ETV Bharat / sports

দলৰ পৰাজয় স্বত্বেও দক্ষিণ আফ্ৰিকাত উজলিল কোহলী, ৰচিলে এক নতুন অভিলেখ - Kohli new record

Virat Kohli Record: চেঞ্চুৰিয়নত ভাৰত এটা ইনিংছ আৰু ৩২ ৰাণত পৰাজিত হয় (SA vs IND test)। টেষ্ট মেচখনত বিৰাট কোহলীয়ে নতুন অভিলেখ ৰচনা কৰে । এটা বছৰত ২০০০ ৰাণ সংগ্ৰহ কৰা বেটছমেনৰ তালিকাৰ শীৰ্ষত নিজৰ নাম সন্নিৱিষ্ট কৰে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে ।

Virat Kohli records
দলৰ পৰাজয় স্বত্বেও দক্ষিণ আফ্ৰিকাত উজলিল কোহলী
author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 1:29 PM IST

স্পৰ্টছ ডেস্ক,২৯ ডিচেম্বৰ : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত ভাৰতীয় দলটো এটা ইনিংছ আৰু ৩২ ৰাণৰ ব্যৱধানত পৰাজিত হয় । যিটোৱে ভাৰতীয় অনুৰাগীসকলক নিৰাশ কৰি তুলিছে । অৱশ্যে তাৰ মাজতো খেলখনৰ দ্বিতীয় ইনিংছত ভাৰতীয় দলৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে এক সুন্দৰ ইনিংছ খেলে । কিন্তু তেওঁ অকলে দলটোক পৰাজয়ৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে । কোহলী এটা মূৰত থিয় হৈ থাকিল কিন্তু আনটো মূৰত উইকেট পতন হৈয়ে থাকিল । অৱশেষত দুখন টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতীয় দলটো হতাশ হ'বলগীয়া হয় । এই পৰাজয়ৰ পাছতো, বিৰাট কোহলীয়ে তেওঁৰ নামত এক বৃহৎ অভিলেখ গঢ়িবলৈ সক্ষম হয় ।

বিৰাট কোহলীয়ে খেলখনৰ দ্বিতীয় ইনিংছত তেওঁৰ ৩০ সংখ্যক টেষ্ট অৰ্ধশতক কৰিবলৈ সক্ষম হয় । তেওঁ প্ৰথম ইনিংছত ৩৮ ৰাণ আৰু দ্বিতীয় ইনিংছত ৭৬ ৰাণ সংগ্ৰহ কৰে । খেলখনত তেওঁ মুঠ ১১৪ ৰাণ সংগ্ৰহ কৰে । এই ৰাণৰ সৈতে বিৰাট কোহলীয়ে এবছৰত ২০০০ ৰাণ সংগ্ৰহ কৰা বেটছমেনৰ তালিকাৰ শীৰ্ষত উপনীত হৈছে । তেওঁ এবছৰত ২০০০ ৰাণ সংগ্ৰহ কৰা বিশ্বৰ বেটছমেনসকলৰ ভিতৰত শ্ৰেষ্ঠ হৈ পৰিছে । তেওঁ ৭ টা বিভিন্ন বছৰত ২০০০ আন্তঃৰাষ্ট্ৰীয় ৰাণ সম্পূৰ্ণ কৰিছে । ইয়াৰ দ্বাৰা তেওঁ শচীন তেণ্ডুলকাৰ, ৰিকি পন্টিং, মাহেলা জয়বৰ্ধনে, সৌৰভ গাংগুলী আৰু কুমাৰ চাংগাকাৰাৰ দৰে তাৰকাক অতিক্ৰম কৰিবলৈ সক্ষম হয় ।

১ বছৰত ২০০০ ৰাণ সংগ্ৰহ কৰা বেটছমেন-

বিৰাট কোহলী (ভাৰত) - ৭* বাৰ

কুমাৰ চাংগাকাৰা (শ্ৰীলংকা)- ৬ বাৰ

মাহেলা জয়বৰ্ধনে (শ্ৰীলংকা)- ৫ বাৰ

শচীন তেণ্ডুলকাৰ (ভাৰত)- ৫ বাৰ

জেক কালিছ (দক্ষিণ আফ্ৰিকা)- ৪ বাৰ

মেথিউ হেডেন (অষ্ট্ৰেলিয়া)- ৪ বাৰ

ৰিকি পন্টিং (অষ্ট্ৰেলিয়া)- ৪ বাৰ

সৌৰভ গাংগুলী (ভাৰত)- ৪ বাৰ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলখনত ভাৰতে প্ৰথম ইনিংছত ২৪৫ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ পিচত, দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত ৪০৮ ৰাণ সংগ্ৰহ কৰে আৰু ভাৰতৰ বিৰুদ্ধে ১৬৩ ৰাণৰ অগ্ৰগতি লাভ কৰে । ভাৰতীয় দলে দ্বিতীয় ইনিংছত ১৩১ ৰাণতে অল আউট হয় আৰু মেচখনত এটা ইনিংছ আৰু ৩২ ৰাণত পৰাস্ত হয় ।

লগতে পঢ়ক :সামূহিক প্ৰচেষ্টাৰ অভাৱৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ শোচনীয় পৰাজয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.