ETV Bharat / sports

Cricket World Cup 2023 : ঈশান কিষাণ উইকেটৰক্ষক হিচাপে প্ৰথম পছন্দ; নয়ন মংগিয়া

author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 4:57 PM IST

ভাৰতৰ প্ৰাক্তন উইকেটৰক্ষক নয়ন মংগিয়াৰ মতে, তেওঁ কে এল ৰাহুলৰ পৰিৱৰ্তে উইকেটৰ পিছফালে ঈশান কিষাণক ৰাখিবলৈ পছন্দ কৰিব । কিয়নো এই লাইনআপত এজন নিয়মীয়া উইকেটৰক্ষক থকাটো গুৰুত্বপূৰ্ণ । নয়ন মংগিয়াই ইটিভি ভাৰতৰ পৰেশ ডাভেৰ সৈতে হোৱা বিশেষ বাৰ্তালাপত এই মন্তব্য কৰে ।

Cricket World Cup 2023
Cricket World Cup 2023

স্পৰ্টছ ডেস্ক, ৩ অক্টোবৰ : সমগ্ৰ বিশ্বৰ কোটি কোটি অনুৰাগী এতিয়া ক্ৰিকেট জ্বৰত আক্ৰান্ত । কিয়নো আৰু মাত্ৰ এটা দিনৰ পিছতে অনুষ্ঠিত হ'ব ক্ৰিকেটৰ মহাৰণ এদিনীয়া বিশ্বকাপ । মুঠ দহটা দলৰ মাজত ক্ৰিকেটৰ এদিনীয়া সংস্কৰণৰ মুকুট পৰিধানৰ মাজত অনুষ্ঠিত হ'ব মৰণপণ যুঁজ । আনহাতে, বৰ্তমান ভাৰতত আৰম্ভ হৈছে আগতীয়া পূজাৰ উৎসাহ-উদ্দীপনা । কিয়নো ৫ অক্টোবৰৰ পৰা ভাৰতত অনুষ্ঠিত হ'ব ক্ৰিকেট বিশ্বৰ আটাইতকৈ অভিজাত এই বিশ্বকাপ প্ৰতিযোগিতা ।

তাৰ বাবে ইতিমধ্যে আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে বিশ্বকাপৰ মেচ অনুষ্ঠিত হ'বলগীয়া প্ৰতিখন ষ্টেডিয়াম আৰু চহৰ । এইবাৰৰ বিশ্বকাপত হট ফেভাৰিট হিচাপে অৱতীৰ্ণ হ'ব ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দল । ঘৰুৱা মাটিত অনুষ্ঠিত হোৱাৰ বাবে এইবাৰৰ বিশ্বকাপত ভাৰতৰ বাবে কিছু আগতীয়া সুবিধা থাকিব ।

আনহাতে, ঘৰুৱা দৰ্শকৰ সন্মুখত আশাব্যঞ্জক প্ৰদৰ্শন আগবঢ়াবৰ বাবে কিছু চাপতো থাকিব ভাৰতীয় দলটো । বিশ্বকাপ আৰম্ভ হ'বলৈ সাজু হোৱাৰ প্ৰাকক্ষণত ভাৰতে বিশ্বজয়ৰ ট্ৰফী দাঙি লোৱাৰ বাবে যেনেদৰে দৃঢ় প্ৰতিজ্ঞ হৈছে, তেনেদৰে অনুৰাগীসকলেও আশা কৰিব যে মেন ইন ব্লুৱে ২০১১ চনৰ কৃতিত্বৰ পুনৰাবৃত্তি কৰিব । কিন্তু প্ৰতিযোগিতাখনৰ পূৰ্বে দলৰ সংমিশ্ৰণ আৰু কে এল ৰাহুলে উইকেটৰক্ষকৰ গ্ল'ভছ পৰিধান কৰিবনে নাই সেই সন্দৰ্ভত যথেষ্ট আলোচনা হৈছে ।

উল্লেখ্য যে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৫ অক্টোবৰৰ আৰম্ভ হ'ব এদিনীয়া বিশ্বকাপ । বিশ্বকাপৰ দলত ভাৰতীয় নিৰ্বাচকসকলে ঘৰুৱা ক্ৰিকেটত ঝাৰখণ্ডক প্ৰতিনিধিত্ব কৰা যুৱ উইকেটৰক্ষক বেটাৰ ঈশান কিষাণক অন্তৰ্ভুক্ত কৰিছে । এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতীয় দলৰ এসময়ৰ নিৰ্ভৰযোগ্য উইকেটৰক্ষক নয়ন মংগিয়াই ।

ভাৰতৰ প্ৰাক্তন উইকেটৰক্ষক নয়ন মংগিয়াই ঈশান কিষাণক উইকেটৰক্ষক হিচাপে গ্ৰহণ কৰিবলৈ নিজৰ সমৰ্থন জনাইছে । লগতে তেওঁ পৰামৰ্শ দিয়ে যে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলে এবাৰত এটা খেলতহে মনোনিবেশ কৰিব লাগে । আনহাতে, প্ৰত্যাশাৰ বাবে কোনো অতিৰিক্ত চাপ ল'ব নালাগে বুলিও তেওঁ মন্তব্য কৰে ।

