ETV Bharat / sports

Indian Cricketer Jadeja : জাদেজাৰ বিষয়ে কি ক'লে তেওঁৰ শৈশৱৰ প্ৰশিক্ষকে ?

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 10:14 AM IST

বিশ্বৰ অলৰাউণ্ডাৰসকলৰ ভিতৰত টেষ্ট ৰেঙ্কিঙত শীৰ্ষত আছে ভাৰতৰ ৰবীন্দ্ৰ জাদেজা । তেওঁৰ বলিং আৰু বেটিঙৰ বিষয়ে সকলো ক্ৰিকেটপ্ৰেমীয়ে জানে । বিশ্বকাপৰ প্ৰাকক্ষণত তেওঁৰ প্ৰদৰ্শনকলৈ আশাবাদী সকলো ভাৰতীয় । এই সময়ত তেওঁ শৈশৱৰ আৰু প্ৰথমগৰাকী প্ৰশিক্ষকে কি কয় জানো আহক ?

Indian Cricketer Jadeja
জাদেজাৰ বিষয়ে কি ক'লে তেওঁৰ শৈশৱৰ প্ৰশিক্ষকে

স্পৰ্টছ ডেস্ক,১ অক্টোবৰ : ৫ অক্টোবৰত বিশ্বকাপ অভিযান আৰম্ভ হ'ব । লগে লগে প্ৰতিটো দলে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । ভাৰতীয় দলটোও প্ৰতিযোগিতাৰ বাবে সাজু হৈছে । ইফালে দলটোৰ স্পিনাৰসকলেও তেওঁলোকৰ পক্ষত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে । অৱশ্যে, ভাৰতীয় অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ বেটিঙৰ সৈতে অতিৰিক্ত দায়িত্ব থাকিব । তেওঁৰ শৈশৱৰ প্ৰশিক্ষক মহেন্দ্ৰ সিং চৌহানে ইটিভি ভাৰতক এই গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাৰ পূৰ্বে ক্ৰিকেটাৰ আৰু ভাৰতৰ বিশ্বকাপ জয়ী হোৱাৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰে ।

চৌহানে কয় যে ভাৰতৰ হাতত ৰবীন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন আৰু হাৰ্দিক পাণ্ডিয়াৰ দৰে অলৰাউণ্ডাৰ আছে যিয়ে অন্তিম অভাৰবোৰত ভাল প্ৰদৰ্শন কৰিব পাৰে আৰু ই ভাৰতৰ বেটিং লাইনআপক যথেষ্ট শক্তিশালী কৰি তুলিব। তেওঁ লগতে কয় যে ভাৰতৰ উপৰিও ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ হাতটো তেনে গুৰুত্বপূৰ্ণ অলৰাউণ্ডাৰ আছে ।

তেওঁ কয়, "ভাৰতৰ ৰবীন্দ্ৰ জাদেজা, হাৰ্দিক পাণ্ডিয়া আৰু অশ্বিনৰ দৰে অলৰাউণ্ডাৰ আছে আৰু তেনে উৎকৃষ্ট অলৰাউণ্ডাৰ থকা দলবোৰৰ প্ৰতিযোগিতাখনত জয়ী হোৱাৰ সম্ভাৱনা আন দলবোৰতকৈ অধিক । এই খেলুৱৈসকলে খেলৰ গুৰুত্বপূৰ্ণ অভাৰত উৎকৃষ্টতা দেখুৱাব পাৰে যাৰ ফলত ভাৰতীয় বেটিং লাইনআপও যথেষ্ট শক্তিশালী হৈ পৰে ।"

তেওঁ কয়, "ভাৰত মোৰ প্ৰিয় আৰু মই আগন্তুক বিশ্বকাপত তেওঁলোকৰ বিজয় কামনা কৰিছো । কিন্তু, ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ হাতত ট্ৰফী জিকাৰ যথেষ্ট সুযোগ আছে । লগতে, পাকিস্তানো এক শক্তিশালী দল ।"

জাদেজাৰ সৈতে তেওঁৰ প্ৰথম সাক্ষাৎ আৰু প্ৰাৰম্ভিক প্ৰশিক্ষণৰ দিনবোৰৰ কথা মনত পেলাই চৌহানে কয় যে স্পিনাৰ তথা অলৰাউণ্ডাৰ জাদেজাই প্ৰাৰম্ভিক পৰ্যায়ত পেচাৰ হ'ব বিচাৰিছিল ।

