ETV Bharat / sports

Rohit Sharma record: এদিনীয়া বিশ্বকাপত সৰ্বাধিক ছিক্সাৰ কোবোৱা খেলুৱৈৰ অভিলেখ ৰচিলে ৰোহিত শৰ্মাই

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 10:49 PM IST

ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই নিজৰ ডায়েৰীত আৰু দুটা অভিলেখ সংযোজন কৰিলে । বুধবাৰে বিশ্বকাপ আৰু বিশ্বকাপৰ একক সংস্কৰণত সৰ্বাধিক ছয় কোবোৱাৰ অভিলেখ ৰচি ক্ৰীছ গেইলক অতিক্ৰম কৰে ৰোহিতে । নিউজীলেণ্ডৰ বিৰুদ্ধে খেলা ক্ৰিকেট বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত শৰ্মাই চাৰিটা ছয় কোবাইছিল ।

Rohit Sharma record
Rohit Sharma record

স্প’ৰ্টছ ডেস্ক, ১৫ নৱেম্বৰ: এটা ছন্দত থকা ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই ৱেষ্ট ইণ্ডিজৰ ক্ৰীছ গেইলক অতিক্ৰম কৰি সামগ্ৰিকভাৱে আইচিচি ক্ৰিকেট বিশ্বকাপত সৰ্বাধিক ছয় সংগ্ৰহ কৰে । এদিনীয়া বিশ্বকাপৰ একক সংস্কৰণত ক্ৰীছ গেইলৰ সৰ্বাধিক ছয়ৰ অভিলেখো ভংগ কৰে ‘হিটমেন’গৰাকীয়ে ।

মুম্বাইৰ আইকনিক ৱাংখেড়ে ষ্টেডিয়ামত নিউজীলেণ্ডৰ বিৰুদ্ধে খেলা আইচিচি ক্ৰিকেট বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত এই মাৰ্জিত সোঁহতীয়া বেটছমেনগৰাকীয়ে দুয়োটা কৃতিত্ব অৰ্জন কৰে ।

ক্ৰীছ গেলে বিশ্বকাপত ৪৯টা ছয় আৰু একক সংস্কৰণত (২০১৫) ২৬ টা ছয় কোবাইছে । ঘৰুৱা চাৰ্কিটত মুম্বাইৰ হৈ খেলা ৰোহিতে এতিয়া বিশ্বকাপত ৫১ টা ছয় আৰু একক সংস্কৰণত (২০২৩) ২৮ টা ছয় কোবাইছে ।

মাত্ৰ ২৯ টা বলত দ্ৰুতভাৱে ৪৭ ৰান সংগ্ৰহ কৰি ৰোহিতে নিজৰ ঘৰুৱা খেলপথাৰত প্ৰথম উইকেটৰ বাবে ৭১ ৰান সংগ্ৰহ কৰে । টিম চাউথীৰ বলত প্ৰতিদ্বন্দ্বী অধিনায়ক কেন উইলিয়ামছনৰ হাতত কেচ আউট হোৱাৰ পিচত তেওঁ পেভিলিয়নলৈ উভতি যায় । ৰোহিতে চাৰিটা বাউণ্ডেৰী আৰু যিমান ছয় কোবাই প্ৰথমৰ পৰাই নিউজীলেণ্ডৰ বিৰুদ্ধে আক্ৰমণাত্মক খেল খেলে ।

ইয়াৰ লগে লগে ৰোহিত ৪০ৰ দহকত এটা বিশ্বকাপ সংস্কৰণত চাৰিবাৰকৈ আউট হোৱা প্ৰথমজন খেলুৱৈও হিচাপে পৰিগণিত হয় । বাংলাদেশ, দক্ষিণ আফ্ৰিকা আৰু নিউজীলেণ্ডৰ বিৰুদ্ধে তেওঁ ৪৮, ৪৬, ৪০, আৰু ৪৭ ৰান ৰান সংগ্ৰহ কৰে।

ইফালে, পেচাৰ মহম্মদ ছামি আৰু স্পীনাৰ কুলদীপ যাদৱৰ বাবে এইখন ১০০ সংখ্যক এদিনীয়া ।

  • একক বিশ্বকাপ সংস্কৰণত সৰ্বাধিক ছয়
  • ২৮-ৰোহিত শৰ্মা (২০২৩)২৬
  • ২৬-ক্ৰীছ গেইল (২০১৫)
  • ২২-ইয়ন মৰ্গান (২০১৯)
  • ২২-গ্লেন মেক্সৱেল (২০২৩)
  • ২১-এবি ডি ভিলিয়াৰ্ছ (২০১৫)
  • ২১-কুইণ্টন ডি কক (২০২৩ )
  • বিশ্বকাপত সৰ্বাধিক ছয়
  • ৫১- ৰোহিত শৰ্মা
  • ৪৯- ক্ৰীছ গেইল
  • ৪৩- গ্লেন মেক্সৱেল
  • ৩৭- এ বি ডি ভিলিয়াৰ্ছ
  • ৩৭- ডেভিদ ৱাৰ্নাৰ

লগতে পঢ়ক: Virat Kohli breaks Tendulkar's record: বিৰাটৰ অভিলেখক অসাধাৰণ আখ্যা প্ৰাক্তন ভাৰতীয় অধিনায়ক গাংগুলীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.