স্পৰ্টছ ডেস্ক,৩০ ছেপ্টেম্বৰ : এইবাৰে ভাৰতে আয়োজন কৰিছে ক্ৰিকেট বিশ্বকাপ ২০২৩ । ইতিমধ্যে প্ৰস্তুতি খেলবোৰ আৰম্ভ হৈছে যদিও মূল প্ৰতিযোগিতালৈ মাত্ৰ ৬ দিন বাকী আছে । ভাৰতে অন্তিমবাৰৰ বাবে ২০১১ চনৰ বিশ্বকাপ আয়োজন কৰিছিল আৰু বিজয়ীও হৈছিল । এইবাৰো ভাৰতক বিশ্বকাপৰ বাবে শক্তিশালী দাবীদাৰ হিচাপে গণ্য কৰা হৈছে । ১৯৭৫ চনৰ পৰা মুঠ ১২ টা বিশ্বকাপ অনুষ্ঠিত হৈছে । ভাৰতীয় দল ১৯৮৩ আৰু ২০১১ চনত দুবাৰ বিশ্ব চেম্পিয়ন হৈছে । আনহাতে ২০০৩ চনত ভাৰতে ফাইনেলত পৰাজয়ৰ সন্মুখীন হ'ব লগা হৈছিল । ১৯৭৫ চনৰ পৰা ২০১৯ চনলৈ ক্ৰিকেট বিশ্বকাপত ভাৰতীয় দলটোৰ যাত্ৰা আৰু প্ৰদৰ্শন কেনে আছিল চাও আহক ।
- ১৯৭৫ বিশ্বকাপ :
ক্ৰিকেট বিশ্বকাপৰ প্ৰথম সংস্কৰণ ইংলেণ্ডত অনুষ্ঠিত হৈছিল । এছ ভেংকটৰাঘৱন বিশ্বকাপত ভাৰতৰ প্ৰথম অধিনায়ক আছিল । এই বিশ্বকাপত ভাৰতীয় দলৰ প্ৰদৰ্শন বিশেষ লক্ষণীয় নাছিল । ভাৰতে ৩ খন খেলৰ ভিতৰত কেৱল পূব আফ্ৰিকাৰ বিৰুদ্ধে হোৱা খেলখনত জয়লাভ কৰিছিল আৰু ভাৰতীয় দলটো সেই বিশ্বকাপত ৫ম স্থানত আছিল । সেই বিশ্বকাপৰ বিজয়ী আছিল ৱেষ্ট ইণ্ডিজ দল ।
ভাৰতীয় দল : এছ ভেংকটৰাঘৱন (অধিনায়ক), চৈয়দ আবিদ আলী, মহিন্দৰ অমৰনাথ, বিষেণ সিং বেদী (উপ-অধিনায়ক), ফাৰুখ ইঞ্জিনিয়াৰ (উইকেটকিপাৰ), অংশুমান গায়কোৱাড়, সুনীল গাভাস্কাৰ, কাৰ্চন গাভৰী, মদন লাল, ব্ৰীজেশ পেটেল, একনাথ চোলকাৰ, গুণ্ডাপ্পা বিশ্বনাথ, চৈয়দ কিৰমানি (উইকেটকিপাৰ), পাৰ্থসাৰথি শৰ্মা ।

- ১৯৭৯ বিশ্বকাপ :
১৯৭৯ চনৰ ক্ৰিকেট বিশ্বকাপ পুনৰ ইংলেণ্ডে আয়োজন কৰিছিল । দুৰ্বল প্ৰদৰ্শন স্বত্বেও, এই বিশ্বকাপত ভাৰতীয় দলৰ নেতৃত্ব এছ. ভেংকটৰাঘৱনক দিয়া হৈছিল । এই বিশ্বকাপত ভাৰতীয় দলৰ প্ৰদৰ্শন ১৯৭৫ তকৈও বেয়া আছিল আৰু প্ৰতিযোগিতাখনৰ তিনিওখন খেলতে পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ হৈছিল । ৱেষ্ট ইণ্ডিজে ভাৰতক ৯ উইকেটত আৰু নিউজিলেণ্ডক ৮ উইকেটত পৰাস্ত কৰিছিল । এই বিশ্বকাপত শ্ৰীলংকাৰ দৰে দুৰ্বল দলেও ভাৰতক পৰাজিত কৰিছিল । ভাৰতে এই বিশ্বকাপত ৭ম স্থান লাভ কৰিছিল আৰু ৱেষ্ট ইণ্ডিজ একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন হৈছিল ।
ভাৰতীয় দল : এছ ভেংকটৰাঘৱন (অধিনায়ক), মহিন্দৰ অমৰনাথ, বিষেণ সিং বেদী, অংশুমান গায়কোৱাড়, সুনীল গাভাস্কাৰ (উপ-অধিনায়ক), কাৰ্চন গাভৰী, কপিল দেৱ, সুৰিন্দৰ খান্না (উইকেটকিপাৰ), ব্ৰীজেশ পেটেল, দিলীপ ভেংচৰকাৰ, গুণ্ডাপ্পা বিশ্বনাথ, ভাৰত ৰেড্ডী, যজুৰবিন্দৰ সিং, যশপাল শৰ্মা ।

