ETV Bharat / sports

ছাইৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত আৰ চি বি ৰ - ছাইৰাইজাৰ্ছ হায়দৰাবাদ

আই পি এলৰ দ্বাদশ সংস্কৰণৰ 11 নম্বৰ মেচত দেওবাৰে সম্মুখসমৰত নামিছে ছাইৰাইজাৰ্ছ হায়দৰাবাদ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ৷ টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ বিৰাট কোহলি নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ৷ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত বিয়লি 4 বজাৰ পৰা অনুষ্ঠিত হৈছে এই উত্তেজনা পূৰ্ণ মেচখন ৷

টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত আৰ চি বি ৰ
author img

By

Published : Mar 31, 2019, 4:34 PM IST

স্পৰ্টছ ডেস্ক, 31 মাৰ্চঃ আই পি এলৰ এঘাৰ সংখ্যক মেচত গৃহভূমিত জয়ৰ লক্ষ্যৰে বিৰাট বাহিনীৰ বিপক্ষে অৱতীৰ্ণ হৈছে ছাইৰাইজাৰ্ছ হায়দৰাবাদ ৷ আনহাতে ছাইৰাইজাৰ্ছ হায়দৰাবাদক নিজ গৃহভূমিতে পৰাস্ত কৰি আই পি এল দ্বাদশ সংস্কৰণৰ প্ৰথমটো জয়ৰ সোৱাদ ল’বলৈ যথোপযুক্ত চেষ্টা চলাব বিৰাট বাহিনীয়ে ৷ আই পি এলৰ ইতিহাসত দুয়োটা দলে ইয়াৰ পূৰ্বে 13 খন মেচত অৱতীৰ্ণ হৈছে ৷ য’ত ছাইৰাইজাৰ্ছ হায়দৰাবাদে 7 খন মেচত আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 5 খন মেচত জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে হায়দৰাবাদৰ ষ্টেডিয়ামত দুয়োটা দলে 6 খন মেচত মুখামুখি হৈছে ৷ ইয়াৰে 5 খনত ছাইৰাইজাৰ্ছ হায়দৰাবাদে জয়ী হোৱাৰ বিপৰীতে এখন মেচতহে বিৰাটে লাভ কৰিব সক্ষম হৈছে জয়ৰ সোৱাদ ৷ গতিকে হায়দৰাবাদৰ গৃহভূমিত দলটোক পৰাস্ত কৰিবলৈ আজি বিৰাট বাহিনীয়ে সন্মুখীন হ’ব লাগিব তীব্ৰ প্ৰত্যাহ্বানৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.