ETV Bharat / sports

ICC ODI WC 2023 : বিশ্বকাপৰ পূৰ্বে ভাৰতলৈ আহিব পাকিস্তানৰ নিৰাপত্তা প্ৰতিনিধি

author img

By

Published : Jul 1, 2023, 5:58 PM IST

পাকিস্তানে বিশ্বকাপৰ বাবে ভাৰত ভ্ৰমণ কৰাক লৈ বিভিন্ন মহলত বিতৰ্ক অব্যাহত আছে । পাকিস্তানে নিৰাপত্তা প্ৰতিনিধি দল এটাক ভাৰতলৈ পঠিয়াব । দলটোৱে নিশ্চিত কৰাৰ পাছত হে পাকিস্তানে দলটোক বিশ্বকাপৰ বাবে ভাৰতলৈ প্ৰেৰণ কৰিব ।

ICC ODI WC 2023
বিশ্বকাপৰ পূৰ্বে ভাৰতলৈ আহিব পাকিস্তানৰ নিৰাপত্তা প্ৰতিনিধি

স্পৰ্টছ ডেস্ক,১ জুলাই : এইবাৰ ভাৰতত অনুষ্ঠিত হ'ব এদিনীয়া বিশ্বকাপ ক্ৰিকেট । ইতিমধ্যে বিশ্বকাপৰ সূচী প্ৰকাশ কৰা হৈছে । ইয়াৰ মাজতে বিশেষ তথ্য প্ৰকাশ পাইছে । পাকিস্তানৰ নিৰাপত্তা প্ৰতিনিধিৰ এটা দলে ভ্ৰমণ কৰিব ভাৰত । পাকিস্তানী দলটোৱে খেলিবলগীয়া ষ্টেডিয়ামসমূহ পৰিদৰ্শন কৰিব দলটোৱে । পাকিস্তানী দলটোৱে ভাৰত ভ্ৰমণ কৰাৰ পূৰ্বেই নিৰাপত্তা দলটোৱে ভাৰত ভ্ৰমণ কৰিব । দলটোৱে এদিনীয়া বিশ্বকাপৰ স্থানসমূহ পৰীক্ষা কৰিব বুলি জানিব পৰা গৈছে । সূত্ৰৰ মতে নিৰাপত্তা দলটোৱে নিশ্চিত কৰাৰ পাছত হে পাকিস্তানে ক্ৰিকেটৰ দলটোক ভাৰতলৈ পঠিয়াব ।

এক চৰকাৰী সূত্ৰই জনোৱা মতে ঈদৰ বন্ধৰ পাছত পিচিবিৰ নতুন মুৰব্বীয়ে দায়িত্ব গ্ৰহণ কৰাৰ পাচতে চৰকাৰে প্ৰতিনিধি দলটোক ভাৰতলৈ প্ৰেৰণ কৰিব । নিৰাপত্তা প্ৰতিনিধি দলটোৱে পাকিস্তানে খেলিব লগা স্থানসমূহ আৰু বিশ্বকাপত তেওঁলোকৰ বাবে কৰা নিৰাপত্তা আৰু অন্যান্য ব্যৱস্থাসমূহ পৰিদৰ্শন কৰিব ।

প্ৰতিনিধি দলটোৱে পাকিস্তানী দলটোৱে খেলিবলগীয়া ষ্টেডিয়ামসমূহ ক্ৰমে চেন্নাই, বেংগালুৰু, হায়দৰাবাদ, কলকাতা আৰু আহমেদাবাদ পৰিদৰ্শন কৰিব । ১৫ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত সকলোৰে দৃষ্টি নিবদ্ধ আছে ভাৰত আৰু পাকিস্তানৰ মাজৰ গুৰুত্বপূৰ্ণ খেলখনত । এগৰাকী বিষয়াই জনোৱা মতে ভাৰত ভ্ৰমণৰ পূৰ্বে ক্ৰিকেট ব'ৰ্ডে চৰকাৰৰ পৰা অনুমতি লোৱাটো অতি দৰকাৰ । প্ৰতিনিধি দলটোৱে ভাৰতত থকা বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰিব আৰু তেওঁলোকৰ সৈতে পাকিস্তানৰ খেলুৱৈ, বিষয়া, অনুৰাগী আৰু সংবাদ মাধ্যমৰ নিৰাপত্তা আৰু অন্যান্য ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিব ।

যদি প্ৰতিনিধি দলটোৱে ভাৱে যে নিৰ্ধাৰিত স্থানত কৈ আন স্থানবোৰ সুৰক্ষিত তেতিয়া তেওঁলোকে প্ৰতিবেদনত পৰামৰ্শ আগবঢ়াব । সূত্ৰই লগতে কয় যে যদি প্ৰতিনিধি দলৰ কোনো উদ্বেগ থাকে তেন্তে পিচিবিয়ে প্ৰতিবেদনখন আইচিচি আৰু বিচিচিআইৰ সৈতে শ্বেয়াৰ কৰিব ।

প্ৰতিনিধি দলৰ ভ্ৰমণ নিয়মীয়া বুলি উল্লেখ কৰি সূত্ৰই কয় যে ভাৰতত অনুষ্ঠিত পূৰ্বৰ টি-২০ বিশ্বকাপ প্ৰতিযোগিতাৰ বাবেও চৰকাৰে স্থানসমূহ পৰিদৰ্শন কৰিবলৈ এটা প্ৰতিনিধি দল প্ৰেৰণ কৰিছিল । প্ৰতিনিধি দলৰ পৰামৰ্শ অনুসৰিয়ে ভাৰতৰ বিৰুদ্ধে ধৰ্মশালাত পাকিস্তানৰ খেলখন কলকাতালৈ স্থানান্তৰিত কৰা হৈছিল । সূত্ৰটোৱে লগতে কয় যে পিচিবিক চৰকাৰে প্ৰদান কৰা অনুমোদনৰ পাছত ভাৰত ভ্ৰমণ কৰা পাকিস্তান দলৰ চূড়ান্ত ঘোষণা কাৰ্যকৰী কৰা হ'ব । আনকি আন ক্ৰীড়াক্ষেত্ৰতো সংশ্লিষ্ট ৰাষ্ট্ৰীয় ফেডাৰেচনবোৰে যিকোনো প্ৰতিযোগিতাৰ বাবে তেওঁলোকৰ দলবোৰ ভাৰতলৈ প্ৰেৰণ কৰাৰ পূৰ্বে চৰকাৰৰ পৰা অনুমতি লাভ কৰিব লাগে ।

লগতে পঢ়ক :BCCI selectors to hike salary : দুগুণ বৃদ্ধি কৰা হ'ব বিচিচিআইৰ নিৰ্বাচকৰ দৰমহা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.