ETV Bharat / sports

T20 World Cup : ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচিত খেলুৱৈসকল... - BCCI

ভাৰতীয় ক্ৰিকেট দলৰ(Indian Cricket Team) প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক(MS Dhoni) অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপত(T20 World Cup) ভাৰতীয় দলৰ বাবে পৰামৰ্শদাতা(Mentor) হিচাপে নিযুক্তি দিয়া হৈছে । এইবাৰ দলটোত আৰ অশ্বিনকো(R Ashwin) অন্তৰ্ভুক্ত কৰা হৈছে ৷

ভাৰতীয় ক্ৰিকেট দলৰ পৰা নিৰ্বাচিত খেলুৱৈসকল
team india's squad for ICC men's T20 World Cup
author img

By

Published : Sep 9, 2021, 8:56 AM IST

স্প’ৰ্টছ ডেস্ক, 9 ছেপ্তেম্বৰ : UAE আৰু ওমানত অনুষ্ঠিত হ’বলগীয়া টি-20 বিশ্বকাপৰ(T20 World Cup)বাবে বুধবাৰে ভাৰতীয় ক্ৰিকেট দলৰ(Indian Cricket Team) সদস্য বাছনি কৰে ৰাষ্ট্ৰীয় নিৰ্বাচকসকলে । এইবাৰ আৰ অশ্বিনক(R Ashwin)ক দলটোত অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে চিৰ প্ৰতিদ্বন্দী পাকিস্তানৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ ভূমিকা ৰূপায়ণ কৰিব ৷

ইয়াৰ পূৰ্বে শেষবাৰৰ বাবে 2017 চনৰ জুলাইত ৱেষ্ট ইণ্ডিজৰ(West Indies) বিৰুদ্ধে টি-20 মেচত অংশগ্ৰহণ কৰিছিল অশ্বিনে । হ’বলগীয়া টি-20 মেচত ভাৰতীয় দলৰ বাবে এম এছ ধোনীক(MS Dhoni) দলটোৰ পৰামৰ্শদাতা(Mentor) হিচাপে নিৰ্বাচিত কৰা হৈছে ৷

লগতে বলাৰ য়ুজবেন্দ্ৰ চহলক(Yuzvendra Chahal) এই প্ৰতিযোগিতাখনৰ পৰা বাদ দিয়া হৈছে ৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে(BCCI) জনোৱা মতে, ক’ভিড(Covid) মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিযোগিতাখনি দেশৰ বাহিৰলৈ স্থানান্তৰ কৰা হৈছে ।

24 অক্টোবৰত ভাৰত আৰু পাকিস্তানৰ দল দুটা মুখামুখি হ’ব বুলি জানিব পৰা গৈছে ৷ প্ৰতিযোগিতাখন 17 অক্টোবৰৰ আৰম্ভ হ’ব আৰু চূড়ান্ত মেচখন 14 নৱেম্বৰত ডুবাইত অনুষ্ঠিত হ’ব । 17 অক্টোবৰত ওমান আৰু পাপুৱা নিউ গিনিৰ মাজত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ ৷

ওমান আৰু পাপুৱা নিউ গিনি হৈছে প্ৰথম ৰাউণ্ডৰ গ্ৰুপ-B ৰ প্ৰথম দুটা দল ৷ গ্ৰুপ-Bৰ আন দুটা দল স্কটলেণ্ড আৰু বাংলাদেশ উক্ত দিনা সন্ধিয়া ভাগত অনুষ্ঠিত হ’বলগীয়া মেচত মুখামুখি হ’ব ৷ আয়াৰলেণ্ড, নেডাৰলেণ্ড, শ্ৰীলংকা আৰু নামিবিয়া হৈছে গ্ৰুপ-Aত অন্তৰ্ভুক্ত দল ৷