- ১৯৮৩ বিশ্বকাপ :
১৯৮৩ চনত ইংলেণ্ডত একেৰাহে তৃতীয়বাৰৰ বাবে ক্ৰিকেট বিশ্বকাপ আয়োজন কৰা হয় । প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় দলটোক এক দুৰ্বল দল হিচাপে গণ্য কৰা হৈছিল । অনুশীলন খেলখনত ভাৰতীয় দলটো ইংলেণ্ডৰ কাউণ্টি দলৰ হাতত পৰাজিত হৈছিল । কিন্তু মূল ৰাউণ্ডৰ খেল আৰম্ভ হোৱাৰ লগে লগে ভাৰতীয় দলৰ খেলুৱৈসকল ফৰ্মত আহিছিল । ভাৰতে লীগ ৰাউণ্ডত ৱেষ্ট ইণ্ডিজৰ দৰে শক্তিশালী দলক পৰাস্ত কৰি সকলোকে আচৰিত কৰিছিল । ইয়াৰ পাছতে কপিল দেৱৰ অধিনায়কত্বত ভাৰতীয় দলে ফাইনেলত ৱেষ্ট ইণ্ডিজক ৪৩ ৰাণত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হয় ।
ভাৰতীয় দল : কপিল দেৱ (অধিনায়ক), মহিন্দৰ অমৰনাথ (উপ-অধিনায়ক), কীৰ্তি আজাদ, ৰজাৰ বিন্নি , সুনীল গাভাস্কাৰ, চৈয়দ কিৰমানি (উইকেটকিপাৰ), মদন লাল, সন্দীপ পাটিল, বলবিন্দৰ সন্ধু, যশপাল শৰ্মা, ৰবি শাস্ত্ৰী, কৃষ্ণমাচাৰী শ্ৰীকান্ত, সুনীল ভালচন, দিলীপ ভেংচৰকাৰ ।

- ১৯৮৭ বিশ্বকাপ :
ভাৰত আৰু পাকিস্তানে যুটীয়াভাৱে ১৯৮৭ চনৰ বিশ্বকাপ আয়োজন কৰিছিল । কপিল দেৱৰ অধিনায়কত্বত ভাৰতীয় ক্ৰিকেট দলে সুন্দৰ প্ৰদৰ্শন কৰে আৰু ছেমি ফাইনেললৈ যোৱাৰ পথ প্ৰশস্ত কৰে । অৱশ্যে ছেমি ফাইনেলত ভাৰত ইংলেণ্ডৰ হাতত পৰাজিত হয় । নিউজিলেণ্ডৰ বিৰুদ্ধে খেলখনত ভাৰতৰ বলাৰ চেতন শৰ্মাই বিশ্বকাপৰ প্ৰথমটো হেট্ৰিক অৰ্জন কৰে।
ভাৰতীয় দল : কপিল দেৱ (অধিনায়ক), কৃষ্ণমাচাৰী শ্ৰীকান্ত, দিলীপ ভেংচৰকাৰ (উপ-অধিনায়ক), মহম্মদ আজহাৰউদ্দিন, ৰজাৰ বিন্নি, সুনীল গাভাস্কাৰ, মনিন্দৰ সিং, কিৰণ মোৰে (উইকেটকিপাৰ), চন্দ্ৰকান্ত পণ্ডিত, মনোজ প্ৰভাকৰ, চেতন শৰ্মা, ৰবি শাস্ত্ৰী, নৱজ্যোত সিং সিদ্ধু, লক্ষ্মণ শিৱৰামকৃষ্ণন ।
- ১৯৯২ বিশ্বকাপ :
নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াই যুটীয়াভাৱে প্ৰথমবাৰৰ বাবে ১৯৯২ চনৰ বিশ্বকাপ আয়োজন কৰিছিল । ভাৰতে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ হাতত সামান্য ব্যৱধানত পৰাজিত হৈছিল । ক্ৰিকেটৰ ভগৱান বুলি কোৱা শচীন তেণ্ডুলকাৰক প্ৰথমবাৰৰ বাবে এই বিশ্বকাপত খেলি থকা দেখা গৈছিল । ভাৰতে এই বিশ্বকাপত ৭ম স্থান লাভ কৰিছিল । ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি ইমৰান খানৰ অধিনায়কত্বত পাকিস্তান বিশ্ব চেম্পিয়ন হৈছিল ।
ভাৰতীয় দল : মহম্মদ আজহাৰউদ্দিন (অধিনায়ক), সুব্ৰত বেনাৰ্জী, শচীন তেণ্ডুলকাৰ, অজয় জাদেজা, বিনোদ কাম্বলী, কপিল দেৱ, ৰবি শাস্ত্ৰী (উপ-অধিনায়ক), সঞ্জয় মঞ্জৰেকাৰ, কিৰণ মোৰে (উইকেটকিপাৰ), মনোজ প্ৰভাকৰ, ভেঙ্কটপতি ৰাজু, কৃষ্ণমাচাৰী শ্ৰীকান্ত, জাৱাগল শ্ৰীনাথ, প্ৰবীণ আমৰে ।