"ভাৰতৰ এগৰাকী নিয়মীয়া উইকেটৰক্ষক থাকিব লাগে আৰু মই এই ভূমিকাৰ বাবে ঈশান কিষাণক পছন্দ কৰিম । কিয়নো এই কাৰ্যই বলাৰসকলক আত্মবিশ্বাস প্ৰদান কৰিব । ঈশান কিষাণো এগৰাকী মানসম্পন্ন বাঁওহতীয়া বেটাৰ । কিন্তু ঈশান কিষাণ আৰু কে এল ৰাহুল তেওঁলোক দুয়োজন দলত থাকিলে সংকটৰ সময়ত দলটোক সহায় কৰিব ।" মংগিয়াই ইটিভি ভাৰতৰ সৈতে এক বিশেষ বাৰ্তালাপত এনেদৰে কয় ।

"শৃংখলাটোত সকলোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা আছে । দলটোত আক্ৰমণাত্মক বেটছমেন, অলৰাউণ্ডাৰৰ লগতে মানসম্পন্ন বলাৰ অন্তৰ্ভুক্ত আছে । ভাৰতীয় দলটোৱে এবাৰত এটাহে খেল ল'ব লাগে আৰু তেওঁলোকৰ কান্ধৰ পৰা প্ৰত্যাশাৰ অতিৰিক্ত চাপ আঁতৰ কৰিব লাগে ।" ১৪০ খন এদিনীয়া খেলত অংশগ্ৰহণ কৰা নয়ন মংগিয়াই লগতে কয় ।

আনহাতে, ভাৰতৰ বিশ্বকাপ জয়ৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি ৫৩ বছৰীয়া মংগিয়াই কয় যে টীম ইণ্ডিয়াই চলিত বিশ্বকাপ সংস্কৰণত বিশ্বকাপ জয়ৰ খৰাং সমাপ্ত কৰাৰ সুযোগ গ্ৰহণ কৰা উচিত ।

"ভাৰতে নিজৰ ঘৰুৱা খেলপথাৰত আৰু ঘৰুৱা দৰ্শকৰ সন্মুখত খেলিব । গতিকে এই কাৰকবোৰে তেওঁলোকৰ পক্ষত কাম কৰিব । ২০১১ চনৰ পিছত প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰিবলৈ ভাৰত এইবাৰ অত্যন্ত শক্তিশালী প্ৰতিদ্বন্দ্বী ।" তেওঁ কয় ।

ইফালে ১৪ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া বহু প্ৰত্যাশিত ভাৰত-পাকিস্তানৰ মেচ সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰি মংগিয়াই অনুৰাগীসকলক অনুৰোধ জনায় যে এই প্ৰতিদ্বন্দ্বিতাক 'যুদ্ধ' হিচাপে গণ্য নকৰিব । লগতে ইয়াক প্ৰতিযোগিতাখনৰ আন যিকোনো প্ৰতিদ্বন্দ্বিতাৰ দৰেই ভাবিবলৈ আহ্বান জনায় ।

"যদিও ভাৰত বনাম পাকিস্তানৰ মাজৰ সদায় এক তীব্ৰ স্নায়ুযুঁজৰ বিষয়, তথাপিও দৰ্শকে ইয়াক এক স্বাভাৱিক টুৰ্ণামেণ্ট মেচ হিচাপেই গ্ৰহণ কৰা উচিত । লগতে খেলুৱৈসকলৰ দুখন খেলৰ মাজত বিশ্ৰাম ল'বলৈ যথেষ্ট সময় থাকিব । আনহাতে, বতৰৰ কথা বিবেচনা কৰিলে প্ৰতিযোগিতাখনৰ শেষলৈকে খেলুৱৈসকল ভাগৰুৱা নহ'ব ।" নয়ন মংগিয়াই কয় । উল্লেখ্য যে এদিনীয়া ক্ৰিকেটত নয়ন মংগিয়াৰ কৃতিত্বত আছে ১,২৭২ এদিনীয়া ৰাণ ।

দলৰ সংমিশ্ৰণৰ বিষয়ে কথা পাতি নয়ন মংগিয়াই ভাৰতৰ স্পিন আক্ৰমণৰ প্ৰশংসা কৰি কয় যে ই দলটোৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । "স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিন, কুলদীপ যাদৱ আৰু ৰবীন্দ্ৰ জাদেজাই আয়োজক দেশৰ বাবে এক দুৰ্দান্ত স্পিন ত্ৰিমূৰ্তি সৃষ্টি কৰিব । তেওঁলোকে স্পিন-অনুকূল পিটছত বিপক্ষক সীমাবদ্ধ কৰি ৰাখিব পাৰে ।" সামৰণিত তেওঁ কয় ।

লগতে পঢ়ক :Cricket World Cup 2023: অশ্বিন-অক্ষৰৰ বিতৰ্কৰ ওপৰত মুকলিকৈ ক’লে সন্দীপ পাটিলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.