এই দলকেইটাৰ মেচ 18 অক্টোবৰৰ পৰা আবু ধাবি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৷ প্ৰথম ৰাউণ্ডৰ মেচসমূহ 22 অক্টোবৰলৈকে চলিব বুলি তথ্য প্ৰকাশ পাইছে । প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে প্ৰতিযোগিতাখনিৰ চুপাৰ 12 পৰ্যায়লৈ আগবাঢ়িব, যি 23 অক্টোবৰৰ পৰা আৰম্ভ হ’ব ।

আনহাতে, প্ৰতিযোগিতাখনিৰ দ্বিতীয় ৰাউণ্ডৰ মেচসমূহ 23 অক্টোবৰত আবু ধাবিত আৰম্ভ হ’ব ৷ প্ৰথমখন মেচ গ্ৰুপ-A ৰ দলৰ সৈতে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব ৷ ইয়াৰ পাচত ডুবাইত মুখামুখি হ’ব ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজ ।

পুৰণি প্ৰতিদ্বন্দী দল ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াই 30 অক্টোবৰত ডুবাইত অন্তিমবাৰৰ বাবে মুখামুখি হ’ব । তাৰপাচত 6 নৱেম্বৰত আবু ধাবিত অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজ, শ্বাৰজাহত ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচৰ সৈতে গ্ৰুপ-Aৰ প্ৰথম পৰ্যায়ৰ মেচৰ সমাপ্তি ঘটিব ৷

ইফালে 24 অক্টোবৰত ডুবাইত গ্ৰুপ-Bৰ দল ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব হেভিৱেট মেচ । পৰৱৰ্তী সময়ত পাকিস্তানে 26 অক্টোবৰত শ্বাৰজাহত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব ৷ 25 অক্টোবৰত আফগানিস্তানে প্ৰথম ৰাউণ্ডৰ গ্ৰুপ-Bৰ বিজয়ী দলৰ সৈতে শ্বাৰজাহত তেওঁলোকৰ অভিযান আৰম্ভ কৰিব ৷

এই মেচ 8 নৱেম্বৰত সমাপ্ত হ’ব ৷ ভাৰতে গ্ৰুপ-Aৰ পৰা দ্বিতীয় স্থানত থকা প্ৰথম ৰাউণ্ডৰ কোৱালিফায়াৰৰ সৈতে খেলিব । আগন্তুক 10 নৱেম্বৰত প্ৰথমখন ছেমি ফাইনেল অনুষ্ঠিত হ’ব ৷ 11 নৱেম্বৰত ডুবাইত দ্বিতীয়খন ছেমি ফাইনেল মেচ অনুষ্ঠিত হ’ব ।

টি-20 বিশ্বকাপ টুৰ্ণামেণ্টৰ বাবে ভাৰতীয় দলটোত আছে- বিৰাট কোহলী(C), ৰোহিত শৰ্মা(VC), কে এল ৰাহুল, সূৰ্যকুমাৰ যাদৱ, ঋষভ পণ্ট, হাৰ্ডিক পাণ্ডিয়া, আৰ অশ্বিন, ভুৱনেশ্বৰ কুমাৰ, ৰাহুল চহৰ, বৰুণ, মহম্মদ চামী, অক্ষৰ পেটেল, যশপ্ৰীত বুমৰাহ, ৰবীন্দ্ৰ জাদেজা আৰু ঈশান কিষাণ ৷

  • TEAM - Virat Kohli (Capt), Rohit Sharma (vc), KL Rahul, Suryakumar Yadav, Rishabh Pant (wk), Ishan Kishan (wk), Hardik Pandya, Ravindra Jadeja, Rahul Chahar, Ravichandran Ashwin, Axar Patel, Varun Chakravarthy, Jasprit Bumrah, Bhuvneshwar Kumar, Mohd Shami.#TeamIndia

    — BCCI (@BCCI) September 8, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে ওপৰঞ্চি হিচাপে থাকিব- শ্ৰেয়াছ আয়াৰ, দীপক চহৰ আৰু শ্বাৰদুল ঠাকুৰ ৷

লগতে পঢ়ক: আফগান মহিলাক ক্ৰিকেট খেলাত নিষেধাজ্ঞা তালিবানৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.