ETV Bharat / sports

Asian Games 2023 : এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 3:26 PM IST

এছিয়ান গেমছৰ ক্ৰিকেট ইভেণ্টত বাংলাদেশক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় মহিলা দলটো । ৰূপৰ পদতো নিশ্চিত কৰিছে দলটোৱে ।

Asian Games 2023
এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

স্পৰ্টছ ডেস্ক,২৪ ছেপ্টেম্বৰ : এচিয়ান গেমছত ভাৰতীয় খেলুৱৈৰ শক্তিশালী প্ৰদৰ্শন । কেইবাটাও ইভেণ্টত ইতিমধ্যে পদক লাভ কৰিছে ভাৰতে । ক্ৰিকেট ইভেণ্টটো ভাৰতীয় মহিলা দলৰ আন এক বৃহৎ সফলতা । ভাৰতৰ মহিলা দলটোৱে বাংলাদেশক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে । ভাৰত আৰু বাংলাদেশৰ মাজত প্ৰথমখন ছেমি ফাইনেল চীনৰ হাংঝৌৰ পিংফেং কেম্পাছ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয় ।

ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত ছেমি ফাইনেল খেলখনত ভাৰতীয় মহিলা ক্ৰিকেট দলে সুন্দৰ প্ৰদৰ্শন কৰি বাংলাদেশক পৰাস্ত কৰে । এই বিজয়ৰ জৰিয়তে ভাৰতে ফাইনেলত প্ৰৱেশ কৰিছে । আনহাতে ৰূপৰ পদকো নিশ্চিত কৰিছে । টছত জয়ী হোৱাৰ পাছত বাংলাদেশৰ দলটোৱে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । কিন্তু ভাৰতীয় বলাৰৰ সন্মুখত বিধ্বস্ত হৈ পৰে বাংলাদেশৰ দলটো । ৫১ ৰাণতে গোটেই দলটো আউট হয় ।

৫২ ৰাণৰ লক্ষ্য আগত লৈ ভাৰতীয় মহিলা বেটছমেনসকল ক্ৰিজত নামে । ভাৰতীয় দলটো মাত্ৰ ৮.২ অভাৰতে লক্ষ্যত উপনিত হ'বলৈ সক্ষম হয় । মেচখনত ভাৰতীয় দলটো ৮ উইকেটত জয়ী হয় । বেটিঙৰ সময়ত স্মৃতি মান্ধানাই ৭ ৰাণত নিজৰ উইকেট হেৰুৱায় । ভাৰতে দ্বিতীয়টো উইকেট শ্বাফালী বাৰ্মাৰ ৰূপত হেৰুৱায় । জেমিমা ৰড্ৰিগছ আৰু কণিকা আহুজাই অন্তিম পৰ্যায়লৈ খেলপথাৰত থাকে ।

বাংলাদেশ দলৰ ৫ গৰাকী বেটছমেনক ভাৰতীয় বলাৰসকলে শূন্যতে আউট কৰে । ভাৰতৰ হৈ পূজা বস্ত্ৰকাৰে ১৮ ৰাণ দি ৪ টা উইকেট দখল কৰে । এই বিজয়ৰ লগে লগে এছিয়ান গেমছত ভাৰতৰ ৰূপৰ পদক নিশ্চিত হৈছে । এতিয়া ভাৰতৰ চূড়ান্ত খেলখন দ্বিতীয়খন ছেমি ফাইনেলত বিজয়ী দলটোৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব । দ্বিতীয়খন ছেমি ফাইনেল ২৪ ছেপ্টেম্বৰত পাকিস্তান আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ'ব । এই দুয়োটা দলৰ ভিতৰত বিজয়ী দলটো ফাইনেলত ভাৰতৰ মুখামুখি হ'ব ।

লগতে পঢ়ক :Asian Games 2023 : ৰোয়িং প্ৰতিযোগিতাত ভাৰতৰ ৰূপৰ পদক লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.