ETV Bharat / sports

কেপ্টাইনক লৈ ভৱিষ্যতবাণী কৰাৰ সলনি T20 বিশ্বকাপত মন দিও আহক: ৰাজীৱ শুক্লা - মহেন্দ্ৰ সিং ধোনী

সম্প্ৰতি আহি থকা টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ অধিনায়ক সলনি হোৱাকলৈ চৰ্চা অব্যাহত আছে । ৰোহিত শৰ্মাক অধিনায়কৰ দায়িত্ব দিব বুলি এক বাতৰি সামাজিক মাধ্যমত প্ৰচাৰ হৈছে । এই বাতৰি কিমান সঁচা ? এই বাতৰিক লৈ কি তয় BCCI নেতৃত্বই ?

T20 World Cup
ভাৰতীয় দলৰ অধিনায়ক
author img

By

Published : Sep 14, 2021, 1:44 PM IST

স্পৰ্টচ ডেস্ক, ১৪ ছেপ্টেম্বৰ : আৰৱ আৰু ওমানত অনুষ্ঠিত হ'ব টি-২০ বিশ্বকাপ ক্ৰিকেট । কিন্তু তাৰ পূৰ্বে এক বিশেষ খবৰে ক্ৰিকেটপ্ৰেমীৰ মাজত তীব্ৰ কৌতূহলৰ সৃষ্টি কৰিছে । সামাজিক মাধ্যমত চলা বাতৰি অনুসৰি ৰোহিত শৰ্মাৰ শ্ব'-পিচ ইভেণ্টৰ পাছত ভাৰতীয় দলটোৰ নেতৃত্ব ল'ব ৷ আনহাতে বিৰাট কোহলীয়ে টেষ্টৰ অধিনায়ক হিচাপে থাকিব আৰু তেওঁৰ বেটিঙত মনোনিৱেশ কৰিব ।

এই খবৰ প্ৰচাৰ হোৱাৰ পাছতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (BCCI) উপ-সভাপতি ৰাজীৱ শুক্লাই (Rajeev Shukla) প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । শেহতীয়া এই উৰা বাতৰিকলৈ অসন্তুষ্ট ৰাজীৱ শুক্লা । তেওঁৰ মতে এয়া এক উৰাবাতৰি । ইয়াৰ সত্যতা নাই ।

ভাৰতীয় দলটোৱে এনে বাতৰিৰ দ্বাৰা বিচলিত হোৱাৰ পৰিৱৰ্তে শ্ব'-পিচ ইভেণ্টত গুৰুত্ব দিয়াটো প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে । তেওঁৰ মতে অধিনায়কৰ সাল-সলনিকলৈ কোনো আলোচনা হোৱা নাই ।

উল্লেখ্য যে, ভাৰতীয় ৰাষ্ট্ৰীয় নিৰ্বাচকসকলে যোৱা বুধবাৰে আগন্তুক টি-২০ বিশ্বকাপৰ বাবে দল বাচনি কৰিছিল । তাৰ পাছতে এই খবৰ বিয়পি পৰিছে । ইফালে টি-২০ ফৰ্মেটত পুনৰ নাম অন্তৰ্ভূক্ত হৈছে আৰ অশ্বিনৰ । তেওঁ ২০১৭ চনৰ জুলাইত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শেষবাৰৰ বাবে টি-২০ খেলিছিল ।

আনহাতে, দলটোৰ পৰা বাদ পৰিছে যুজবেন্দ্ৰ ছহল (Yuzvendra Chahal) । জানিব পৰা মতে দলটোৰ পৰামৰ্শদাতা হ'ব মহেন্দ্ৰ সিং ধোনী (MS Dhoni) । যদিও এইবাৰ টি-২০ বিশ্বকাপ ভাৰতত হোৱাৰ কথা আছিল কিন্তু ক'ভিড মহামাৰী পৰিস্থিতিৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে আৰৱ আৰু ওমানত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে ।

ভাৰত আৰু পাকিস্তানে ২৪ অক্টোবৰত গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলত মুখামুখি হ'ব । টি-২০ বিশ্বকাপ (T20 World Cup) অক্টোবৰৰ ১৭ তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু ফাইনেল ১৪ নৱেম্বৰত ডুবাইত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :অধিনায়ক পদ থাকিব নে বিৰাট কোহলীৰ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.