চৌহানে কয়, "মই যেতিয়া তেওঁক লগ পাইছিলো তেওঁৰ বয়স ৮ বছৰ আছিল । তেওঁ তেওঁৰ পিতৃ আৰু মাতৃৰ সৈতে আহিছিল আৰু তেতিয়াৰ পৰা ক্ৰিকেটৰ প্ৰতি তেওঁৰ আগ্ৰহ স্পষ্ট আছিল । প্ৰথমতে, তেওঁ এগৰাকী ফাষ্ট বলাৰ হ'ব বিচাৰিছিল কিন্তু তেওঁ পাছত স্পিন বলিং আৰু বেটিঙত মনোনিৱেশ কৰে । তেওঁ উচ্চতা অলপ কম আছিল সেয়ে তেওঁৰ বাবে ই অধিক উপযুক্ত আছিল । এই সিদ্ধান্তৰ পাছত তেওঁ সুন্দৰ ফলাফল লাভ কৰে আৰু তেওঁ এতিয়া বিশ্বৰ এগৰাকী আগশাৰীৰ অলৰাউণ্ডাৰ ।"

ৰবীন্দ্ৰ জাদেজাৰ গেমপ্লেৰ বিষয়ে নিজৰ মতামত ব্যক্ত কৰি তেওঁ কয় যে খেলপথাৰত তেওঁৰ ক্ষিপ্ৰতাৰ বাবে তেওঁ আনবোৰ খেলুৱৈত কৈ পৃথক । চৌহানে কয়, "খেলপথাৰত তেওঁৰ ক্ষিপ্ৰতাৰ বাবে তেওঁ এগৰাকী তাৰকা খেলুৱৈ হৈ পৰিছে । তেওঁ বেটেৰে ভাৰতৰ হৈ বিভিন্ন সময়ত খেল জয়ী কৰাইছে আৰু তেওঁৰ ক্ষিপ্ৰতাই প্ৰায়ে তেওঁক ষ্ট্ৰাইক ঘূৰাই অনাত সহায় কৰে । লগতে, তেওঁ স্লগ অভাৰ অৰ্থাৎ খেলৰ অন্তিম আৰু গুৰুত্বপূৰ্ণ সময়ত আক্ৰমণাত্মক দক্ষতা প্ৰদৰ্শন কৰি আহিছে ।"

প্ৰশিক্ষকগৰাকীয়ে কয়, "মই তেওঁৰ খেলবোৰ টিভিত চোৱা নাই কিন্তু মই মানুহৰ পৰা তেওঁৰ প্ৰদৰ্শনৰ বিষয়ে জানিব পাৰিছো । যেতিয়াই মই শুনিছো যে তেওঁ হতাশাজনক প্ৰদৰ্শন কৰিছে, মইও বিচলিত হৈ পৰো । ৰবীন্দ্ৰ নিঃসন্দেহে এজন তীব্ৰবেগী ফিল্ডাৰ আৰু মই তেওঁৰ বলিঙতো উন্নতি দেখিছো । লগতে, তেওঁ তেওঁৰ অভাৰবোৰ সোনকালে শেষ কৰি দলটোৰ বাবে খুব ভালদৰে কাম কৰে । লগতে, তেওঁৰ হাৰ্ড-হিটিং প্ৰদৰ্শন কৰাৰ আৰু এক আকৰ্ষণীয় ষ্ট্ৰাইক ৰেটৰ সৈতে স্ক'ৰ কৰাৰ ক্ষমতা আছে ।"

চৌহানে লগতে কয় যে জাদেজাই যিধৰণে আগবাঢ়িছে তেওঁক কোনো পৰামৰ্শৰ প্ৰয়োজন নাই । প্ৰশিক্ষকগৰাকীয়ে কয়, "ৰবীন্দ্ৰক কোনো পৰামৰ্শ দিয়াৰ প্ৰয়োজন নাই । মই মাত্ৰ কামনা কৰো যাতে তেওঁলোক বিশ্বকাপত জয়ী হয় । মই তেওঁৰ সৈতে ফোনত কথা পাতি আছো আৰু তেওঁ ইয়াত স্থানীয় ক্ৰিকেটাৰসকলৰ বিষয়ে তেওঁ সুধিছে ।"

লগতে পঢ়ক :Asian Games 2023 : এছিয়ান গেমছত অসম কন্যা লাভলীনাৰ সফলতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.