ETV Bharat / sports

Pak fan of Kohli : পাকিস্তানতো আছে কোহলীৰ বহু অনুৰাগী - Video of Virat Kohli fangirl from Pakistan

কেৱল ভাৰততে নহয় পাকিস্তানতো আছে বিৰাট কোহলীৰ বহু অনুৰাগী । শেহতীয়াকৈ এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ খেলৰ মাজত এগৰাকী পাকিস্তানী অনুৰাগীৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে । য'ত তেওঁ স্বীকাৰ কৰিছে যে পাকিস্তানক সমৰ্থন কৰিলেও তেওঁৰ প্ৰিয় খেলুৱৈ হৈছে বিৰাট ।

Pak fan of Kohli
পাকিস্তানতো আছে কোহলীৰ বহু অনুৰাগী
author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 5:33 PM IST

স্পৰ্টছ ডেস্ক,৪ ছেপ্টেম্বৰ : ভাৰত আৰু পাকিস্তানত ক্ৰিকেটাৰসকলক ভগৱান সদৃশ জ্ঞান কৰা হয় । ক্ৰিকেট ভাল পোৱাই নহয় ক্ৰিকেটাৰসকলকো যথেষ্ট ভালপায় দুয়োখন দেশৰে নাগৰিকসকলে । দুয়োখন দেশৰ অনুৰাগী তেওঁলোকৰ দেশৰ দলেই খেলখন জয়ী হোৱাটো কামনা কৰে । অৱশ্যে প্ৰিয় ক্ৰিকেটাৰৰ কথা ওলালে তেওঁলোকৰ প্ৰতিদ্বন্দী দেশৰ ক্ৰিকেটাৰৰ নাম প্ৰকাশ কৰিবলৈ আপত্তি নকৰে । সেই সময়ত আনকি অনুৰাগীসকলে ৰাষ্ট্ৰীয়তাৰ কথাও পাহৰি যায় ।

ক্ৰীড়াক্ষেত্ৰত যেতিয়া এটা পৰাজিত দলে বিজয়ী দলৰ সদস্যসকলৰ পিঠিত চাপৰ মাৰে ইয়াক খেলুৱৈৰ মনোভাৱ বুলি কোৱা হয় । যি কি নহওক আন দেশৰ খেলুৱৈসকলক ভাল পোৱাত কোনো বাধা নাই আৰু পাকিস্তানৰ এগৰাকী যুৱতীয়ে বিৰাট কোহলীৰ প্ৰতি তেওঁৰ মৰম দেখুৱাই এইটো প্ৰমাণ কৰিছে ।

ৰাণ-মেচিন বিৰাট কোহলীৰ সমগ্ৰ দেশৰ লগতে পাকিস্তানতো অনুৰাগী আছে । পাকিস্তানৰ যুৱ ক্ৰিকেটাৰসকলে বিৰাট কোহলীক আদৰ কৰে আৰু তেওঁলোকে তেওঁৰ পৰা অনুপ্ৰেৰণা গ্ৰহণ কৰে । শনিবাৰে ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখনত বৰষুণে অনুৰাগীসকলক হতাশ কৰিছে । অৱশ্যে পাকিস্তানৰ এগৰাকী মহিলা অনুৰাগীৰ বিৰাটৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

  • A Pakistani baba stops this cute girl from loving Virat Kohli & India but this courageous girl gives a befitting reply to him and continues her support for Virat. Hats off to her.#INDvPAK #PAKvIND pic.twitter.com/9nh1M9FPbW

    — Silly Context (@SillyMessiKohli) September 2, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

সেই ভিডিঅ'টোত পাকিস্তানৰ অধিনায়ক বাবৰ আজম আৰু বিৰাট কোহলীৰ মাজত তেওঁ কাক ভাল পায় বুলি সোধাত যুৱতীগৰাকীয়ে কোনো ধৰণৰ আপোচ নকৰাকৈ কৈছে যে তেওঁৰ প্ৰিয় খেলুৱৈ হৈছে বিৰাট কোহলী । যুৱতীগৰাকীয়ে কয় যে তেওঁ তালৈ কোহলীৰ খেল চাবলৈ আহিছে । তেওঁ কোনটো দল সমৰ্থন কৰে বুলি সোধাত কয় যে তেওঁ পাকিস্তানক সমৰ্থন কৰে আৰু তেওঁৰ গালত অংকিত ভাৰত আৰু পাকিস্তানৰ পতাকাও তেওঁ দেখুৱায় । তেওঁ আনকি প্ৰশ্ন কৰে চুবুৰীয়াক মৰম কৰাটো বেয়া কথা নেকি ?

আনহাতে, পাকিস্তানৰ বেলুচিস্তানৰ কিছু অনুৰাগীয়ে কোহলীৰ প্ৰতি তেওঁলোকৰ প্ৰেম এক ব্যতিক্ৰমী ধৰণে দেখুৱাইছিল । বিৰাট কোহলীৰ এখন ছবি বালিৰে প্ৰস্তুত কৰা হৈছিল আৰু পাছত বিশাল ছবিখন ড্ৰোণেৰে দেখুওৱা হৈছিল । এই ঘটনাবোৰে প্ৰমাণ কৰে যে পাকিস্তানতো কোহলীৰ যথেষ্ট অনুৰাগী আছে ।

লগতে পঢ়ক :Muralitharan biopic film : মুৰলীধৰণৰ বায়োপিক '৮০০'ৰ ট্ৰেইলাৰ মুকলি কৰিব শচীন তেণ্ডুলকাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.