- ১৯৯৬ বিশ্বকাপ :
১৯৯৬ চনৰ বিশ্বকাপ ভাৰতে আয়োজন কৰিছিল । মহম্মদ আজহাৰউদ্দিনৰ অধিনায়কত্বত ভাৰতীয় দলটো বিজয়ৰ শক্তিশালী দাবীদাৰ হিচাপে গণ্য কৰা হৈছিল । কোৱাৰ্টাৰ ফাইনেলত ভাৰতে পাকিস্তানক পৰাস্ত কৰে, কিন্তু ছেমি ফাইনেলত শ্ৰীলংকাৰ হাতত পৰাস্ত হয় । শ্ৰীলংকাৰ দলে ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ দখল কৰে ।
ভাৰতীয় দল : মহম্মদ আজহাৰউদ্দিন (অধিনায়ক), শচীন তেণ্ডুলকাৰ (উপ-অধিনায়ক), বিনোদ কাম্বলী, আশীষ কাপুৰ, অনিল কুম্বলে, সঞ্জয় মঞ্জৰেকাৰ, নয়ন মংগিয়া (উইকেটকিপাৰ), মনোজ প্ৰভাকৰ, ভেঙ্কটেশ প্ৰসাদ, নৱজ্যোত সিং সিদ্ধু, জাৱাগল শ্ৰীনাথ, অজয় জাদেজা, সলিল আংকোলা, ভেঙ্কটপতি ৰাজু ।

- ১৯৯৯ বিশ্বকাপ :
১৯৯৯ চনৰ বিশ্বকাপত ভাৰতীয় দলটোৰ নেতৃত্ব দিছিল মহম্মদ আজহাৰউদ্দিনে । ভাৰতে এই বিশ্বকাপত ষষ্ঠ স্থান লাভ কৰিছিল । ভাৰতে লীগ মেচত পাকিস্তান আৰু শ্ৰীলংকাক পৰাস্ত কৰিছিল কিন্তু কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হৈছিল । অষ্ট্ৰেলিয়া দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন হৈছিল ।
ভাৰতীয় দল : মহম্মদ আজহাৰউদ্দিন (অধিনায়ক), সৌৰভ গাংগুলী, অজয় জাদেজা (উপ-অধিনায়ক), সদাগোপন ৰমেশ, ৰাহুল দ্ৰাবিড়, ৰবিন সিং, অজিত আগৰকাৰ, অনিল কুম্বলে, নয়ন মংগিয়া (উইকেটকিপাৰ), শচীন তেণ্ডুলকাৰ, ভেঙ্কটেশ প্ৰসাদ, নিখিল চোপ্ৰা, দেৱশীষ মোহান্তি, জাৱাগল শ্ৰীনাথ, অময় খুৰাছিয়া ।

