ETV Bharat / sports

ৰাহুল দ্ৰাবিড়ৰ ৫১ সংখ্যক জন্মদিনত তেওঁৰ জীৱনৰ কিছু কথা - ৰাহুল দ্ৰাবিড়

Rahul Dravid Birthday: টীম ইণ্ডিয়াৰ বৰ্তমানৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে বৃহস্পতিবাৰে ৫১ সংখ্যক জন্মদিন উদযাপন কৰিছে । তেওঁ বৰ্তমান টীম ইণ্ডিয়াৰ সৈতে পঞ্জাবত আছে । মোহালিত ভাৰতীয় দলটোৱে ৰোহিত শৰ্মাৰ নেতৃত্বত আফগানিস্তানৰ বিৰুদ্ধে 3 খন টি-20 শৃংখলাৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ'ব । তেনে ক্ষেত্ৰত টীম ইণ্ডিয়াই জয়েৰে দ্ৰাবিড়ক তেওঁৰ জন্মদিনৰ উপহাৰ দিব বিচাৰিব ।

জন্মদিনত ৰাহুল দ্ৰাবিড়ৰ জীৱনৰ কিছু কথা
জন্মদিনত ৰাহুল দ্ৰাবিড়ৰ জীৱনৰ কিছু কথা
author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 7:56 PM IST

স্পৰ্টছ ডেস্ক, ১১ জানুৱাৰী : ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে বৃহস্পতিবাৰে তেওঁৰ ৫১ সংখ্যক জন্মদিন উদযাপন কৰিছে । ৰাহুল দ্ৰাবিড় বিশ্ব ক্ৰিকেটত দেৱাল (দ্য ৱাল) হিচাপে জনাজাত আছিল । এবাৰ যেতিয়া তেওঁ পিটছত বেটিং কৰিবলৈ নামে, বলাৰসকলে তেওঁক আউট কৰিবলৈ কপালৰ ঘাম মাটিত পেলাবলগীয়া অৱস্থা হৈছিল । তেওঁৰ দীঘলীয়া ইনিংছ খেলাৰ ক্ষমতাৰ বাবে সমগ্ৰ বিশ্বতে তেওঁ 'মিষ্টাৰ ৱাল' হিচাপে পৰিচিত আছিল । ৰাহুল দ্ৰাবিড়ৰ জন্মদিনত তেওঁলৈ শুভেচ্ছা জনাই তেওঁৰ জীৱনৰ সৈতে সম্পৰ্কিত কিছু গুৰুত্বপূৰ্ণ তথ্যৰে এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।

  • 509 intl. matches 👏
    24,208 intl. runs 👌
    4⃣8⃣ intl. hundreds 💯

    Here’s wishing Rahul Dravid - Former #TeamIndia Captain and present Head Coach of India (Men's team) - a very Happy Birthday 🎂👏 pic.twitter.com/6yuh9aL5my

    — BCCI (@BCCI) January 11, 2024 " class="align-text-top noRightClick twitterSection" data=" ">
  • ৰাহুল দ্ৰাবিড়ৰ সম্পূৰ্ণ নাম হৈছে ৰাহুল শৰদ দ্ৰাবিড় । ১৯৭৩ চনৰ ১১ জানুৱাৰীত মধ্যপ্ৰদেশৰ ইন্দোৰত তেওঁৰ জন্ম ।
  • তেওঁৰ পিতৃৰ নাম শৰদ দ্ৰাবিড় আৰু মাতৃৰ নাম পুষ্ণা দ্ৰাবিড় । ৰাহুলৰ জন্ম এটা মাৰাঠী পৰিয়ালত ।
  • ৰাহুলে ২০০৩ চনত বিজেতা পেন্ধাৰকাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় ।
  • ৰাহুলৰ সমিত দ্ৰাবিড় আৰু অন্বয় দ্ৰাবিড় নামৰ দুটি পুত্ৰ সন্তান আছে ।
  • ৰাহুলে ১২ বছৰ বয়সত ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত তেওঁ কৰ্ণাটকৰ হৈ ১৫ বছৰ অনূৰ্ধ্ব, ১৭ বছৰ অনূৰ্ধ্ব আৰু ১৯ বছৰ অনূৰ্ধ্ব দলত খেলিছিল । তেওঁৰ উজ্জীৱিত প্ৰদৰ্শন আৰু অনন্য প্ৰতিভাৰ ভিত্তিত তেওঁ ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰে ।
  • তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে 1996 চনত ভাৰতীয় দলৰ হৈ এদিনীয়া ক্ৰিকেটত আত্মপ্ৰকাশ কৰাৰ সুযোগ লাভ কৰে । তেওঁ ৩ এপ্ৰিলত শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া মেচত অৱতীৰ্ণ হয় । কিন্তু মেচখনত তেওঁ মাত্ৰ ২ ৰাণ সংগ্ৰহ কৰিয়ে মুথিয়া মূৰলীধৰণৰ চিকাৰ হয় ।
  • ১৯৯৬ চনৰ ২০ জুনত ভাৰতৰ হৈ টেষ্ট অভিষেক ঘটে দ্ৰাবিড়ৰ । তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত অংশগ্ৰহণ কৰে । তেওঁ প্ৰথম টেষ্ট মেচত ইংলেণ্ডৰ বিৰুদ্ধে তেওঁ ৯৫ ৰাণ সংগ্ৰহ কৰে ।
  • ৰাহুল দ্ৰাবিড়ে ২০১১ চনত এখন টি-২০ মেচতো ভাৰতীয় দলৰ জাৰ্চী পিন্ধে । ইংলেণ্ডৰ বিৰুদ্ধে তেওঁ এই মেচখন খেলিছিল ।
  • ৰাহুল দ্ৰাবিড়ে ১৬ বছৰ ধৰি ৰাষ্ট্ৰীয় ক্ৰিকেটলৈ সেৱা আগবঢ়োৱাৰ পিছত ২০১২ চনৰ ৯ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ।
  • ৰাহুল দ্ৰাবিড়ে ভাৰতৰ হৈ ১৬৪ খন টেষ্টৰ ২৮৬ টা ইনিংছত ৩৬ টা শতক আৰু ৬৩ টা অৰ্ধশতকেৰে ১৩,২২২ ৰাণ সংগ্ৰহ কৰে ।
  • আনহাতে, ১২ টা শতক আৰু ৮৩ টা অৰ্ধশতকেৰে ৩৪৪ খন এদিনীয়াৰ ৩১৮ টা ইনিংছত ৰাহুল দ্ৰাবিড়ে ১০,৮৮৯ ৰাণ সংগ্ৰহ কৰে ।
  • দ্ৰাবিড়ে একমাত্ৰ টি-20 মেচখনত 31 ৰাণ সংগ্ৰহ কৰে ।

লগতে পঢ়ক :ব্যক্তিগত কাৰণত আফগানিস্তান বিৰুদ্ধে প্ৰথম টি-20ত নাথাকিব বিৰাট কোহলী : ৰাহুল দ্ৰাবিড়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.