ETV Bharat / sports

WI vs IND T20 Series : বেকফুটত ভাৰত, হাতৰ পৰা যাব নেকি শৃংখলা ! - India lost 2nd T20

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুৰ্বল প্ৰদৰ্শন ভাৰতৰ । বেটিং আৰু বলিঙৰ পৰীক্ষা নিৰীক্ষা কৰি থকা দলটোৱে টি-২০ শৃংখলাৰ প্ৰথম দুখন মেচত পৰাজিত হৈছে । বাকী থকা ৩ খন মেচৰ এখনত জয়ী হ'লেই শৃংখলা ৱেষ্ট ইণ্ডিজৰ হাতলৈ যাব ।

WI vs IND T20 Series
বেকফুটত ভাৰত
author img

By

Published : Aug 7, 2023, 5:53 PM IST

স্পৰ্টছ ডেস্ক,৭ আগষ্ট : ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত টি-২০ শৃংখলা অব্যাহত আছে । প্ৰথম দুখন টি-২০ত ইতিমধ্যে ভাৰতে মুখথেকেচা খাইছে । কম টাৰ্গেটৰ খেল দুখনত ভাৰতীয় দলটো পৰাস্ত হৈছে। এদিনীয়া শৃংখলাৰ এখনত পৰাস্ত হোৱা ভাৰতীয় দলটোৰ বাবে এতিয়া টি-২০ শৃংখলা কষ্টকৰ হৈ পৰিছে । ভাৰতীয় দলটোৰ বাবে ৫ দিনীয়া শৃংখলাও হাতৰ পৰা যোৱাৰ উপক্ৰম হৈছে । জ্যেষ্ঠ খেলুৱৈসকলক উপেক্ষা কৰি যুৱ খেলুৱৈক দলত স্থান দিয়াৰ উপৰিও দল পৰিচালনা পৰিষদে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিছে যদিও সফল হ'ব পৰা নাই ।

বহুতে সন্দেহ কৰা মতে অত্যাধিক পৰীক্ষা-নিৰীক্ষাৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলৰ ওপৰত এক অপ্ৰয়োজনীয় মানসিক চাপ আহিছে । যুৱ খেলুৱৈৰে পৰিপূৰ্ণ এই দলটোত বেটিং আৰু বলিঙৰ ক্ৰম সন্দৰ্ভত দল পৰিচালনা সমিতি আৰু অধিনায়কে বহুতো পৰীক্ষা-নিৰীক্ষা কৰি আছে । কোনজন বেটছমেনে কি ক্ৰমত বেটিং কৰিব আৰু পৰৱৰ্তী মেচখনত তেওঁৰ বেটিং ক্ৰম কি হ'ব সেই বিষয়েও দলটোত কোনো নিশ্চিতি নাই । বলিঙৰ ক্ষেত্ৰতো একেই সমস্যা । আনকি ভাৰতৰ মুখ্য ষ্ট্ৰাইক বলাৰ কোন আৰু দলটোৱে বলিঙত কাৰ ওপৰত নেতৃত্ব দিব সেয়াও বিবেচনা কৰা হোৱা নাই ।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া মেচত জয়ী হৈছিল যদিও দ্বিতীয়খন এদিনীয়া মেচত পৰাজিত হৈছিল ভাৰত । দ্বিতীয় মেচখনত জ্যেষ্ঠ খেলুৱৈসকল দলটোৰ অংশ নাছিল । তৃতীয় এদিনীয়াত দলটোৱে আকৌ ভাল বেটিঙৰ ভিত্তিত শৃংখলাটো জয়ী হয় । কিন্তু একেখিনি খেলুৱৈ টি-২০ শৃংখলাত বিফল হৈছে । দলে নিৰ্বাচন কৰা বেটছমেনে যদি ৰাণ কৰিব পৰা নাই আনহাতে বলাৰসকলে উইকেট লাভ কৰা নাই ।

প্ৰথমখন টি-২০ত ভাৰতক ৫ অভাৰত ৩৭ ৰাণৰ প্ৰয়োজন আছিল আৰু ৬ টা উইকেট বাকী আছিল । ভাৰতৰ বিজয় নিশ্চিত যেন লাগিছিল । কিন্তু পৰৱৰ্তী ৩ টা বলত হাৰ্দিক পাণ্ডিয়া আৰু সঞ্জু চেমছন আউট হোৱাৰ পাছত ভাৰতৰ ইনিংছ অৱনমিত হয় । যেতিয়া ২৭ টা বলত ৩৭ ৰাণৰ প্ৰয়োজন হৈছিল কুলদীপ যাদৱ, অৰ্শ্বদীপ, চাহাল আৰু মুকেশ কুমাৰে চেষ্টা কৰিও খেলখনত জয়ী কৰাব নোৱাৰিলে। ভাৰতৰ অন্তিম ৪ জন বেটছমেনে নিৰাশ কৰে আৰু ৱেষ্ট ইণ্ডিজ ৪ ৰাণত জয়ী হয় ।

একেদৰে দেওবাৰে দ্বিতীয় খন টি-২০ত কুলদীপৰ আঘাতৰ বাবে ভাৰতে ৰবি বিষ্ণইক সুযোগ দিয়ে । কিন্তু খেলখনত প্ৰথমে বেটিং কৰা ভাৰতৰ শীৰ্ষ ক্ৰমৰ বেটছমেনসকল বিফল হয় । তাৰ পৰৱৰ্তী সময়ত বাকীসকলে কোনোমতে ১৫০ৰ লক্ষ্য ৰাখিবলৈ সক্ষম হয় । কিন্তু ৰোমাঞ্চকৰ খেলখনত শেষৰ ৩ অভাৰত ভাৰতীয় বলাৰে নিজৰ উন্নত প্ৰদৰ্শন কৰিব নোৱাৰিলে আৰু ২ উইকেটত আয়োজক দল পুনৰ জয়ী হয় আৰু শৃংখলাটোত ২-০ ৰ অগ্ৰগতি লাভ কৰে । এতিয়া ৱেষ্ট ইণ্ডিজক শৃংখলাটো নিজৰ হাতলৈ নিবলৈ হ'বলৈ মাত্ৰ এখন মেচত জয়ী হোৱাৰ প্ৰয়োজন । আনহাতে ভাৰতীয় দলটোৱে পৰৱৰ্তী আটাইকেইখন মেচত জয়ী হ'ব লাগিব ।

এনে পৰিস্থিতিত, ভাৰতীয় দলটোৱে বেটিঙৰ ওপৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে আৰু শীৰ্ষ ক্ৰমৰ প্ৰথম ৪ জন বেটছমেনৰ কমেও ২ জনে ১০ ৰ পৰা ১৫ অভাৰলৈ খেলিব লাগিব । তেতিয়াহে পিছৰ বেটছমেনসকলে দ্ৰুত ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব । লগতে, বেটছমেনসকলৰ ক্ৰমও ঠিক কৰিব লাগিব, যাতে তেওঁলোকে নিজৰ বাবে উপযুক্ত স্থানত খেলিব পাৰে ।

লগতে পঢ়ক :Asian Champions Trophy hockey: মালয়েছিয়াক পৰাস্ত কৰি ছেমি ফাইনেলৰ কাষ চাপিল ভাৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.