- ২০০৩ বিশ্বকাপ :
২০০৩ চনৰ বিশ্বকাপত, ভাৰতীয় দলৰ নেতৃত্ব সৌৰভ গাংগুলীৰ হাতত আছিল । দক্ষিণ আফ্ৰিকাই প্ৰথমবাৰৰ বাবে এই বিশ্বকাপ আয়োজন কৰিছিল । ভাৰতীয় দলটোৱে এই সমগ্ৰ বিশ্বকাপত সুন্দৰ খেলিছিল আৰু অষ্ট্ৰেলিয়াৰ বাহিৰে সকলো দলক পৰাস্ত কৰিছিল । অৱশ্যে, চূড়ান্ত খেলখনত অষ্ট্ৰেলিয়াই ভাৰতক ১২৫ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে আৰু দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন হোৱাৰ ভাৰতৰ সপোন ভংগ কৰে ।
ভাৰতীয় দল : সৌৰভ গাংগুলী (অধিনায়ক), ৰাহুল দ্ৰাবিড় (উপ-অধিনায়ক/উইকেটকিপাৰ), বীৰেন্দ্ৰ ছেহৱাগ, শচীন তেণ্ডুলকাৰ, যুৱৰাজ সিং, মহম্মদ কাইফ, হৰভজন সিং, জাৱাগল শ্ৰীনাথ, জাহিৰ খান, অনিল কুম্বলে, পাৰ্থিৱ পেটেল (উইকেটকিপাৰ), দিনেশ মংগিয়া, সঞ্জয় বাংগাৰ, আশীষ নেহৰা, অজিত আগৰকাৰ ।

- ২০০৭ বিশ্বকাপ :
ৱেষ্ট ইণ্ডিজৰ দ্বাৰা আয়োজিত এই বিশ্বকাপ ভাৰতৰ বাবে বৰ বেয়া আছিল । শচীন তেণ্ডুলকাৰ, সৌৰভ গাংগুলী, ৰাহুল দ্ৰাবিড় আৰু যুৱৰাজ সিঙৰ দৰে তাৰকাৰে সজ্জিত ভাৰতীয় দলটো বাংলাদেশৰ দৰে দুৰ্বল দলৰ হাতত পৰাজিত হোৱাৰ পিছত গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হৈ যায় । ভাৰতে এই বিশ্বকাপত ৯ম স্থান লাভ কৰিছিল । এই লজ্জাজনক প্ৰদৰ্শনৰ পাছত, ভাৰতৰ অধিনায়ক ৰাহুল দ্ৰাবিড়ে পদত্যাগ কৰে । ৰিকি পন্টিঙৰ অধিনায়কত্বত অষ্ট্ৰেলিয়া চতুৰ্থবাৰৰ বাবে বিশ্ব চেম্পিয়ন হয় ।
ভাৰতীয় দল : ৰাহুল দ্ৰাবিড় (অধিনায়ক), শচীন তেণ্ডুলকাৰ, সৌৰভ গাংগুলী, ৰবীন উথাপ্পা, বীৰেন্দ্ৰ ছেহৱাগ, যুৱৰাজ সিং (উপ-অধিনায়ক), মহেন্দ্ৰ সিং ধোনী (উইকেটকিপাৰ), দিনেশ কাৰ্তিক (উইকেটকিপাৰ), ইৰফান পাঠান, অজিত আগৰকাৰ, হৰভজন সিং, অনিল কুম্বলে, জাহিৰ খান, শ্ৰীশান্ত, মুনাফ পেটেল ।

- ২০১১ বিশ্বকাপ :
২০১১ চনৰ বিশ্বকাপ ভাৰত, বাংলাদেশ আৰু শ্ৰীলংকাই যুটীয়াভাৱে আয়োজন কৰিছিল । মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত ভাৰতে ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন হয় । কোৱাৰ্টাৰ ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়া আৰু ছেমি ফাইনেলত পাকিস্তানৰ দৰে শক্তিশালী দলক পৰাস্ত কৰে । অন্তিম বিশ্বকাপ খেলি মাষ্টাৰ-ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ বিশ্বকাপ জয়ী হোৱাৰ সপোন পূৰণ হৈছিল । তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙে তেওঁৰ সৰ্বাংগীন প্ৰদৰ্শনৰ আধাৰত ভাৰতক বিশ্বকাপ জয় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।
ভাৰতীয় দল : মহেন্দ্ৰ সিং ধোনী (অধিনায়ক/উইকেটকিপাৰ), বীৰেন্দ্ৰ ছেহৱাগ (উপ-অধিনায়ক), গৌতম গম্ভীৰ, শচীন তেণ্ডুলকাৰ, যুৱৰাজ সিং, সুৰেশ ৰাইনা, বিৰাট কোহলী, ইউছুফ পাঠান, জাহিৰ খান, হৰভজন সিং, আশীষ নেহৰা, মুনাফ পেটেল, এছ শ্ৰীশান্ত, পীযুষ চাওলা, আৰ অশ্বিন ।

