ETV Bharat / sports

শক্তিশালী MI ৰ বিৰুদ্ধে জয়ে আত্মবিশ্বাস বৃদ্ধি কৰিছেঃ নদীম - মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 10 উইকেটত জয়

মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 10 উইকেটত জয় ৷ এই জয়ে আত্মবিশ্বাস বৃদ্ধি কৰা বুলি মন্তব্য শ্বাহবাজ নদীমৰ ৷

IPL 2020
শ্বাহবাজ নদীম
author img

By

Published : Nov 4, 2020, 9:45 PM IST

স্পৰ্টছ ডেস্ক, 4 নৱেম্বৰ : মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদে বৃহৎ বিজয় সাব্যস্ত কৰাৰ পাচতো আইপিএলৰ প্লে' অফত স্থান লাভ বৰ্তমানেও অনিশ্চিত হৈ আছে ৷ হায়দৰাবাদ দলৰ জয়ৰ পাচতে মন্তব্য আগবঢ়াইছে দলটোৰ স্পীনাৰ শ্বাহবাজ নদীমে ৷ তেওঁ কয় যে, দলটোৱে মুম্বাই ইণ্ডিয়ানছক অন্য দলৰ দৰেই গণ্য কৰিছিল সেয়েহে 10 উইকেটত জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল ৷

IPL 2020
ছানৰাইজাৰ্ছ হায়দৰাবাদ

নদীমে সংবাদমেল সম্বোধন কৰি কয়, "আমি অলপ চাপত আছিলো কিয়নো এয়া আমাৰ বাবে গুৰুত্বপূৰ্ণ মেচ আছিল ৷ যিহেতু আমি অন্তিম তিনিখন মেচত জয়ী হৈছিলো সেয়েহে আমি আত্মবিশ্বাসী আছিলো ৷"

তেওঁ লগতে কয়, "সেয়েহে, আমি মেচখন অন্য মেচৰ দৰেই লৈছিলো আৰু সকলোৱে নিজৰ দায়িত্ব ভালদৰে পালন কৰিলে জয়ী হ'বলৈ সহজ হয়...ভাল আৰু শক্তিশালী দলক পৰাস্ত কৰিলে সঁচাকৈয়ে সুখী হ'ব পাৰি ৷ আমাৰ দলক ই বহু উৎসাহ প্ৰদান কৰে ৷"

ছানৰাইজাৰ্ছ হায়দৰাবাদ দলে অন্তিম তিনিখন মেচত জয় লাভেৰে পইন্ট তালিকাৰ তৃতীয় স্থান অধিকাৰ কৰিছে ৷ আনহাতে, শুকুৰবাৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰৰ বিপৰীতে আনখন মেচত অৱতীৰ্ণ হ'ব দলটো ৷

নদীমে কয়, "দলৰ বাবে ভাল প্ৰদৰ্শন কৰিব পাৰিলে সঁচাকৈয়ে ভাল লাগে ৷ মই বহু সুখী ৷" ছিজনটোৰ পঞ্চমখন মেচত অংশগ্ৰহণ কৰা নদীমে কয়, "মই বহু বছৰ ধৰি এনেদৰে খেলি আহিছো ৷ এইটো গুৰুত্বপূৰ্ণ যে, যেতিয়াই আপুনি সুবিধা পাই নিজৰ 100 শতাংশ দিয়া উচিত ৷"

লগতে পঢ়ক : মহিলা টি-20 চেলেঞ্জৰ বাবে আগ্ৰহেৰে বাট চাইছোঃ হৰমনপ্ৰীত কৌৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.