স্পৰ্টছ ডেস্ক, 9 অক্টোবৰ : আজি ষ্টিভ স্মিথ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছে জয়ৰ ধাৰালৈ উভতি অহাৰ চেষ্টাত অৱতীৰ্ণ হ'ব আত্মবিশ্বাসী দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৷ শুকুৰবাৰে শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত আইপিএলৰ 23 সংখ্যক মেচত অৱতীৰ্ণ হ'ব দুয়ো দল ৷
উল্লেখ্য যে, পাঁচখন মেচৰ পৰা আঠ পইন্ট সংগ্ৰহ কৰি আইপিএলৰ পইন্ট তালিকাত দ্বিতীয় স্থান অধিকাৰ কৰিছে দিল্লী দলে ৷ আনহাতে, ৰাজস্থান ৰয়েলছ দলে পাঁচখন মেচৰ পৰা কেৱল চাৰি পইন্ট সংগ্ৰহ কৰি সপ্তম স্থানত ৰৈছে ৷
বৰ্তমানলৈকে দিল্লী দলে বেটে-বলে উজ্জীৱিত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে ৷ দলটোৰ সফলতাৰ মূলতে আছে বেটছমেন আৰু বলাৰৰ প্ৰদৰ্শন ৷
![আইপিএল 2020](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9107027_dc_0910newsroom_1602224476_342.jpg)
অপেনাৰ পৃথ্বী শ্ব', শিখৰ ধাৱান, অধিনায়ক শ্ৰেয়াস আয়াৰ, ঋষভ পন্ত আৰু মাৰ্কাছ ষ্টইনিছৰ দৰে বেটছমেনে সুন্দৰ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে ৷
বেংগালুৰৰ বিৰুদ্ধে পূৰ্বৰ মেচত দিল্লী দলৰ হৈ ষ্টইনিছে 26 টা বলত অপৰাজিত ভাৱে 53 ৰাণৰ ইনিংছ গঢ়িছিল ৷ আনহাতে, বলিঙত আছে কাগিছো ৰাবাডাৰ দৰে বলাৰ ৷ চলিত আইপিএলত বৰ্তমানলৈকে সৰ্বাধিক উইকেট দখল কৰিছে ৰাবাডাই ৷
![আইপিএল 2020](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9107027_points-table_0910newsroom_1602224476_967.jpg)
আনহাতে, ডেথ অ'ভাৰত গুৰুত্বপূৰ্ণ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে এনৰিক নৰ্টজেই ৷ দলটোত আছে আৰ. অশ্বিন আৰু অক্সৰ পেটেলৰ দৰে বলাৰ ৷ কিন্তু দলটোৰ অন্যতম বলাৰ অমিত মিশ্ৰাই হাতৰ আঙুলিত আঘাতৰ বাবে প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'বলগা হৈছে ৷
আনহাতে, ৰাজস্থান দলৰ বেটিং স্মিথ, সঞ্জু চেমছন আৰু জছ বাটলাৰ আৰু বলিং জফ্ৰা আৰ্চাৰৰ ওপৰত নিৰ্ভৰ কৰিছে ৷
![আইপিএল 2020](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9107027_rr_0910newsroom_1602224476_507.jpg)
স্কোৱাড :
ৰাজস্থান ৰয়েলছ : জছ বাটলাৰ, বেন ষ্টোকছ, সঞ্জু চেমছন, এণ্ড্ৰিউ টাই, কাৰ্তিক ত্যাগী, ষ্টিভেন স্মিথ, অংকিত ৰাজপুত, শ্ৰেয়াস গোপাল, ৰাহুল তেৱাতিয়া, জয়দেৱ উনাদকাত, মায়ংক মাৰ্কান্দে, মহিপাল লোমৰোৰ, অশানে থমাছ, ৰিয়ান পৰাগ, য়শস্বী জয়ছৱাল, অনুজ ৰাৱট, আকাশ সিং, ডেভিদ মিলাৰ, মনন বোহৰা, শশাংক সিং, বৰুণ অৰুণ, টম কুৰান, ৰবিন উথাপ্পা, অনিৰুদ্ধ জোশী, জফ্ৰা আৰ্চাৰ ৷
দিল্লী কেপিটেলছ : শ্ৰেয়াস আয়াৰ, কাগিছো ৰাবাডা, মাৰ্কাছ ষ্টইনিছ, সন্দীপ লামিছানে, আজিংকা ৰাহানে, আৰ. অশ্বিন, শিখৰ ধাৱান, ছিমৰন হেটমেয়াৰ, এলেক্স কেৰী, মোহিত শৰ্মা, পৃথ্বী শ্ব', ললিত যাদৱ, অভেশ খান, অক্সৰ পেটেল, তুষাৰ দেশপাণ্ডে, ঋষভ পন্ত, হৰ্ষল পেটেল, কিমো পল, এনৰিক নৰ্টজে, ডেনিয়েল ছেমছ ৷
লগতে পঢ়ক : আইপিএল 2020 : আজিৰ মেচত হায়দৰাবাদ বনাম পাঞ্জাৱ