ETV Bharat / sports

India vs Australia Series 2023: বিশ্বকাপৰ পূৰ্বে আজিৰে পৰা ভাৰত বনাম অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলা - India skipper Rohit Sarma

আগন্তুক এদিনীয়া বিশ্বকাপৰ পূৰ্বে ভাৰত আৰু অষ্ট্ৰেলিয়াই এই এদিনীয়া শৃংখলাত নিজকে মূল্যাংকন কৰাৰ সুযোগ পাব । আনহাতে, এছিয়া কাপত বিজয়ৰ সৈতে ভাৰতীয় দলটো এক সুন্দৰ ফৰ্মত আছে ।

আজিৰে পৰা ভাৰত বনাম অষ্ট্ৰেলিয়া শৃংখলা
India vs Australia Series 2023
author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 1:30 PM IST

স্পৰ্টছ ডেস্ক, ২২ ছেপ্টেম্বৰ : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ তিনিখনীয়া এদিনীয়া শৃংখলা শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব । অৱশ্যে প্ৰথম দুখন মেচৰ বাবে অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলী, কুলদীপ যাদৱ আৰু হাৰ্দিক পাণ্ডিয়াক বিশ্ৰাম দিয়া হৈছে । ইয়াৰ দ্বাৰা ভাৰতীয় দলটোৰ বাকী খেলুৱৈসকলক মূল্যাংকন কৰাৰ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে । আনহাতে, আগন্তুক বিশ্বকাপৰ মেগা ইভেণ্টৰ পূৰ্বে দুয়োটা দলে নিজৰ নিজৰ প্ৰস্তুতি আৰু ৰণনীতি উন্নত কৰাৰ বাবেও এক উত্তম সুযোগ লাভ কৰিছে ।

উল্লেখ্য যে, বিগত সপ্তাহত ভাৰতে এছিয়া কাপত এক চমৎকাৰ বিজয় সাব্যস্ত কৰিছে । আনহাতে, ভাৰতীয় দলটো বৰ্তমান শক্তিশালী ফৰ্মত আছে । কিন্তু তাৰ মাজতো কিছু কিছু ক্ষেত্ৰত প্ৰদৰ্শন উন্নত কৰাৰ প্ৰয়োজন আছে, যাৰ সুবিধা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই শৃংখলাত লাভ কৰিব । ইফালে আঘাতৰ বাবে অক্ষৰ পেটেল দলৰ পৰা বাহিৰ হৈছে । তেওঁৰ ঠাইত ৰবিচন্দ্ৰন অশ্বিন আৰু ৱাশ্বিংটন সুন্দৰৰ অফ স্পিন যুটিৰ মাজত কোন ভাল বিকল্প হ'ব সেয়া চাবলৈ আকৰ্ষণীয় হ'ব । বেটিং ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাটোৱে শ্ৰেয়াছ আয়াৰ আৰু সূৰ্যকুমাৰ যাদৱক প্ৰভাৱ পেলোৱাৰ সুযোগ দিব ।

এছিয়া কাপৰ সময়ত শ্ৰেয়ছ আয়াৰ আঘাতৰ বাবে দলৰ পৰা বাহিৰ হৈছিল । এনে পৰিস্থিতিত তেওঁৰ ফিটনেছৰ ওপৰত এতিয়াও সন্দেহ আছে । আনহাতে, সূৰ্যকুমাৰ যাদৱে এতিয়ালৈকে এদিনীয়াত নিজৰ ফৰ্ম প্ৰমাণ কৰিব পৰা নাই । ৰোহিত শৰ্মাৰ অনুপস্থিতিত ঈশান কিষাণে শুভমন গিলৰ সৈতে ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে । ইফালে যদি দল মেনেজমেণ্টে মহম্মদ চিৰাজক বিশ্ৰাম দিয়ে, তেন্তে মহম্মদ ছামীয়ে খেলাৰ সম্ভাৱনা আছে ।

