ETV Bharat / sports

দিল্লী কেপিটেলছৰ হাতত গৃহভূমিত পৰাস্ত মুম্বাই ইণ্ডিয়ানছ - আই পি এলৰ দ্বাদশ সংস্কৰণ

আই পি এলৰ দ্বাদশ সংস্কৰণৰ তৃতীয়খন মেচত জয় লাভ দিল্লী কেপিটেলছৰ ৷ দিল্লী কেপিটেলছৰ বিৰুদ্ধে 37 ৰানত পৰাস্ত মুম্বাই ইণ্ডিয়ানছ ৷

দিল্লী কেপিটেলছৰ হাতত গৃহভূমিত পৰাস্ত মুম্বাই ইণ্ডিয়ানছ
author img

By

Published : Mar 25, 2019, 1:12 AM IST

Updated : Mar 25, 2019, 3:30 AM IST

স্পৰ্টছ ডেস্ক, 25 মাৰ্চঃ আই পি এলৰ দেওবাৰ অনুষ্ঠিতহোৱা দ্বিতীয়খন মেচত মুম্বাইৰ বিৰুদ্ধে জয় লাভ কৰিবলৈ সক্ষম হয় দিল্লী কেপিটেলছে ৷ মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামত অনুষ্ঠিত আই পি এলৰ তৃতীয়খন মেচখনত মুম্বাইক 37 ৰানত পৰাস্ত কৰি বিজয়েৰে আই পি এলৰ অভিযান আৰম্ভ কৰিলে শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন দিল্লী দলটোৱে ৷

প্ৰথমে বেটিং কৰিবলৈ আহি দিল্লী দলটোৱে যুৱ উইকেটকীপাৰ ঋষভ পন্তৰ বিস্ফোৰক ইনিংছৰ ফলত নিৰ্ধাৰিত 20 অভাৰত 6 উইকেট হেৰুৱাই 213 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ ঋষভে 27 টা বলত অপৰাজিত 78 ৰান কৰে ৷ এই ইনিংছটোত থাকে 7 টা আকাশলংঘীছিংক্সৰ লগত 7 টাকৈ চাৰি ৷ অন্যহাতে শিখৰ ধাৱনে 47, শ্ৰেয়াছ আয়াৰ 16, কলিন ইনগ্ৰামে 47 ৰানৰ বৰঙণি দিয়ে ৷ মুম্বাইৰ হৈ মিট্চেল মেক্ক্লেঘানে সৰ্বাধিক 4 অভাৰত 40 ৰান দি 3 টা উইকেট দখল কৰে ৷

ইয়াৰ প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছ দলটোৱে 19.2 অভাৰত 176 ৰান কৰি অল আউটৰ সন্মুখীন হয় ৷ মুম্বাইৰ হৈ যুৱৰাজ সিঙে সৰ্বাধিক 35 টা বলত 53 ৰান কৰিবলৈ সক্ষম হয় ৷ আনহাতে অধিনায়ক ৰোহিত শৰ্মাই 14, কুইণ্টন ডি ককে 27, কাইৰণ পলাৰ্ডে 21 আৰু ক্ৰোণাল পাণ্ডিয়াই 32 ৰান কৰিবলৈ সক্ষম হয় ৷ ঋষভ পন্তক তেওঁৰ বিস্ফোৰক ইনিংছৰ বাবে মেন অফ দ্য মেচ ঘোষণা কৰা হয় ৷

Last Updated : Mar 25, 2019, 3:30 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.