ETV Bharat / sports

ধাৰাবাহিক পৰাজয়েৰে অনাকাংক্ষিত অভিলেখ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ - IPL

দিল্লী কেপিটেলছৰ হাতত ৪ উইকেটত পৰাস্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ৷ ধাৰাবাহিক ছয়খন মেচত পৰাস্ত বিৰাট বাহিনী ৷

দিল্লী কেপিটেলছৰ হাতত 4 উইকেটত পৰাস্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু
author img

By

Published : Apr 7, 2019, 10:54 PM IST

স্পৰ্টছ ডেস্ক, 7 এপ্ৰিলঃ আই পি এলৰ দ্বাদশ সংস্কৰণত শোচনীয় প্ৰদৰ্শন অব্যাহত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ৷ এই ছীজনৰ প্ৰাৰম্ভিক ছয়খন মেচতেই পৰাজয়ৰ সন্মুখীন হৈছে বিৰাট নেতৃত্বাধীন বেংগালুৰু দলটো ৷ দেওবাৰে আই পি এলৰ 20 সংখ্যক মেচত দিল্লী কেপিটেলছৰ বিৰুদ্ধে 4 উইকেটত পৰাজয়বৰণ কৰিবলগীয়া হয় দলটোৱে ৷ মেচখনত প্ৰথমে বেটিং কৰি বেংগালুৰু দলটোৱে 8 উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল 149 ৰান ৷ দলটোৰ হৈ বিৰাটে সৰ্বাধিক 41 ৰান কৰিবলৈ সক্ষম হয় ৷ দিল্লীয়ে এই ৰান 18.5 অভাৰত 6 উইকেট হেৰুৱাই অতিক্ৰম কৰিবলৈ সক্ষম হয় ৷ দিল্লীৰ হৈ সৰ্বাধিক 67 ৰান কৰে শ্ৰেয়াছ আয়াৰে ৷ উল্লেখ্য যে, আই পি এলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ধাৰাবাহিক ছয়খন মেচত পৰাস্ত হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ৷ এই পৰাজয়ৰে ধাৰাবাহিক ছয়খন মেচ পৰাস্ত হোৱা দলৰ তালিকাত দ্বিতীয় দল হিচাপে নাম খোদিত হ’ল তাৰকা খেলুৱৈৰে ভৰপূৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ৷ ইয়াৰ পূৰ্বে 2013 চনত ধাৰাবাহিক ছয়খন মেচত পৰাস্ত হৈছিল দিল্লী ডেয়াৰডেভিলছ দলটো ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.