স্পৰ্টছ ডেস্ক,9 ডিচেম্বৰ : ইংলেণ্ড ক্ৰিকেট দলৰ অল ৰাউণ্ডাৰ বেন ষ্টোকছৰ পিতৃ জেৰাৰ্ড ‘জেড’ ষ্টোকছৰ 65 বছৰ বয়সত মৃত্যু হয় ৷ মগজুৰ কৰ্কট ৰোগত এবছৰ ধৰি আক্ৰান্ত হোৱাৰ পাচত মঙলবাৰে তেওঁ ইহলীলা সম্বৰণ কৰে ৷ ৰাগবী ইউনিয়ন ক্লাৱে টুইটযোগে এই কথা জানিবলৈ দিয়ে ৷
উল্লেখ্য় যে, 2003 চনত প্ৰশিক্ষক হিচাপে উভতাৰ পূৰ্বে 1982-83 চনলৈ বেন ষ্টোকছৰ পিতৃয়ে ৱৰ্কিংটন টাউনৰ বাবে খেলিছিল ৷ ৱৰ্কিংটন টাউনত এক ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱা জেড ষ্টোকছৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাগবী ইউনিয়ন ক্লাৱে ৷
বেন ষ্টোকছ আৰু তেওঁৰ পৰিয়ালে সহায় পিতৃ জেডক অনুসৰণ কৰি আহিছিল ৷ ষ্টোকছৰ এই সফলতাত পিতৃৰ অৱদান অতুলনীয় বুলি ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ডে সদৰি কৰে ৷ ইংলেণ্ডৰ টেষ্টৰ উপ অধিনায়ক বেন ষ্টোকছে নিউজিলেণ্ডত ৰাগবী লীগক স্মৰণ কৰি তিনিটা আঙুলিৰে পিতৃলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
লগতে পঢ়ক : ভাৰত বনাম অষ্ট্ৰেলিয়াঃ আজি তৃতীয় তথা চূড়ান্ত টি-20ত মুখামুখী হ’ব দুয়ো দল