ETV Bharat / sports

আইপিএল 2020 : মুম্বাইৰ বিৰুদ্ধে মৰণপণ যুঁজত চেন্নাই

আইপিএলৰ 41 সংখ্যক মেচত ধাৰাবাহিকভাৱে পৰাজয়ৰ সন্মুখীন হোৱা চেন্নাই ছুপাৰ কিংছ মুখামুখি হ'ব শক্তিশালী মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৷ ধাৰাবাহিকভাৱে পৰাজয়ৰ সন্মুখীন হোৱা চেন্নাই দলৰ প্লে' অফত প্ৰৱেশৰ আশা প্ৰায় শেষ হৈছিল যদিও বেংগালুৰৰ হাতত কলকাতা দল পৰাস্ত হোৱাৰ পাচত কিছু আশা দেখা পাইছে দলটোৱে ৷

author img

By

Published : Oct 23, 2020, 12:56 PM IST

আইপিএল 2020
মুম্বাইৰ বিৰুদ্ধে মৰণপণ যুঁজত চেন্নাই

স্পৰ্টছ ডেস্ক, 23 অক্টোবৰ : আইপিএলৰ 41 সংখ্যক মেচত ধাৰাবাহিকভাৱে পৰাজয়ৰ সন্মুখীন হোৱা চেন্নাই ছুপাৰ কিংছ মুখামুখি হ'ব শক্তিশালী মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৷ ধাৰাবাহিকভাৱে পৰাজয়ৰ সন্মুখীন হোৱা চেন্নাই দলৰ প্লে' অফত প্ৰৱেশৰ আশা প্ৰায় শেষ হৈছিল যদিও বেংগালুৰৰ হাতত কলকাতা দল পৰাস্ত হোৱাৰ পাচত কিছু আশা দেখা পাইছে দলটোৱে ৷

10 খন মেচৰ পৰা কেৱল 6 পইন্ট সংগ্ৰহ কৰা চেন্নাই দলে বাকী থকা চাৰিওখন মেচতে জয় সাব্যস্ত কৰাটো বাধ্যতামূলক ৷ লগতে প্লে' অফত প্ৰৱেশৰ বাবে অন্য দলসমূহৰো ফলাফল তেওঁলোকৰ পক্ষত যোৱাটো আশা কৰিব লাগিব চেন্নাই দলে ৷

চলিত ছিজনৰ পূৰ্বে চেন্নাই আৰু মুম্বাইৰ মুখামুখিত চেন্নাইয়ে 5 উইকেটৰ জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু ইয়াৰ পাচৰে পৰাই চেন্নাই দলে ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হোৱা নাই ৷ ইয়াৰোপৰি, দলটোৰ অল ৰাউণ্ডাৰ ডোৱাইনে ব্ৰেভ' চলিত ছিজনৰ বাকী থকাৰ মেচৰ পৰা বাহিৰ হ'ব লগা হৈছে ৷

দলটোৰ সদস্য ফাফ ডু প্লেছিয়ে ভাল প্ৰদৰ্শন অব্যাহত ৰাখিছে যদিও শ্বেন ৱাটছন, অম্বাতি ৰায়ুডু আৰু অধিনায়ক ধোনীৰ পৰা ভাল প্ৰদৰ্শন আশা কৰিব ৷ আনহাতে, ব্ৰেভ'ৰ অনুপস্থিতিত ৰবীন্দ্ৰ জাদেজাই লৱাৰ মিডল অৰ্ডাৰত দলৰ বেটিঙৰ দায়িত্ব বহন কৰিব লাগিব ৷

বলিঙত দীপক চাহাৰ, শ্বাৰদুল ঠাকুৰ আৰু জ'ছ হেজলওদৰ প্ৰদৰ্শন উন্নত আছিল ৷ স্পীনৰ গুৰুদায়িত্ব বহন কৰিব লাগিব জাদেজাই ৷ মূল একাদশত ইমৰান তাহিৰেও স্থান পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

আনহাতে, পাঞ্জাৱৰ বিৰুদ্ধে পৰাজয়ৰ পাচত আজি মুম্বাই দলে চেন্নাইৰ বিৰুদ্ধে জয় সাব্যস্ত কৰাৰ লক্ষ্যৰে খেলপথাৰত নামিব ৷ ক্ৰুনাল আৰু হাৰ্ডিক পাণ্ডিয়া, কেইৰন পোলাৰ্ডে মিডল অৰ্ডাৰত অব্যাহত ৰাখিছে ভাল প্ৰদৰ্শন ৷ এই তিনিগৰাকী খেলুৱৈয়ে বলিঙতো সমানে প্ৰদৰ্শন অব্যাহত ৰাখিছে ৷ পেচাৰ জছপ্ৰীত বুমৰাহ আৰু ট্ৰেন্ট বল্টৰ সৈতে বলিঙতো অৰিহনা আগবঢ়াই আহিছে এই তিনি অল ৰাউণ্ডাৰে ৷

মিডল অ'ভাৰত স্পীনাৰ ৰাহুল চাহাৰ আৰু ক্ৰুনালে দলক উইকেট প্ৰদান কৰাৰ আশা কৰা হৈছে ৷

স্কোৱাড :

চেন্নাই ছুপাৰ কিংছ : এম এছ ধোনী, এম বিজয়, অম্বাতি ৰায়ুডু, ফাফ ডু প্লেছি, শ্বেন ৱাটছন, কেদাৰ যাদৱ, ডোৱাইনে ব্ৰেভ', ৰবীন্দ্ৰ জাদেজা, লুংগী এনগিডী, দিপক চাহাৰ, পিয়ুশ চাওলা, ইমৰান তাহিৰ, মিটচেন চান্টনাৰ, জছ হেজলওদ, শাৰদুল ঠাকুৰ, ছেম কাৰান, এন. জগদীশান, কে. এম. আশিফ, মনু কুমাৰ, আৰ. ছাই কিশোৰ, ৰুতুৰাজ গায়কউদ, কৰন শৰ্মা ৷

মুম্বাই ইণ্ডিয়ানছ : ৰোহিত শৰ্মা, আদিত্য তাৰে, অনমোলপ্ৰীত সিং, অনুকূল ৰয়স ক্ৰিছ লিন, ধৱল কূলকাৰ্ণী, দ্বিগ্বিজয় দেশমুখ, হাৰ্ডিক পাণ্ডিয়া, ইশান কিষান, জেমছ পেটিনছন, জছপ্ৰীত বুমৰাহ, জয়ন্ত যাদৱ, কেইৰন পোলাৰ্ড, ক্ৰুনাল পাণ্ডিয়া. মিটছেল মেকক্লেনাঘান, মহছিন খান, নাথান কল্টাৰ নাইল, প্ৰিন্স বলৱন্ত ৰায়, কুইন্টন ডি কক, ৰাহুল চাহাৰ, সৌৰভ তিৱাৰী, শ্বেৰফানে ৰাডাৰফৰ্ড, সূৰ্যকুমাৰ যাদৱ, ট্ৰেন্ট বল্ট ৷

লগতে পঢ়ক : কিংছ ইলেভেন পঞ্জাৱত অংশ লৈ অনুভৱ ব্যক্ত যুৱ বলাৰ ৰবি বিষ্ণইৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.