ETV Bharat / sports

কেকেআৰৰ পৰাজয়: অনুৰাগীৰ ওচৰত ক্ষমা বিচাৰিলে শ্বাহৰুখে - কলকাতা নাইট ৰাইডাৰ্ছ

কলকাতা নাইট ৰাইডাৰ্ছক জয়ৰ বাবে প্ৰয়োজন হৈছিল ১৫২ ৰাণৰ । কিন্তু ১৪২ ৰাণতে থমকি ৰয় কলকাতা নাইট ৰাইডাৰ্ছ । মুম্বাই ইণ্ডিয়ানছৰ হাতত শোচনীয় পৰাজয়ৰ পিছতে অনুৰাগীৰ ওচৰত ক্ষমা বিচাৰিলে শ্বাহৰুখ খানে ।

Shah Rukh apologises to fans after KKR's stunning loss to MI
কেকেআৰৰ পৰাজয়: অনুৰাগীৰ ওচৰত ক্ষমা বিচাৰিলে শ্বাহৰুখে
author img

By

Published : Apr 14, 2021, 10:42 PM IST

স্পৰ্টছ ডেস্ক,১৪ এপ্ৰিল: কলকাতা নাইট ৰাইডাৰ্ছে শেহতীয়া খেলখনৰ অধিকাংশ সময় দুৰ্দান্ত প্ৰদৰ্শন কৰা স্বত্বেও মুম্বাই ইণ্ডিয়ানছৰ হাতত কেৱল ১০ ৰাণৰ বাবে পৰাজয় বৰণ কৰিবলগীয়া হয় । পৰাজয়ৰ পাছতে দলটোৰ স্বত্বাধিকাৰী তথা বলীউডৰ তাৰকা শ্বাহৰুখ খানে দলৰ শোচনীয় প্ৰদৰ্শনৰ বাবে অনুৰাগীৰ ওচৰত ক্ষমা বিচাৰে । তেওঁ দলৰ প্ৰদৰ্শনক হতাশাজনক আখ্যা দিয়ে ।

  • Disappointing performance. to say the least @KKRiders apologies to all the fans!

    — Shah Rukh Khan (@iamsrk) April 13, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, দলৰ হৈ আন্দ্ৰে ৰাছেলে পাঁচটাকৈ উইকেট লৈছিল । মুম্বাই ইণ্ডিয়ানছে ১৫২ ৰাণ সংগ্ৰহ কৰিছিল । নীতিশ ৰাণা আৰু শুভমান গীলে আৰম্ভণিতে খেলখনক গতি লোৱাত সহায় কৰিছিল যদিও মাজৰ ইনিংছত দলটোৰ প্ৰদৰ্শন পুতৌজনক হৈ পৰে ।

নীতিশ ৰাণাই ৫৭ ৰাণ সংগ্ৰহ কৰাৰ লগতে শুভমন গীলে ৩৩ ৰাণ সংগ্ৰহ কৰি নৱম অভাৰত আউট হয় । পৰৱৰ্তী সময়ত অতি কম সময়ৰ ব্যৱধানত ৭ টা উইকেট হেৰুৱাই ১৪২ ৰাণ সংগ্ৰহ কৰি জয়ৰ আশা ত্যাগ কৰিবলগীয়া হয় কলকাতা নাইট ৰাইডাৰ্ছে ।

লগতে পঢ়ক: কেনে আছিল ৰণবীৰ-ঋষি কাপুৰৰ সম্পৰ্ক?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.