স্পৰ্টছ ডেস্ক, ১৭ মে' : ধৰমশালাস্থিত হিমাচল প্ৰদেশ ক্ৰিকেট এছচিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল 2023 ৰ এখন গুৰুত্বপূৰ্ণ মেছত দিল্লী কেপিটেলছে পঞ্জাব কিংছক 15 ৰাণত পৰাস্ত কৰে । টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে পঞ্জাবে (Punjab Kings vs Delhi Capitals preview)।
পঞ্জাব কিংছৰ আমন্ত্ৰণ মৰ্মে বেটিং কৰিবলৈ অহা দিল্লী কেপিটেলছে প্ৰথমৰ পৰাই সুন্দৰ আৰম্ভণি কৰে । মাত্ৰ দুটা উইকেট হেৰুৱাই নিৰ্ধাৰিত 20 অভাৰত 213 ৰাণ সংগ্ৰহ কৰে দিল্লী কেপিটেলছে । দলটোৰ হৈ অধিনায়ক তথা অপেনাৰ ৱাৰ্ণাৰে 46 ৰাণ, পৃথ্বী শ্বৱে 54 ৰাণ, ৰিলী ৰোচৌৱে অপৰাজিতভাৱে 87 ৰাণ আৰু চল্টে অপৰাজিতভাৱে 26 ৰাণ কৰে । ৰোচৌৱে মাত্ৰ 37 টা বলত 6 টা বাউণ্ডেৰী আৰু 6 টা অভাৰ বাউণ্ডেৰী কোবাই 82 ৰাণ কৰে । 20 অভাৰত পঞ্জাৱ কিংছক 214 ৰাণৰ এক বিশাল লক্ষ্য বান্ধি দিয়ে দিল্লী কেপিটেলছে (PBKS vs DC preview) ।
ইয়াৰ বিনিময়ত পঞ্জাৱ কিংছে নিৰ্ধাৰিত 20 অভাৰত 8 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 198 ৰাণ । প্ৰভসিমৰণ সিঙে 22, টাইডেয়ে 55 ৰাণ কৰাৰ বিপৰীতে লিভিংষ্টনে 48 টা বলত 5 টা বাউণ্ডেৰী আৰু 9 টা অভাৰ বাউণ্ডেৰী কোবাই 94 ৰাণ সংগ্ৰহ কৰে । কিন্তু টাইডে আউট হোৱাৰ পাচৰ পৰাই ঘনাই উইকেটৰ পতন ঘটাত পৰাজয় বৰণ কৰিব লগীয়া হয় পঞ্জাৱে (Punjab vs Delhi analysis) ।
দল দুটা হৈছে :
পঞ্জাব কিংছ : শিখৰ ধাৱান (অধিনায়ক), শ্বাহৰুখ খান, মেথিউ শ্বৰ্ট, প্ৰভ্ৰচিমৰণ সিং, ভানুকা ৰাজাপাক্ষে, জিতেশ শৰ্মা, গুৰনুৰ সিং ব্ৰাৰ, ঋষি ধাৱান, লিয়াম লিভিংষ্টোন, অথৰ্ব তায়েদ, অৰ্শদীপ সিং, বলতেজ সিং, নাথান এলিছ, কাগিছো ৰাবাডা, ৰাহুল চাহাৰ, হৰপ্ৰীত ব্ৰাৰ, চেম কুৰান, চিকন্দৰ ৰাজা, হৰপ্ৰীত ভাটিয়া, বিদৱাথ কাভেৰাপ্পা, ৰথে সিং, ৰথে শিৱম, ৰথে সিং।
দিল্লী কেপিটেলছ : ডেভিদ ৱাৰ্ণাৰ (অধিনায়ক), পৃথ্বী শ্ব, মিচেল মাৰ্শ্ব, চৰফৰাজ খান, আমান হাকীম খান, অভিষেক পোৰেল (উইকেটৰক্ষক), অক্ষৰ পেটেল, খলিল আহমেদ, কুলদীপ যাদৱ, ৰোভমেন পাৱেল, ৰিলি ৰছৌউ, অনৰিখ নৰ্টজে, মুস্তাফিজুৰ ৰহমান, চেতন চাকাৰিয়া, মুকেশ কুমাৰ, ফিল চল্ট, লুঙ্গি এনগিডি, প্ৰবীণ ডুবে, ললিত যাদৱ, ৰিপাল পেটেল, বিকি অষ্টৱাল, ঈশান্ত শৰ্মা, মণীষ পাণ্ডে, কমলেশ নাগাৰকোটি, য়াশ ধুল ।
লগতে পঢ়ক :GT vs SRH: ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি প্লে অফত প্ৰৱেশ গুজৰাট টাইটানছৰ