স্পৰ্টছ ডেস্ক, 2 এপ্ৰিলঃ জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত মঙলবাৰে মুখামুখি হৈছিল ৰাজস্থান ৰয়েলছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ৷ টছত জয়ী হৈ প্ৰথমে ফিল্ডিং সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজস্থান দলটোৱে ৷ আই পি এলত অধিনায়ক ৰূপে 100 সংখ্যক মেচত অৱতীৰ্ণ হৈছিল বিৰাট কোহলি ৷ কিন্তু বেটিঙত ফ্লপ শ্ব’ অব্যাহত আছে কোহলিৰ ৷ 100 সংখ্যক মেচখনত বিৰাটে সংগ্ৰহ কৰে কেৱল 23 ৰান ৷
উল্লেখ্য যে, আই পি এলত অধিনায়ক ৰূপে 100 সংখ্যক মেচ সম্পূৰ্ণ কৰা তৃতীয় গৰাকী খেলুৱৈ হৈছে বিৰাট কোহলি ৷ কোহলিৰ পূৰ্বে মহেন্দ্ৰ সিং ধোনীয়ে 162 টা আৰু গৌতম গম্ভীৰে 129 টা মেচত অধিনায়ক ৰূপে অৱতীৰ্ণ হৈছে ৷ এই মেচখনত 7 উইকেটত জয় লাভ কৰে ৰাজস্থান ৰয়েলছ দলটোৱে ৷ আই পি এলৰ এই ছীজনত ৰাজস্থানৰ এইটো হৈছে প্ৰথমটো জয় ৷ আনহাতে চতুৰ্থটো পৰাজয়ৰ সন্মুখীন হয় ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু৷