স্প’ৰ্টছ ডেস্ক,12 অক্টোবৰ: চলিত আইপিএলৰ পৰা বাহিৰ হৈছে দিল্লী কেপিটেলছৰ তীব্ৰবেগী বলাৰ ঈশান্ত শৰ্মা ৷ 7 অক্টোবৰত দলৰ প্ৰশিক্ষণৰ সময়ত মাংসপেশীত বিষ হোৱাৰ পাচতে আইপিএল সন্থাই এই সিদ্ধান্ত গ্ৰহণ কৰে ৷
29 ছেপ্তেম্বৰত চানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৰ্থাৎ চলিত আইপিএলৰ এখনেই মেচত অংশ লৈছিল 32 বছৰীয়া খেলুৱৈ গৰাকীয়ে ৷ খেলখনত এটাও উইকেট সংগ্ৰহ কৰিব পৰা নাছিল ঈশান্ত শৰ্মাই ৷
বৰ্তমানলৈ 97 খন টেষ্ট,14 খন আন্তঃৰাষ্ট্ৰীয় টি-20 আৰু 80 খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে ঈশান্ত শৰ্মাই ৷
লগতে পঢ়ক: KKR vs RCB : টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত বেংগালুৰৰ