰিচিত ।

ভাৰতীয় দলটোৱে ফিল্ডিং কৰি থকাৰ সময়তে তেওঁ খেলপথাৰ আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল । পিছত তেওঁ এক্সত (পূৰ্বৰ টুইটাৰ) এটা ভিডিঅ’ পোষ্ট কৰিছিল য’ত তেওঁক ভাৰতীয় খেলুৱৈ আৰু গ্ৰাউণ্ড ছিকিউৰিটিয়ে এস্কৰ্ট কৰা দেখা গৈছিল ।

ind vs aus pitch invade
পেলেষ্টাইন সমৰ্থকক বাহিৰলৈ লৈ যোৱাৰ দৃশ্য

কাকতলীয়াভাৱে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামৰ মাজৰ পৰা ‘জাৰ্ভো ৬৯’ নামেৰেও পৰিচিত ডেনিয়েল জাৰ্ভিছক এস্কৰ্ট কৰাৰ দায়িত্ব লৈছিল বিৰাট কোহলীয়ে ৷ জাৰ্ভোৰ চাবটাইটেলত দাবী কৰা হৈছিল যে কোহলীয়ে তেওঁক Youtube ত ভিডিঅ’ৰ বাবে হাত চাপৰি বজাইছিল আৰু পৰৱৰ্তী সময়ত তেওঁক খেলপথাৰৰ পৰা ওলাই আহিবলৈ কৈছিল ।

লগতে পঢ়ক: বিশ্বকাপ 2023 ফাইনেল : ভাৰত-অষ্ট্ৰেলিয়াৰ বিশ্বকাপ যাত্ৰাৰ নেপথ্যৰ কাহিনী

Last Updated : Nov 19, 2023, 9:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.