ETV Bharat / sports

আইপিএল 2020 : চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে 'ফেভাৰেট' মুম্বাই ইণ্ডিয়ানছ

author img

By

Published : Sep 19, 2020, 6:05 PM IST

Updated : Sep 25, 2020, 6:00 PM IST

আইপিএলৰ দুই শ্ৰেষ্ঠতম দল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই চুপাৰ কিংছে আজি 13 সংখ্যক আইপিএলৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ'ব ৷

চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে 'ফেভাৰেট' মুম্বাই ইণ্ডিয়ানছ
আইপিএল 2020

স্পৰ্টছ ডেস্ক, 19 ছেপ্তেম্বৰ : আজি আৰৱ গণৰাজ্যৰ শ্বেইখ জায়েদ ষ্টেডিয়ামত আৰম্ভ হ'ব 13 সংখ্যক আইপিএলৰ অপেনিং মেচ ৷ এই মেচত মুখামুখি হ'ব ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু যোৱা বছৰৰ ফাইনেলিষ্ট চেন্নাই চুপাৰ কিংছ ৷

দূৰ্দান্ত প্ৰদৰ্শনৰ জৰিয়তে বহু অনুৰাগী সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা এই দুই দলে ক'ভিড-19 মহামাৰীৰ বাবে জনশূন্য ষ্টেডিয়ামত মেচত অৱতীৰ্ণ হ'ব লাগিব ৷ মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই আৰু ৰোহিত শৰ্মা নেতৃত্বাধীন মুম্বাই দলে ষ্টেডিয়ামত অনুৰাগীৰ উপস্থিতি বাৰুকৈয়ে মনত পেলাব ৷

চেন্নাই চুপাৰ কিংছ বনাম মুম্বাই ইণ্ডিয়ানছ
আইপিএল 2020

ব্যক্তিগত কাৰণত চেন্নাই দলৰ হৈ আইপিএলত অংশগ্ৰহণৰ পৰা বিৰত থাকে সুৰেশ ৰাইনা আৰু হৰভজন সিং ৷ এই দুগৰাকী খেলুৱৈৰ অনুপস্থিতিত 'কেপ্তেইন কুল' ধোনীয়ে কিদৰে দলক কঠিন পৰিস্থিতিত পৰিচালনা কৰে সেয়া লক্ষণীয় হ'ব ৷

কিন্তু, ৰাইনাৰ স্থানত কোনে দলত স্থান লাভ কৰে সেয়া মেচৰ আৰম্ভণিতহে জানিব পৰা যাব৷ ৰিতুৰাজ গায়কৱাড টুৰ্ণামেন্টৰ পৰা বাহিৰ হোৱাৰ ফলত কেদাৰ যাদৱে 3 সংখ্যক স্থানত বেটিং কৰাৰ সম্ভাৱনা আছে ৷ চেন্নাই দলে অপেনাৰ হিচাপে ফাফ ডু প্লেছি আৰু ৱাটছনক খেলোৱাৰ সম্ভাৱনা আছে ৷ যিহেতু এটা দলত চাৰিজনহে বিদেশী খেলুৱৈক খেলুৱাব পাৰে সেয়েহে ৱাটছন আৰু দ্বাইনে ব্ৰেভ'য়েও এই সুবিধা লাভ কৰিব পাৰে ৷

আইপিএল 2020
মুম্বাই ইণ্ডিয়ানছ

মুম্বাই ইণ্ডিয়ানছ দলৰ খেলুৱৈ :

ৰোহিত শৰ্মা

চাৰি বাৰৰ আইপিএল দখলকাৰী দলৰ অধিনায়ক ৰোহিত শৰ্মা মুম্বাইৰ গুৰুত্বপূৰ্ণ খেলুৱৈ ৷ ৰোহিতে পূৰ্বেই ঘোষণা কৰিছে যে, তেওঁ দলৰ হৈ অপেনিং কৰিব ৷