আনহাতে, অষ্ট্ৰেলিয়াই দক্ষিণ আফ্ৰিকাৰ হাতত ৩-২ ব্যৱধানত শৃংখলাত পৰাস্ত হৈ ভাৰতৰ মুখামুখী হ'ব । লগতে দলটোৰ কেইবাজনো খেলুৱৈ আঘাতৰ সৈতে যুঁজি আছে । সেয়েহে পূৰ্বৰ সৰ্বাধিকবাৰ চেম্পিয়ন দলটো বেকফুটত আছে । অৱশ্যে অষ্ট্ৰেলিয়াৰ বাবে ভাল খবৰটো হৈছে যে অধিনায়ক পেট কামিন্স আৰু ষ্টিভ স্মিথ শুকুৰবাৰে খেলপথাৰত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে । কিন্তু মিচেল ষ্টাৰ্ক আৰু গ্লেন মেক্সৱেল প্ৰথমখন মেচত দলত নাথাকিব । ইয়াৰ উপৰি, ছিন এবট, নাথান এলিছ, স্পেন্সাৰ জনছন আৰু এষ্টন এগৰেও সমস্যাৰ সৈতে যুঁজি আছে ।

ইয়াৰ উপৰি ট্ৰেভিছ হেডে তেওঁৰ বাঁওহাতত হোৱা ফ্ৰেকচাৰৰ বাবে আগন্তুক বিশ্বকাপৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা আছে । যাৰ ফলত মাৰ্নাছ লাবুছেন আৰু টিম ডেভিদে পৰিৱৰ্ত খেলুৱৈ হিচাপে নিজৰ ৫০ অ'ভাৰৰ অৰ্হতা প্ৰদৰ্শন কৰাৰ উত্তম সুযোগ লাভ কৰিব । উল্লেখ্য যে, ভাৰত বনাম অষ্ট্ৰেলিয়াৰ এই এদিনীয়া শৃংখলাক বিশ্বকাপৰ বাবে প্ৰস্তুতিৰ এক আদৰ্শ মঞ্চ হিচাপে বিবেচনা কৰা কামিন্স আৰু স্মিথৰ প্ৰত্যাৱৰ্তনৰ দ্বাৰা অষ্ট্ৰেলিয়া শক্তিশালী হৈছে । য'ত তেওঁলোকৰ আঘাতৰ পৰা উভতি অহাৰ পিছত প্ৰথম মেচৰ প্ৰতিদ্বন্দীও ভাৰত । আনহাতে, দক্ষিণ আফ্ৰিকাত একেৰাহে ৰাণ সংগ্ৰহ কৰাৰ পিছত জছ হেজলউড, এডাম জাম্পা আৰু মাৰ্কাছ ষ্টইনিছে মোহালিৰ ফ্লেট পিটছত এদিনীয়াৰ শীৰ্ষ ফৰ্মলৈ উভতি অহাৰ লক্ষ্য ৰাখিব ।

দুয়োটা দলৰ খেলুৱৈসকল

ভাৰত : কে এল ৰাহুল (অধিনায়ক আৰু উইকেটৰক্ষক), ৰবীন্দ্ৰ জাদেজা (সহ-অধিনায়ক), ৰিতুৰাজ গায়কোৱাড়, শুভমন গিল, শ্ৰেয়াছ আয়াৰ, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, ঈশান কিষাণ (উইকেটৰক্ষক), শাৰ্দুল ঠাকুৰ, ৱাশ্বিংটন সুন্দৰ, ৰবিচন্দ্ৰন অশ্বিন, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণা ।

অষ্ট্ৰেলিয়া : পেট কামিন্স (অধিনায়ক), ছিন এবট, এলেক্স কেৰী (উইকেটৰক্ষক), নাথান এলিছ, কেমেৰুন গ্ৰীণ, জছ হেজলউড, জছ এংলিছ, স্পেন্সাৰ জনছন, মাৰ্নাছ লাবুছেন, মিচেল মাৰ্শ, গ্লেন মেক্সৱেল, তনভিৰ সাংঘা, মেট শ্বৰ্ট, ষ্টিভ স্মিথ, মিচেল ষ্টাৰ্ক, মাৰ্কাছ ষ্টইনিছ, ডেভিদ ৱাৰ্ণাৰ, এডাম জাম্পা ।

লগতে পঢ়ক :India Australia ODI Series : মণিপুৰ ক্ৰিকেট সন্থাৰ প্ৰাক্তন সচিব এছ প্ৰিয়ানন্দক বিচিচিআইৰ মেচ পৰ্যবেক্ষক নিযুক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.