ETV Bharat / sports

Delhi Capitals team at Guwahati: অসমত ক্ৰিকেটাৰৰ সন্ধান; মুকলি কৰা হ’ল দিল্লী কেপিটেলছ ক্ৰিকেট একাডেমী - অসমৰে থকা স্মৃতি ৰোমন্থন সৌৰভ গাংগুলীৰ

গুৱাহাটীত মুকলি দিল্লী কেপিটেলছ ক্ৰিকেট একাডেমী (Delhi Capitals Cricket Academy opens)। মুকলি অনুষ্ঠানত দিল্লী কেপিটেলছৰ সঞ্চালক তথা প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলী উপস্থিত থাকে । সংবাদমেলৰ মাজতে অসমৰ ক্ৰীড়া সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে গাংগুলীয়ে ।

Delhi Capitals team at Guwahati
অসমৰে থকা স্মৃতি ৰোমন্থন সৌৰভ গাংগুলীৰ
author img

By

Published : Apr 7, 2023, 6:24 PM IST

অসমৰে থকা স্মৃতি ৰোমন্থন সৌৰভ গাংগুলীৰ

গুৱাহাটী,৭ এপ্ৰিল : অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ উদীয়মান ক্ৰিকটাৰসকলৰ বাবে শুকুৰবাৰে আনুষ্ঠানিকভাৱে দিল্লী কেপিটেলছ ক্ৰিকেট একাডেমী মুকলি কৰা হয় (Delhi Capitals Cricket Academy opens in Guwahati)। গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু'ত আয়োজিত এক অনুষ্ঠানত ক্ৰিকেট একাডেমীখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ।

এই অনুষ্ঠানত দিল্লী কেপিটেলছৰ সঞ্চালক তথা প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলী উপস্থিত থাকে (Sourav Ganguly in Guwahati)। লগতে দলটোৰ মুখ্য প্ৰশিক্ষক ৰিকি প'ন্টিং, সহঃ প্ৰশিক্ষক শ্বেন ৱাটছন উপস্থিত থাকে । তেওঁলোকৰ উপৰিও অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতি ৰাজদীপ ওজাসহ আন কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে । উল্লেখ্য যে প্ৰাক্তন ৰঞ্জী খেলুৱৈ জাকাৰিয়া জুফ্ৰী আৰু আইকন গ্ৰুপৰ অধ্যক্ষ দেৱাশীষ বৰাৰ বিশেষ উদ্যোগত গুৱাহাটীত এই একাডেমীখন স্থাপন কৰা হৈছে ।

আই পি এলৰ ফ্ৰেঞ্চাইজি দিল্লী কেপিটেলছৰ সৈতে একাডেমীখনক টাইআপ কৰা হৈছে । আনহাতে দিল্লী কেপিটেলছে ৰেডিচন ব্লুতে এখন সংবাদমেল সম্বোধন কৰে (Delhi capitals press conference)। সংবাদমেলত সৌৰভ গাংগুলীয়ে অসমৰে থকা বহু স্মৃতি ৰোমন্থন কৰে ।

প্ৰসিদ্ধ ক্ৰিকেটাৰ গাংগুলীয়ে কয়, '১৪ বছৰ বয়সত প্ৰথম অসমলৈ আহিছিলো । নগাঁৱত প্ৰথমে ক্ৰিকেট মেচ খেলিছিলো । তাৰ পাছত নেহৰু ষ্টেডিয়াম আৰু মালিগাঁও ষ্টেডিয়ামতো খেলিছিলো । বৰ্ষাপাৰা ষ্টেডিয়াম বহুত ভালকৈ নিৰ্মাণ কৰা হৈছে । গুৱাহাটীক লৈ মোৰ বহু ভাল অভিজ্ঞতা আছে ।’’

আনহাতে ৰিকি প'ণ্টিঙে কয় যে, ক্ৰিকেট একাডেমীয়ে উদীয়মান ক্ৰিকেটাৰক সহায় কৰিব (Ricky Ponting in Guwahati)। ১৫ বছৰ বয়সৰ পৰা ক্ৰিকেট খেলাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, ২০ বছৰ বয়সত অষ্ট্ৰেলিয়াৰ হৈ তেওঁ খেলিছিল । উল্লেখ্য যে, ৫ এপ্ৰিলত বৰ্ষাপাৰাত সফলতাৰে আই পি এলৰ প্ৰথমখন মেচ অনুষ্ঠিত হোৱাৰ পাছত এইবাৰ দ্বিতীয় তথা অন্তিমখন মেচৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ।

৮ এপ্ৰিলত অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ঘৰুৱা দল ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হ'ব এই মেচখন (RR vs DC in Guwahati)। মেচখনৰ বাবে দিল্লী কেপিটেলছৰ খেলুৱৈ, চাপৰ্টিং ষ্টাফকে ধৰি সকলো বৃহস্পতিবাৰেই আহি গুৱাহাটীত উপস্থিত হয় । হোটেল ৰেডিচন ব্লুত বাহৰ পাতিছে এই দলটোৱে । হোটেল ৰেডিচন ব্লু কৰ্তৃপক্ষই দলটোৰ প্ৰতিজন সদস্য তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক গামোচাৰে আদৰণি জনায় ।

৮ এপ্ৰিলৰ বিয়লি ৩.৩০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই মেচৰ বাবে শুকুৰবাৰে দিল্লী কেপিটেলছে বৰ্ষাপাৰাত অনুশীলন চলাইছে । ১ বজাৰ পৰা ৩-৩০ বজালৈ দিল্লী কেপিটেলছে অনুশীলন কৰাৰ পাছত ৰাজস্থান ৰয়েলছে ৩-৩০ বজাৰ পৰা ৬ বজালৈ অনুশীলন কৰে ।

লগতে পঢ়ক :IPL 2023 RR vs PBKS: মৰণপণ যুঁজ দিও পঞ্জাৱৰ হাতত 5 ৰাণত পৰাস্ত ৰাজস্থান ৰয়েলছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.