জছপ্ৰীত বুমৰাহ

বিশ্বৰ শীৰ্ষ স্থানৰ বলাৰ হৈছে জছপ্ৰীত বুমৰাহ৷ বৰ্তমানলৈকে 77 খন খেলত অংশগ্ৰহণ কৰি 82 টাকৈ উইকেট দখল কৰিছে বুমৰাহে ৷

হাৰ্ডিক পাণ্ডিয়া

প্ৰায় এটা বছৰে হাৰ্ডিকক খেলপথাৰত প্ৰত্যক্ষ নকৰিলেও তেওঁ এই লীগৰ সৰ্বশ্ৰেষ্ঠ অল ৰাউণ্ডাৰসকলৰ অন্যতম ৷ আইপিএলত হাৰ্ডিকে 1066 ৰাণ সংগ্ৰহ কৰাৰ লগতে 42 টাকৈ উইকেট দখল কৰিছে ৷

ক্ৰুনাল পাণ্ডিয়া

বাঁওহতীয়া অল ৰাউণ্ডাৰ ক্ৰুনাল পাণ্ডিয়া এজন সুদক্ষ ফিল্ডাৰ তথা বেটছমেন ৷ তেওঁ মুম্বাই ইণ্ডিয়ানছ দলৰ হৈ 891 ৰাণ সংগ্ৰহ কৰাৰ লগতে 40 টা উইকেট দখল কৰিছে ক্ৰুনালে ৷

কেইৰন পোলাৰ্ড

মুম্বাই ইণ্ডিয়ানছ দলৰ হৈ বেটে-বলে জিলিকিবলৈ সাজু হৈছে বাঁওহতীয়া অল ৰাউণ্ডাৰ তথা চিপিএল জয়ী দলৰ অধিনায়ক পোলাৰ্ড ৷

আনহাতে, মুম্বাই ইণ্ডিয়ানছৰ বলিং বিভাগত আছে লুংগি এংগডি, জছ হেজলওদৰ দৰে খেলুৱৈ ৷ আনহাতে, চেন্নাইৰ স্পীন বলিঙৰ গুৰুদায়িত্ব বহন কৰিব দক্ষিণ আফ্ৰিকাৰ ইমৰান তাহিৰ আৰু নিউজিলেণ্ডৰ মিটচেল ছান্টনাৰে ৷

চেন্নাই চুপাৰ কিংছ দলৰ খেলুৱৈ :

এম. এছ. ধোনী

আইপিএলৰ সফলতম অধিনায়ক সকলৰ অন্যতম ধোনী হৈছে চেন্নাই দলৰ মূল শক্তি ৷ সুৰেশ ৰাইনাৰ অনুপস্থিতিত দলৰ জয়ত ধোনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷

শ্বেন ৱাটছন

চেন্নাই দলৰ অপেনিং কৰিব অষ্ট্ৰেলিয়াৰ বেটছমেন শ্বেন ৱাটছনে ৷ 2018 চনত চেন্নাই দলে আইপিএল দখল কৰাৰ সময়ত ৱাটছনে দলৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল ৷ এই ছিজনতো তেওঁৰ ওপৰত দলৰ জয় বহু পৰিমাণে নিৰ্ভৰ কৰিব ৷

ইমৰান তাহিৰ

যিহেতু আৰৱ গণৰাজ্যৰ পিটছসমূহ স্পীনাৰৰ বাবে সুবিধাজনক সেয়েহে তাহিৰৰ প্ৰদৰ্শনৰ ওপৰত চেন্নাই দলৰ জয় বহু পৰিমাণে নিৰ্ভৰ কৰিব ৷ হৰভজন সিঙৰ অনুপস্থিতিত তাহিৰৰ ওপৰত বহু চাপ পৰিব৷ বৰ্তমানলৈকে তেওঁ আইপিএলত 79 টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে ৷

দ্বাইনে ব্ৰেভ'