- ২০১৫ বিশ্বকাপ :
অষ্ট্ৰেলিয়াই আয়োজন কৰা ২০১৫ চনৰ বিশ্বকাপত, ভাৰতীয় দলে সুন্দৰ প্ৰদৰ্শন কৰিছিল আৰু ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল । অৱশ্যে, অষ্ট্ৰেলিয়াই ছেমি ফাইনেলত ভাৰতক পৰাস্ত কৰে আৰু তৃতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন হোৱাৰ সপোন ভংগ কৰে । ভাৰতৰ হৈ বিৰাট কোহলী, শিখৰ ধাৱান আৰু বলাৰ যশপ্ৰীত বুমৰাহে সুন্দৰ খেলিছিল । ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি কেংগাৰু দলটো অভিলেখ পঞ্চমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হৈছিল ।
ভাৰতীয় দল : এম এছ ধোনী (অধিনায়ক/উইকেটকিপাৰ), বিৰাট কোহলী (উপ-অধিনায়ক), ৰবিচন্দ্ৰন অশ্বিন, ষ্টুৱাৰ্ট বিনি, শিখৰ ধাৱান, ৰবীন্দ্ৰ জাদেজা, ভুৱনেশ্বৰ কুমাৰ, অক্ষৰ পেটেল, আজিংক্য ৰাহানে, সুৰেশ ৰাইনা, অম্বাতি ৰায়ডু (উইকেটকিপাৰ), যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, মোহিত শৰ্মা, ৰোহিত শৰ্মা, উমেশ যাদৱ ।

- ২০১৯ বিশ্বকাপ :
২০১৯ ৰ বিশ্বকাপ ইংলেণ্ডে আয়োজন কৰে । বিৰাট কোহলীৰ অধিনায়কত্বত ভাৰতীয় ক্ৰিকেট দলে আকৌ এবাৰ বিশ্বকাপত সুন্দৰ প্ৰদৰ্শন কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে, কিন্তু বৰষুণৰ পাছত ছেমি ফাইনেলত নিউজিলেণ্ডৰ হাতত পৰাস্ত হয় ভাৰত । এই খেলখনত ধোনীৰ ৰানআউট এতিয়াও ক্ৰিকেট প্ৰেমীসকলৰ মনত আছে । এই খেলখন ধোনীৰ অন্তিম খন এদিনীয়া খেল হিচাপে প্ৰমাণিত হৈছিল আৰু তাৰ পাছত তেওঁ এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল । সমগ্ৰ প্ৰতিযোগিতাখনত ভাৰতৰ তাৰকা অপেনাৰ বেটছমেন ৰোহিত শৰ্মাই অভিলেখ ৫ টা শতক অৰ্জন কৰিছিল । ক্ৰিকেটৰ পিতৃ ইংলেণ্ডে ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হয় ।
ভাৰতীয় দল : বিৰাট কোহলী (অধিনায়ক), ৰোহিত শৰ্মা (উপ-অধিনায়ক), এম এছ ধোনী (উইকেটকিপাৰ), কে এল ৰাহুল, দিনেশ কাৰ্তিক (উইকেটকিপাৰ), ঋষভ পন্ত (উইকেটকিপাৰ), শিখৰ ধাৱান, বিজয় শংকৰ, কেদাৰ যাদৱ, যুজবেন্দ্ৰ চাহল, কুলদীপ যাদৱ, ভুৱনেশ্বৰ কুমাৰ, যশপ্ৰীত বুমৰাহ, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, মহম্মদ ছামী ।

লগতে পঢ়ক :ICC World Cup 2023 : দৰ্শকৰ আশাত চেঁচা পানী; বৰষুণৰ বাবে বিলম্ব ভাৰত–ইংলেণ্ডৰ ৱাৰ্ম আপ মেচত