নিউজ ডেস্ক, 3 নবেম্বৰ : পাকিস্তান আৰু নিউজিলেণ্ডৰ হাতত শোচনীভাৱে পৰাজিত হোৱাৰ পাচত বুধবাৰে টি-20 বিশ্বকাপৰ এখন নিৰ্ণায়ক মেচত আফগানিস্তানৰ মুখামুখি হ’ব টীম ইণ্ডিয়া ৷ এই খেল খনত জয়ী হোৱাতো কোহলী বাহিনীৰ বাবে নিতান্তই প্ৰয়োজনীয় হিচাপে বিবেচিত হৈছে ৷
কিয়নো টুৰ্ণামেন্টত নিজৰ স্থান সুনিশ্চিত কৰিবৰ বাবে যিকোনো প্ৰকাৰে আজি জয়ী হোৱাতো প্ৰয়োজন ভাৰতৰ বাবে ৷ অৱশ্যে এই খেলখনত বিজয়ী হোৱাতোৱেই ভাৰতৰ বাবে যথেষ্ট নহয় ৷
টুৰ্ণামেন্টৰ পৰৱৰ্তীখেলত আফগানিস্তানে নিউজিলেণ্ডক পৰাজিত কৰিব পাৰিলেহে ভাৰতৰ স্থান সুনিশ্চিত হ’ব ৷ তাৰোপৰি নামিবিয়া আৰু স্কটলেণ্ডৰ সৈতে অনুষ্ঠিত হ’ব লগীয়া দুয়োখন খেলতে যিকোনো প্ৰকাৰে জয়ী হ’ব লাগিব কোহলী বাহিনী ৷
ভাৰতীয় সময় মতে সন্ধিয়া 7.30 বজাত আবু-ধাবিত অনুষ্ঠিত হ’ব ভাৰত-আফগানিস্তানৰ মাজত খেলখন ৷ ভাৰতীয় দলত বৰুণ চক্ৰবৰ্তীৰ পৰিৱৰ্তে ৰাহুল চহৰ অথবা ৰবীচন্দন আশ্বিনক অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা প্ৰকট হৈছে ৷