স্প’ৰ্টছ ডেস্ক, 19 নৱেম্বৰ: মুম্বাইৰ আইকনিক ৱাংখেড়ে ষ্টেডিয়ামত 50 অভাৰৰ ফৰ্মেটত তাৰকা বেটছমেন বিৰাট কোহলীয়ে নিজৰ আদৰ্শ শচীন তেণ্ডুলকাৰক অতিক্ৰম কৰি সৰ্বাধিক 50 টা শতক অৰ্জন কৰে ৷
কোহলীয়ে সদায় ক্ৰিকেটৰ ভগৱান তেণ্ডুলকাৰক আদৰ্শ হিচাপে গ্ৰহণ কৰি আহিছে, যাৰ নামত অসংখ্য অভিলেখ আছে । মুম্বাইৰ খেলুৱৈ তেণ্ডুলকাৰে 49 টা শতকেৰে সৰ্বাধিক এদিনীয়া শতক অৰ্জনকাৰীৰ অভিলেখ গঢ়িছিল । নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন ছেমি ফাইনেলত কোহলীয়ে সেই অভিলেখ ভংগ কৰি 50 সংখ্যক এদিনীয়া শতক অৰ্জন কৰে ।
দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে কোহলীয়ে লাভ কৰে এক বহুমূলীয়া উপহাৰ ৷ কোহলীয়ে তেওঁৰ আদৰ্শ শচীন তেণ্ডুলকাৰৰ আইকনিক নং 10 জাৰ্চী উপহাৰ হিচাপে লাভ কৰে । তেণ্ডুলকাৰে বিৰাট কোহলীক উপহাৰ দিছিল তেওঁৰ অন্তিমখন এদিনীয়াৰ সময়ত পিন্ধা তেওঁৰ স্বাক্ষৰিত জাৰ্চীটো ৷ 2012 চনত মিৰপুৰত পাকিস্তানৰ বিৰুদ্ধে এছিয়া কাপৰ খেলখনত এই জাৰ্চী পৰিধান কৰিছিল তেণ্ডুলকাৰে ।
‘‘এটা বিশেষ অনুষ্ঠান আৰু এটা বিশেষ প্ৰি-মেচৰ মুহূৰ্ত । এই ইংগিতৰ গোটেইখিনিতে CLASS লিখা আছে ! কিংবদন্তি শচীন তেণ্ডুলকাৰে বিৰাট কোহলীক তেওঁৰ শেষৰ এদিনীয়াৰ স্বাক্ষৰিত জাৰ্চী উপহাৰ দিয়ে ।’’ কোহলিয়ে জাৰ্চীটো লৈ থকা এখন ছবি শ্বেয়াৰ কৰি পূৰ্বতে টুইটাৰ নামেৰে জনাজাত X ত এইদৰে লিখিছে বিচিচিআইয়ে ।
49 টা শতক অৰ্জন কৰা তেণ্ডুলকাৰক অতিক্ৰম কৰি এদিনীয়া ক্ৰিকেটৰ ইতিহাসত 50 টা শতক অৰ্জন কৰা প্ৰথমজন বেটছমেন । চলি থকা বিশ্বকাপত কোহলীয়ে আইচিচিৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ একক সংস্কৰণত সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰতো অতিক্ৰম কৰিছিল তেণ্ডুলকাৰক । দিল্লীত ডাঙৰ-দীঘল হোৱা কোহলীয়ে একাধিকবাৰ কৈছে যে তেওঁ কেনেকৈ তেণ্ডুলকাৰক আদৰ্শ হিচাপে মানি লোৱাৰ পিছত খেল খেলিবলৈ আৰম্ভ কৰিছিল ।