ETV Bharat / sports

ভাৰতক পিছত পেলাই আইচিচি টেষ্ট টীম ৰেংকিঙৰ শীৰ্ষস্থানত নিউজিলেণ্ড

author img

By

Published : Jun 14, 2021, 10:32 AM IST

দেওবাৰে বিৰমিংহামত ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাত জয়লাভৰ পিছতেই ভাৰতক পিছ পেলাই আইচিচি (ICC) টেষ্ট টীম ৰেংকিঙৰ শীৰ্ষত উপস্থিত কিৱি বাহিনী ৷

NZ dislodge India from top spot in ICC Test team rankings after series win over England
ভাৰতক পিছত পেলাই আই চি চি টেষ্ট টিম ৰেংকিঙৰ প্ৰথম স্থানত নিউজিলেণ্ড

স্প’ৰ্টছ ডেস্ক, 14 জুন : আইচিচি (ICC) টেষ্ট টীম ৰেংকিঙত ভাৰতক পিছত পেলাই প্ৰথম স্থান দখল নিউজিলেণ্ডৰ ৷ দেওবাৰে বিৰমিংহামত ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাত জয়লাভৰ পিছতেই প্ৰথম স্থানত অধিষ্ঠিত হয় নিউজিলেণ্ড ৷

18 জুনত চাউথহেমপটনত ভাৰতৰ বিপক্ষে অৱতীৰ্ণ হ’বলগীয়া ‘ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ’ (Worls Test Championship)ৰ চূড়ান্ত খেলৰ পূৰ্বে দুখন খেলৰ শৃংখলাত ইংলেণ্ডক 1-0 ত পৰাস্ত কৰে কিৱি বাহিনীয়ে ৷ পূৰ্বে আইচিচি (ICC) টেষ্ট টীম ৰেংকিঙত ভাৰতৰ পিছত দ্বিতীয় স্থানত থকা নিউজিলেণ্ডে দেওবাৰৰ বিজয়ৰ পিছতে 3 পইণ্টৰে তালিকাৰ শীৰ্ষত উপস্থিত হয় ৷

শেহতীয়া ৰেংকিঙত কেন উইলিয়ামছন নেতৃত্বাধীন নিউজিলেণ্ড দলে লাভ কৰিছে 123 পইণ্ট ৷ ইয়াৰ বিপৰীতে দ্বিতীয় স্থান দখলকাৰী ভাৰত আছে 121 পইণ্টত ৷ কিন্তু ভাৰতে 28 খন মেচত 2914 পইণ্ট লাভ কৰাৰ বিপৰীতে নিউজিলেণ্ডৰ হাতত আছে 19 খন মেচৰ মুঠ 2593 পইণ্ট ৷

এই তালিকাৰ তৃতীয় স্থানত 108 পইণ্টৰে আছে অষ্ট্ৰেলিয়া ৷ ইয়াৰ বিপৰীতে ক্ৰমান্বয়ে চতুৰ্থ আৰু পঞ্চম স্থানত আছে 107 পইণ্টৰে ইংলেণ্ড আৰু 94 পইণ্টৰে পাকিস্তান ৷

লগতে পঢ়ক- ক’ভিডত আক্ৰান্ত হৈ মিলখা সিঙৰ পত্নীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.