স্পৰ্টছ ডেস্ক, 11 নৱেম্বৰঃ ক্ৰিকেট অনুৰাগীসকলৰ বাবে এটা ভাল খৱৰ, ইণ্ডিয়ান প্ৰীমিয়াৰ লীগত নতুনকৈ সংয়োজন হ'ব নৱমটো ক্ৰিকেট দলৰ ৷ ইতিমধ্যে এই তথ্য সদৰি কৰিছে বৰ্ড অৱ কন্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়াই চমুকৈ BCCI য়ে ৷ ইয়াৰ বাবে মেগা অডিচন হোৱাৰ সম্ভাৱনাৰ কথাও প্ৰকাশ কৰিলে বৰ্ডৰ কৰ্তৃপক্ষই ৷
BCCI ৰ শীৰ্ষ বিষয়াৰ মতে 2021 চনৰ আইপিএল 14 নং সংস্কৰণৰ বাবে নৱমটি দলৰ অডিচনৰ বাবে ইতিমধ্যে পৰিকল্পনা কৰা হৈছে ৷ ইফালে এই ক্ষেত্ৰত আলোচনা অব্যাহত ৰাখিছে BCCI ৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে ৷
উল্লেখ্য যে, আইপিএলৰ 13 নং সংস্কৰণত চূড়ান্ত প্ৰতিযোগিতাত বিজয় সাব্যস্ত কৰিছে মুম্বাই ইণ্ডিয়াছে ৷ ইয়াৰ লগে লগে আইপিএলত পঞ্চমটো খিতাপ অৰ্জন কৰি সৰ্বাধিক বিজয়ী দল হিচাপে চিহ্নিত হৈছে মুম্বাই ইণ্ডিয়ানছ ৷
লগতে পঢ়কঃ পঞ্চম বাৰৰ বাবে আইপিএলৰ খিতাপ অৰ্জন কৰিলে মুম্বাই ইণ্ডিয়ানছে