ETV Bharat / sports

ধোনীৰ নতুন ৰূপে আকৰ্ষণ কৰিছে অনুৰাগীক

author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 12:02 PM IST

Dhoni new look : দীঘল চুলিৰ সৈতে মহেন্দ্ৰ সিং ধোনীৰ নতুন ৰূপে অনুৰাগীসকলৰ মাজত ব্যাপক কৌতূহলৰ সৃষ্টি কৰিছে । হকী অলিম্পিক কোৱালিফায়াৰা মেচত ভাৰতক সমৰ্থনৰ বাবে ৰাঁচীৰ ষ্টেডিয়ামক উপস্থিত হোৱাৰ লগে লগে ধোনীক চাবলৈ হেতা-ওপৰা দৰ্শক তথা অনুৰাগীৰ । সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ' ।

Dhoni new look
ধোনীৰ নতুন ৰূপে আকৰ্ষণ কৰিছে অনুৰাগীক

স্পৰ্টছ ডেস্ক, ১৯ জানুৱাৰী : ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ নতুন ৰূপক লৈ অনুৰাগীৰ মাজত ব্যাপক চৰ্চা চলিছে । দীঘল চুলিৰ এই ৰূপটোৱে অনুৰাগীসকলক যথেষ্ট আকৰ্ষণ কৰিবলৈও সক্ষম হৈছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথম খোজ দিয়াৰ সময়ত ধোনীৰ যি ৰূপ আছিল, পুনৰ এবাৰ তেনে ৰূপ দেখি আপ্লুত অনুৰাগী ৷

শেহতীয়াকৈ মহেন্দ্ৰ সিং ধোনীৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । এই ভিডিঅ'টো হকী খেলপথাৰৰ আছিল । য'ত ধোনীয়ে ভাৰতীয় মহিলা হকী দলক সমৰ্থন কৰিবলৈ গৈছিল । তেওঁৰ অনুৰাগীসকলে এই ভিডিঅ'টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰা দেখা গৈছে ।

উল্লেখ্য যে, ভাৰতীয় মহিলা হকী দলে ৰাঁচীৰ জয়পাল সিং মুণ্ডা এষ্ট্ৰোটাৰ্ফ হকী ষ্টেডিয়ামত অলিম্পিকৰ যোগ্যতা অৰ্জনৰ বাবে খেলি আছে । শেহতীয়াকৈ হৈ যোৱা এখন খেলত ধোনীয়েও দলটোৰ সমৰ্থনৰ বাবে ষ্টেডিয়াম উপস্থিত হৈছিল । এই সময়ছোৱাত তেওঁ অনুৰাগীসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ।

অনুৰাগীসকলক তেওঁৰ অটোগ্ৰাফ বিচৰা দেখা গৈছিল । এই সময়ছোৱাত তেওঁক চাবলৈ ষ্টেডিয়ামৰ বাহিৰতো এক বৃহৎ জনসমাগম দেখা গৈছিল । সকলোৱে তেওঁলোকৰ প্ৰিয় ক্ৰিকেটাৰ ধোনীৰ সৈতে ফটো তুলিবলৈ আৰু ভিডিঅ' বনাবলৈ আগ্ৰহী দেখা গৈছিল ।

ধোনীৰ এই ভিডিঅ'টো হকী ইণ্ডিয়াৰ অফিচিয়েল একাউণ্টত শ্বেয়াৰ কৰা হৈছে । এই ভিডিঅ'টোত ধোনীৰ ৰূপ কিছু ব্যতিক্ৰম দেখা গৈছে । তেওঁ ক'লা ৰঙৰ পোছাক পিন্ধি আছে আৰু তেওঁ দীঘল চুলি অনুৰাগীসকলৰ বাবে কৌতূহলৰ বিষয় আছিল ।

শেহতীয়াকৈ, ধোনীৰ আন এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । এই ভিডিঅ'টোত ধোনীক বেটিঙৰ অনুশীলন কৰা দেখা গৈছে ।

লগতে পঢ়ক : অলিম্পিকৰ যোগ্যতা অৰ্জন, ভাৰতীয় মহিলা হকী দলৰ সন্মুখত অন্তিম সুযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.