ETV Bharat / sports

ভাৰতীয় টি-20 দলৰ নতুন অধিনায়ক ৰোহিত শৰ্মা - ৰোহিত শৰ্মা বাতৰি

বিৰাট কোহলীৰ পিছত ভাৰতীয় টি-20 দলটোৰ অধিনায়কৰ দায়িত্ব ল’বলৈ সাজু ৰোহিত শৰ্মা ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে খেলিবলগীয়া টি-20 শৃংখলাত দলটোক নেতৃত্ব প্ৰদান কৰিব ৰোহিত শৰ্মাই ৷

IND vs NZ T-20 sesires: Rohit sharma will be leading the team, virat along with theree are given rest
ভাৰতীয় টি-20 দলৰ নতুন অধিনায়ক ৰোহিত শৰ্মা
author img

By

Published : Nov 10, 2021, 8:25 AM IST

স্পৰ্টছ ডেস্ক, 10 নৱেম্বৰ : ইতিমধ্যে টি-20 বিশ্বকাপৰ পৰা বিদায় লৈছে বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় দলটোৱে ৷ টি-20 ফৰমেটত অধিনায়ক হিচাপে নামিবিয়াৰ বিৰুদ্ধে খেলা মেছখনেই আছিল বিৰাট কোহলীৰ অন্তিমখন মেছ ৷ কোহলীৰ পিছতেই ভাৰতীয় টি20 দলটোৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৰোহিত শৰ্মাক ৷ অহা 17 নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-20 চিৰিজত ভাৰতীয় দলটোক নেতৃত্ব প্ৰদান কৰিব ৰোহিত শৰ্মাই ৷

এই শৃংখলাত বিৰোট কোহলীৰ লগতে যশপ্ৰীত বুমৰাহ আৰু ৰবীন্দ্ৰ যদেজাকো বিশ্ৰাম প্ৰদান কৰা হৈছে ৷ এই তিনিওগৰাকী খেলুৱৈয়ে একেৰাহে অষ্ট্ৰেলিয়া, ইংলেণ্ড টেষ্টৰ পিছত আই পি এল তাৰ পিছতে টি-20 বিশ্বকাপ খেলিছে ৷

যদিও ৰোহিত শৰ্মায়ো এই আটাইকেটৈ শৃংখলাত খেলিছে কিন্তু যিহেতু তেওঁক টি-20 দলটোৰ অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে গতিকে তেওঁৰ বিশ্ৰাম প্ৰদান কৰা হোৱা নাই ৷ আনহাতে, নিউজিলেণ্ডৰ বিৰুদ্ধে টি-20 শৃংখলাত দলটোৰ উপ অধিনায়ক হিচাপে থাকিব কে এল ৰাহুল ৷

টি-20 দলটোত হাৰ্দিক পাণ্ডিয়াক অন্তৰ্ভূক্ত কৰা হোৱা নাই ৷ পাণ্ডিয়াৰ শাৰিৰীক অসুস্থতা আৰু দুৰ্বল প্ৰদৰ্শনৰ বাবে দলটোত অন্তৰ্ভূক্ত কৰা হোৱা নাই ৷ আঘাতৰ পিছত পথাৰলৈ উভতা পাণ্ডিয়াই আই পি এলৰ লগতে বিশ্বকাপতো বলিং কৰাৰ পৰা বিৰত আছিল ৷ যাৰবাবে দলটোৰ প্ৰদৰ্শনৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছিল ৷

নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া এই টি-20 শৃংখলাত কেইবাগৰাকীয়ো যুৱ খেলুৱৈয়ে স্থান লাভ কৰিছিল ৷ ইয়াৰ ভিতৰত আছে ভেংকটেশ আয়াৰ, আৱেশ খান, হৰ্ষল পেটেল, ঋতুৰাজ গায়কৱাড় ৷ ইয়াৰ উপৰিও আঘাতৰ পিছত এই শৃংখলাৰ জৰিয়তে পথাৰলৈ উভতি আহিব শ্ৰেয়ষ আয়াৰ ৷ লগতে যুযবেন্দ্ৰ চহলকো দেখা যাব এই শৃংখলাত ৷

নিউজিলেণ্ডৰ বিৰুদ্ধে টি-20ত ভাৰতৰ দলটো : ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল (উপ অধিনায়ক), ঋতুৰাজ গায়কৱাড়, শ্ৰেয়ষ আয়াৰ, সূৰ্যকুমাৰ যাদৱ, ঋষভ পন্ত, ইশান কিষন, ভেংকটেশ আয়াৰ, যুযবেন্দ্ৰ চহল, ৰবিচন্দ্ৰন অশ্বিন, অক্ষৰ পেটেল, আৱেশ খান, ভূৱনেশ্বৰ কুমাৰ, দীপক চহৰ, হৰ্ষল পেটেল, মহম্মদ চিৰাজ ৷

লগতে পঢ়ক : End of An Era : শাস্ত্ৰী-কোহলীৰ অংশীদাৰিত্বৰে ভাৰতীয় ক্ৰিকেটৰ অন্যতম গুৰুত্বপূৰ্ণ অধ্যায়ৰ অন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.