চিপিএল জয়ী দলৰ ক্ৰিকেটাৰ দ্বাইনে ব্ৰেভ' হৈছে আইপিএলৰ সৰ্বশ্ৰেষ্ঠ অল ৰাউণ্ডাৰসকলৰ অন্যতম ৷ তেওঁ আইপিএলত 147 টা উইকেট দখল কৰাৰ লগতে সংগ্ৰহ কৰিছে 1483 ৰাণ ৷

ৰবীন্দ্ৰ জাদেজা

চেন্নাই দলৰ অন্যতম গুৰুত্বপূৰ্ণ অল ৰাউণ্ডাৰ হৈছে ৰবীন্দ্ৰ জাদেজা ৷ স্পীন বলিঙেৰে প্ৰতিপক্ষক শলঠেকত পেলোৱা জাদেজাই আইপিএলত 108 টা উইকেট দখল কৰাৰ লগতে 1927 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷

চেন্নাই দলত অপেনিঙৰ বাবে বিকল্প হিচাপে আছে অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ শ্বেন ৱাটছন আৰু অম্বাতি ৰায়ুডু ৷ আৰৱ গণৰাজ্যৰ পিটছৰ প্ৰতি লক্ষ্য ৰাখি চেন্নাইৰ হাতত স্পীন বলিঙৰ ক্ষেত্ৰত প্ৰতিপক্ষৰ তুলনাত অধিক শক্তি আছে বুলি গণ্য কৰা হৈছে ৷ চেন্নাইৰ হাতত আছে জাদেজা, চান্টনাৰ আৰু পিয়ুষ চাওলাৰ দৰে স্পীন শক্তি ৷

বৰ্তমানলৈকে আইপিএলৰ ইতিহাসত চেন্নাই আৰু মুম্বাই দলে 30 বাৰৰ বাবে মুখামুখি হৈছে আৰু মুম্বাইয়ে সৰ্বাধিক 18 বাৰ জয়ী হ'বলৈ সক্ষম হৈছে ৷

দল :

মুম্বাই ইণ্ডিয়ানছ : ৰোহিত শৰ্মা (অধিনায়ক), শ্বেৰফানে ৰাডাৰফৰ্ড, সুৰ্যকুমাৰ যাদৱ, অনমোলপ্ৰীত সিং, ক্ৰিছ লিন, সৌৰভ তিৱাৰী, ইশান কিশান, কুইন্টন ডি কক(উইকেট কীপাৰ), আদিত্য তাৰে, হাৰ্ডিক পাণ্ডিয়া, কেইৰন পোলাৰ্ড, ক্ৰুনাল পাণ্ডিয়া, অনুকূল ৰয়, ধৱল কুলকাৰ্ণী, জছপ্ৰীত বুমৰাহ, ৰাহুল চাহাৰ, ট্ৰেন্ট বল্ট, মহছিন খান, প্ৰিন্স বলৱন্ত ৰাই সিং, দ্বিগ্বিজয় দেশমুখ, জয়ন্ত যাদৱ, নাথান কুলটাৰ নাইল, জেমছ পেটিনছন ৷

চেন্নাই চুপাৰ কিংছ : এম. এছ. ধোনী (অধিনায়ক/উইকেট কীপাৰ), ৰিতুৰাজ গায়কৱাড, নাৰায়ন জগদীশান (উইকেট কীপাৰ), কে. এম. আশিফ, ৰবীন্দ্ৰ জাদেজা, এম, বিজয়. জছ হেজলওদ, কেদাৰ যাদৱ, কৰণ শৰ্মা, পিয়ুষ চাওলা, অম্বাতি ৰায়ুডু, ইমাৰন তাহিৰ, দীপক চাহাৰ, ফাফ ডু প্লেছি, শাৰদুল ঠাকুৰ, মিটছেল ছান্টনাৰ, দ্বাইনে ব্ৰেভ', লুংগী এংগিডী, ছেম কুৰান, মনু কুমাৰ, শ্বেন ৱাটছন, ছাই কিশোৰ ৷

Last Updated : Sep 25, 2020, 6:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.