নিউজ ডেস্ক, ৩০ ছেপ্টেম্বৰ: আৰব আমিৰাতত চলি থকা আইপিএল টি-২০ খেলৰ আজি ১২ সংখ্যক মেচ। আজিৰ খেলৰ পূৰ্বে ৰাজস্থান ৰয়েলচৰ অধিনায়ক ষ্টেভ স্মিথে ট'চত জিকে আৰু দীনেশ কাৰ্তিক নেতৃত্বাধীন কলকাতা নাইট ৰাইডাৰ্সৰ বিৰুদ্ধে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আজিৰ এই খেলখন অনুষ্ঠিত হৈছে ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ।
বুধবাৰৰ এই মেচ পইন্টচ টেবলৰ শীৰ্ষত থকা ৰাজস্থান ৰয়েলচ আৰু তালিকাৰ সপ্তম স্থানত থকা কলকাতা নাইট ৰাইডাৰ্সৰ মাজত অনুষ্ঠিত হৈছে।
লগতে পঢ়ক: ৰাহুল টেৱতিয়াৰ প্ৰশংসা কৰি টুইটাৰৰ বায়' সলনি কৰিলে ৰাজস্থান ৰয়েলছে