ETV Bharat / sports

কাৰ্তিকৰ পৰিৱৰ্তে কলকাতাৰ অধিনায়কৰ দায়িত্বত মৰ্গান

author img

By

Published : Oct 16, 2020, 4:59 PM IST

কলকাতা দলৰ নতুন অধিনায়ক ইয়ন মৰ্গান ৷ দিনেশ কাৰ্তিকৰ পৰিৱৰ্তে অধিনায়কৰ দায়িত্ব লাভ কৰিছে মৰ্গানে ৷

কলকাতাৰ নতুন অধিনায়ক
ইয়ন মৰ্গান

স্পৰ্টছ ডেস্ক, 16 অক্টোবৰ : কলকাতা মেনেজমেন্টে দিনেশ কাৰ্তিকৰ পৰিৱৰ্তে ইয়ন মৰ্গানক কলকাতা নাইট ৰাইডাৰ্ছ দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত কৰিছে ৷ উল্লেখ্য যে, বেটিঙত মনোনিৱেশ কৰাৰ লগতে দলৰ জয়ত অৰিহণা যোগোৱাৰ উদ্দেশ্যে অধিনায়কৰ পদৰ পৰা অব্যাহতি ল'ব বিচাৰিছিল কাৰ্তিকে ৷ কাৰ্তিকৰ এই সিদ্ধান্তক সন্মান জনাই মেনেজমেন্টে মৰ্গানক এই নতুন দায়িত্ব প্ৰদান কৰে ৷

কাৰ্তিকৰ পৰিৱৰ্তে কলকাতাৰ অধিনায়কৰ দায়িত্বত মৰ্গান
দিনেশ কাৰ্তিক

কলকাতা দলৰ মুখ্য কাৰ্যবাহী বিষয়া ভেংকী মাইছৰে কয়, "কাৰ্তিকৰ দৰে অধিনায়ক লাভ কৰি আমি অতি সৌভাগ্যশালী, এইগৰাকী খেলুৱৈয়ে সদায়ে দলটোক আগস্থান দি আহিছে ৷ এনে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বহু সাহসৰ প্ৰয়োজন ৷ তেওঁৰ সিদ্ধান্তত আমি সতচকিত হৈছো যদিও আমি এই সিদ্ধান্তক সন্মান জনাইছো ৷"

তেওঁ লগতে কয়, "2019 চনৰ বিশ্বকাপজয়ী অধিনায়ক ইয়ন মৰ্গানক পাইও আমি নথৈ আনন্দিত ৷ পূৰ্বে সহ-অধিনায়ক হিচাপে দায়িত্ব পালন কৰা মৰ্গানে নিজেই দলৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে ৷ সমগ্ৰ টুৰ্ণামেন্টতে কাৰ্তিক আৰু মৰ্গানে সহযোগিতাৰে প্ৰদৰ্শন আগবঢ়াই আহিছে ৷ ইয়ন মৰ্গানে নতুন দায়িত্ব গ্ৰহণ কৰাৰ পাচৰ পৰাই দললৈ পৰিৱৰ্তন আহিব বুলি আমি আশা কৰিছো ৷"

লগতে পঢ়ক : আজিৰ মেচত অপ্ৰতিৰোধ্য মুম্বাইৰ বিৰুদ্ধে কলকাতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.